গুৱাহাটী, ৩ মাৰ্চ, ২০২৬ : জুবিন গাৰ্গৰ (Zubeen Garg) হত্যাৰ গোচৰক লৈ সোমবাৰে অনুষ্ঠিত শুনানিত আদালতে মূল অভিযুক্ত শ্যামকানু মহন্তৰ বেংক একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিয়াৰ পাছতেই বিষয়টোক লৈ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে অসম জাতীয় পৰিষদে৷ এক প্ৰেছবাৰ্তাত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘‘জাতীয় জীৱনৰ মহানায়ক জুবিন গাৰ্গ ডাঙৰীয়াৰ ন্যায়ক লৈ এই চৰম ব্যর্থতাৰ দায়িত্ব কোনে ল’ব? জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ শুনানিত আজি আদালতে মূল অভিযুক্ত শ্যামকানুৰ বেংক একাউণ্ট খুলি দিয়াৰ নিৰ্দেশ দিলে। আদালতে স্পষ্ট কৰিলে-বেংক একাউণ্ট ফ্ৰীজ কৰাৰ ক্ষেত্ৰত বিধি মানি চলা হোৱা নাছিল। আৰক্ষীয়ে BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল। ইয়াৰ পূৰ্বে আন এজন অভিযুক্ত সিদ্ধাৰ্থৰ পানীৰ কোম্পানী খুলি দিবলৈ আদালতে নিৰ্দেশ দিছিল৷ অৰ্থাৎ অভিযুক্তসকলক মুকলি কৰি আনিবলৈ প্ৰস্তুতি চলাই থকা হৈছে নেকি?’’
লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই লগতে কয়, ‘‘আৰক্ষীয়ে BNSSৰ ধাৰা ১০৭ মানি চলা নাছিল বাবে শ্যামকানুৰ একাউণ্ট খুলি দিবলৈ নিৰ্দেশ দিলে৷ এয়া সাধাৰণ ভুল নহয়, এয়া তদন্ত প্ৰক্ৰিয়াৰ চূড়ান্ত ব্যর্থতা। অসমৰ গৃহ বিভাগৰ দায়িত্ব যাৰ হাতত আছে, সেইজন হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ আৰক্ষী, তদন্ত, আইন-শৃংখলা-এই সকলো তেওঁৰ অধীনত। তেন্তে এই পদক্ষেপৰ দায় তেওঁ এৰাই চলিব নোৱাৰিব৷’’ শ্যামকানুৰ সৈতে ঘনিষ্ঠতা থকা বাবেই মুখ্যমন্ত্ৰীয়ে দৰদ দেখুৱাইছে নেকি বুলিও দলটোৱে প্ৰশ্ন কৰে৷ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘আইন নজনাকৈ SITয়ে তদন্ত চলাইছিল নেকি?
নে উদ্দেশ্যপ্ৰণোদিতভাৱে কাৰোবাক ৰেহাই দিবলৈ তদন্তৰ নামত নাটক চলিছিল? SITয়ে বিধি নামানিলে, তাৰ জবাবদিহিতা ক’ত? কিয় মৌন হৈ আছে SITৰ মুৰব্বী মুন্নাপ্ৰসাদ গুপ্তা ডাঙৰীয়া?’’
নেতাদ্বয়ে লগতে কয়, ‘‘আইনৰ ধাৰা মানি নচলাকৈ লোৱা পদক্ষেপে গোচৰটোক দুৰ্বল কৰিলে। এনে গাফিলতি বা চক্রান্তই কেৱল জুবিন গাৰ্গক ন্যায় প্ৰদানৰ প্ৰক্ৰিয়াক বাধাপ্ৰাপ্ত কৰাই নহয়, সমগ্ৰ ন্যায় ব্যৱস্থাটোকে অপমানিত কৰিছে৷ মুখ্যমন্ত্ৰীয়ে মৌন হৈ থাকিব নোৱাৰিব৷ ৰাজপথৰ ৰাজনৈতিক চাৰ্কাছ এৰি এই ঘটনাৰ দায়িত্ব ল’ব লাগিব মুখ্যমন্ত্ৰীয়ে, স্পষ্ট ব্যাখ্যা দিব লাগিব। মুখ্যমন্ত্ৰীয়ে এই ব্যৰ্থতাৰ দায়িত্ব স্বীকাৰ কৰক।’’ সভাপতি লুৰীণজ্যোতি গগৈয়ে কয়, ‘‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মনত ৰখা উচিত-জুবিন গাৰ্গৰ ন্যায় অসমৰ স্বাভিমানৰ প্ৰশ্ন। ইয়াত এচুুলিমানো আপোচ অসমীয়াই মানি নলয়৷ জুবিন গাৰ্গৰ বিচলিত পৰিয়ালটো আৰু অসমবাসীৰ ধৈৰ্যৰ পৰীক্ষা নল’ব৷’’
