গুৱাহাটী, ৯ নৱেম্বৰ, ২০২৪ : মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা (Himanta Biswa Sarma) আৰু সাংসদ ৰকিবুল হুছেইনে ইজনে সিজনৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগ আৰু প্ৰতি অভিযোগৰ তদন্ত দাবী কৰিছে অসম জাতীয় পৰিষদে। দলটোৰ মতে, এসময়ৰ দুই ঘনিষ্ঠ বন্ধু তথা সতীৰ্থ হিচাপে ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে ইজনে সিজনৰ বিষয়ে ভালকৈ জানে। যিহেতু দুয়োজনে এজনে আনজনৰ বিষয়ে অভিযোগ তুলিছে আৰু যিহেতু অভিযোগবোৰ সত্য হোৱাৰ থল আছে, সেয়ে ইয়াৰ সঠিক তদন্ত হ’লে বিগত দিনত চাকৰি প্ৰদানৰ নামত সংঘটিত হোৱা অনিয়মবোৰ পোহৰলৈ আহিব বুলি দাবী কৰিছে অসম জাতীয় পৰিষদে।
এক প্ৰেছ বিজ্ঞপ্তিত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, “২০০১ চনৰ পৰা ২০১৪ চনলৈ চৰকাৰত থকা দুজন সতীৰ্থ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনে চাকৰি প্ৰদানৰ নামত তেওঁলোকে পূৰ্বে কৰা দুৰ্নীতি সন্দৰ্ভত আৰম্ভ কৰা অভিযোগ- প্ৰতিঅভিযোগত কিছুমান ভয়ংকৰ সত্য পোহৰলৈ আহিছে। সেইখিনি গুৰুত্বপূৰ্ণ আৰু ভয়াবহ। কিয়নো তেওঁলোকৰ বক্তব্য সমূহ যদি সত্য হয়, তেন্তে সেই ১৫ বছৰীয়া শাসন কালত অসমৰ লক্ষ লক্ষ অৰ্হতা সম্পন্ন আৰু যোগ্য নিবনুৱা যুৱক-যুৱতীক প্ৰতাৰণা কৰা হৈছিল। মুখ্যমন্ত্ৰীৰ অভিযোগ আছিল, ৰাজ্যিক গৃহমন্ত্ৰী হৈ থাকোতে ৰকিবুল হুছেইনে অবৈধভাৱে আৰক্ষীত নিযুক্তি দিছিল আৰু এই উপ-নিৰ্বাচনৰ পিছত বিষয়টো তদন্ত কৰা হ’ব। আনহাতে সাংসদ ৰকিবুল হুছেইনৰ প্ৰতিঅভিযোগ হ’ল, সেই সময়ৰ শিক্ষামন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বাসভৱনতে তেখেতৰ অনুগত ইংৰাজী ‘আৰ’ আখৰেৰে নাম আৰম্ভ হোৱা এজন ব্যক্তিয়ে চাকৰিৰ বজাৰ পাতিছিল। অ’ এম আৰ শ্বীট ব্যৱহাৰ হোৱা পৰীক্ষাত অৱতীৰ্ণ হোৱা প্ৰাৰ্থীসকলে নিজৰ কলমটোৰে সৈতে নিজৰ অ’ এম আৰ শ্বীটখন উক্ত ‘আৰ’ আখৰেৰে নাম আৰম্ভ হোৱা ব্যক্তিজনৰ হাতত জমা দিছিল। ফলত উক্ত প্ৰাৰ্থীসকলে অবৈধ উপায়েৰে চাকৰি পাইছিল। হিমন্ত বিশ্ব শৰ্মা শিক্ষামন্ত্ৰী হৈ থাকোতে জালুকবাৰীৰ ১০০ জন প্ৰাৰ্থীৰ ৯৯ জনেই অবৈধ উপায়েৰে চাকৰি পাইছিল বুলি ৰকিবুল হুছেইনে অভিযোগ কৰিছে। আনকি এ পি এছ চিৰ পৰীক্ষাত হিমন্ত বিশ্ব শৰ্মাই নিজৰ প্ৰাৰ্থীৰ তালিকা আগবঢ়াইছিল বুলি কৈ ৰকিবুল হুছেইনে এইবুলিও অভিযোগ কৰে যে এ পি এছ চিৰ তদন্তৰ সময়ত নিজৰ তালিকা সম্পৰ্কীয় কাগজবোৰ হিমন্ত বিশ্ব শৰ্মাই লুকুৱাইছিল।”
জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, “আমি আৰম্ভণিৰে পৰা কৈ আহিছো যে অসমত চাকৰি প্ৰদানৰ ক্ষেত্ৰত অনিয়ম হৈ আহিছে। টেটৰ চাকৰিৰ পৰা আৰম্ভ কৰি শেহতীয়া চাকৰিবোৰলৈ ওপৰৰ মানুহসকলে ‘নিজৰ মানুহ’ক চাকৰি দিয়াৰ ব্যাপক অভিযোগ আছে। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে চাকৰিৰ ক্ষেত্ৰত ব্যাপক নিয়ম উলংঘাৰ তথ্য আমি সংবাদ মেলৰ জৰিয়তে প্ৰকৈশ কৰিছিলো। অকল জালুকবাৰী সমষ্টিতে অনিয়মেৰে চাকৰি পোৱা ১০ জনৰ নাম-ঠিকনা-পদসহ আমি অনিয়মৰ তথ্য আমি দাঙি ধৰিছিলো।” এতিয় দুই পুৰণি বন্ধুৰ মুখ চুপতা-চুপতিত ৰাইজে জনা অথচ প্ৰমাণ নথকা চাকৰিৰ অনিয়মৰ উক্ত সত্য উন্মোচিত হোৱা বুলি উল্লেখ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে কয়, “হিমন্ত বিশ্ব শৰ্মা আৰু ৰকিবুল হুছেইনৰ এই অভিযোগ আৰু প্ৰতিঅভিযোগসমূহ ভয়াৱহ আৰু এই প্ৰক্ৰিয়াৰ দ্বাৰা অসমৰ লক্ষ লক্ষ অৰ্হতাসম্পন্ন নিবনুৱা যুৱক যুৱতীক প্ৰতাৰণা কৰাৰ কথাটো তেওঁলোকে নিজ মুখেৰে প্ৰকাশ কৰাটো তাৎপৰ্য্যপূৰ্ণ। এই ৰাজনৈতিক অভিযোগ- প্ৰতিঅভিযোগসমূহৰ নিৰপেক্ষ তদন্তৰ দাবী জনালো।”