গুৱাহাটী, ৩০ মাৰ্চ, ২০২৫ : সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ মুক্তিক আদৰণি জনাইছে অসম জাতীয় পৰিষদে (Assam Jatiya Parishad)। গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত নতুন অধ্যায় হৈ ৰ’ল এই সংগ্ৰাম বুলি মন্তব্য অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈৰ। এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে অসম জাতীয় পৰিষদৰ সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব বুলি হুংকাৰ আঞ্চলিক ৰাজনৈতিক দলটোৰ।
শনিবাৰে কাৰাগাৰৰ পৰা মুকলি আকাশৰ তললৈ আহে সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰ। সাংবাদিকগৰাকীৰ মুক্তিক আদৰণি জনাই অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই কয়, ‘এয়া ন্যায় আৰু সততাৰ জয়। আমি অসম জাতীয় পৰিষদে গুৱাহাটী প্ৰেছ ক্লাবকে ধৰি ৰাজ্যৰ সকলো সাংবাদিক, নাগৰিক সমাজ, বিভিন্ন সংগঠন আৰু গণতন্ত্ৰপ্ৰেমী নাগৰিকলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।’
নেতাদ্বয়ে কয়, ‘অসম জাতীয় পৰিষদৰ ভাতৃ সংগঠন জাতীয় যুৱ শক্তিয়ে এপেক্স বেংকৰ দুৰ্নীতিৰ বিৰুদ্ধে কৰা আন্দোলনৰ কাৰ্যসূচীত বেংকটোৰ পৰিচালন সঞ্চালকক প্ৰশ্ন কৰি কাৰাৰুদ্ধ হ’বলগীয়া হোৱা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰৰ এই ত্যাগ আমাৰ দল সংগ্ৰামী যাত্ৰাত উল্লেখযোগ্য সংঘটন হৈ ৰ’ব। দলৰ প্ৰতিগৰাকী জাতীয় সেৱকে দিলৱাৰ হুছেইনৰ এই ত্যাগক কৃতজ্ঞতা জনাইছে। এই ন্যায়ৰ সংগ্ৰামত ঐক্যবদ্ধ হৈ ৰাজ্যৰ সাংবাদিকসকলে যি নিদৰ্শন দাঙি ধৰিলে, ইয়ে স্বেচ্ছাচাৰী শাসকৰ বাবে চৰম পৰাজয় হিচাপে বিবেচিত হৈছে। গণতন্ত্ৰ ৰক্ষাৰ যুঁজখনত নতুন অধ্যায় হৈ ৰ’ল এই সংগ্ৰাম।’
অনাগত দিনতো গণতান্ত্ৰিক প্ৰমূল্য অক্ষুণ্ণ ৰক্ষাৰ বাবে অসমবাসীক ঐক্যবদ্ধভাৱে যুঁজ দিবলৈ আহ্বান জনাই লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয়, ‘গণতন্ত্ৰৰ পক্ষে আৰু অন্যায়-অনীতিৰ বিৰুদ্ধে সাংবাদিকৰ সংগ্ৰামৰ লগত আমি আছোঁ আৰু থাকিম। একেসময়তে চৰকাৰৰ বিভিন্ন দুৰ্নীতি-কেলেংকাৰীৰ বিৰুদ্ধে আমি চলোৱা সংগ্ৰামতো সাংবাদিককে ধৰি সকলো শ্ৰেণীৰ নাগৰিকৰ সহযোগিতা আমি কামনা কৰিছোঁ। এতিয়াৰে পৰা এপেক্স বেংকৰ কেলেংকাৰীৰ বিৰুদ্ধে অজাপৰ সংগ্ৰাম আৰু অধিক তীব্ৰতৰ কৰি তোলা হ’ব।’