গুৱাহাটী, ১৬ ছেপ্টেম্বৰ : দেওবাৰে অনুষ্ঠিত হৈ যোৱা তৃতীয় আৰু চতুৰ্থ বৰ্গৰ বাচনি পৰীক্ষাত (Third and Forth Grade Examination) ব্যাপক অনিয়ম সংঘটিত হোৱাৰ অভিযোগ তুলিছে অসম জাতীয় পৰিষদে।দলৰ কাৰ্যালয়ত অনুষ্ঠিত কৰা এখন সংবাদ মোলত দলৰ মুখপাত্ৰ অমিতাভ বৰঠাকুৰ আৰু জিয়াউৰ ৰহমানে কয় যে চৰকাৰী বৰমুৰীয়াসকলে তেওঁলোকৰ পচন্দৰ বা বন্দোৱস্তি থকা প্ৰাৰ্থীক উত্তীৰ্ণ কৰোৱাৰ উদ্দেশ্যে উক্ত অনিয়মবোৰ সংঘটিত কৰিছে। ইয়াৰ দ্বাৰা চৰকাৰে প্ৰাৰ্থীসকলৰ অধিকাৰ হৰণ কৰাৰ লগতে সাধাৰণ নাগৰিককো হাৰাশাস্তি কৰিছে।
নেতাদ্বয়ে কয় যে হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰে অনুষ্ঠিত কৰা প্ৰথমটো পৰীক্ষাতে ব্যাপক অনিয়ম তথা বিসংগতি সংঘটিত হোৱা বুলি জাতীয় পৰিষদে অভিযোগ কৰিছিল। তেতিয়া মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অনিয়মৰ প্ৰমাণ দিবলৈ প্ৰত্যাহ্বান জনাইছিল। অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে সেইবাৰ অকল মুখ্যমন্ত্ৰীৰ জালুকবাৰী সমষ্টিৰে ৮ গৰাকী চাকৰি পোৱা ব্যক্তিৰ নাম-ঠিকনা, ৰোল নম্বৰ, নিযুক্তি পোৱা পদৰ নাম তথা কাৰ্যালয়ৰ ঠিকনা সম্বলিত বিস্তৃত তথ্য সংবাদ মেলৰ জৰিয়তে ৰাজহুৱা কৰিছিল। তেনে প্ৰাৰ্থীয়ে আনকি ৫৪ বছৰ বয়সতো কেনেকৈ চৰকাৰী চাকৰি লাভ কৰিছিল, তাৰ তথ্যও ৰাজহুৱা কৰিছিল। কিন্তু সেইসকলক চাকৰিৰ পৰা বৰ্খাস্ত কৰাটো দূৰৰে কথা, সেই বিষয়ে মুখ্যমন্ত্ৰীয়ে মৌন ব্ৰত ধাৰণ কৰি খেলিমেলি হোৱাৰ কথা আওপকীয়াকৈ স্বীকাৰ কৰি লৈছিল।
তাৰ পাছত বিজেপি চৰকাৰৰ পৃষ্ঠপোষকতাত স্বয়ং বিজেপিৰ ৰাজ্যিক কাৰ্যালয় বাজপেয়ী ভৱনত চাকৰিৰ মুকলি বজাৰ বহাৰ তথ্য উন্মোচিত হয়। বাজপেয়ী ভৱনৰ অভ্যন্তৰৰ কেইবাগৰাকী লোক গ্ৰেপ্তাৰ হোৱাৰ লগতে বিজেপিৰ এগৰাকী ৰাজ্যিক পৰ্যায়ৰ মহিলা বিষয়ববীয়াই আত্মহত্যা কৰি চাকৰি প্ৰদানৰ অন্তৰালত চলা অনিয়মৰ তথ্য উন্মোচন কৰি দিয়ে। এইবাৰ পুনৰ চাকৰি প্ৰদানৰ নামত ব্যাপক অনিয়ম সংঘটিত হোৱা বুলি অভিযোগ কৰি জাতীয় পৰিষদৰ নেতাদ্বয়ে প্ৰথমে কালিৰ পৰীক্ষাতৰ নিৰাপত্তা তালাচীৰ নামত বহু মহিলা প্ৰাৰ্থীক কৰা হাৰাশাস্তিৰ ঘটনাক গৰিহণা দিয়ে। নেতাদ্বয়ে কয় যে পৰীক্ষাত ব্যৱহৃত অ’ এম আৰ শ্বীটত পৰীক্ষাতৰ্থীৰ নাম আৰু ফটো ব্যৱহাৰৰ কাৰ্য্য চিন্তাজনক। কিয়নো যিকোনো গুৰুত্বপূৰ্ণ পৰীক্ষাত পৰীক্ষাৰ্থীৰ সৈতে পক্ষ্যপাতিত্ব বা নাশকতা প্ৰতিৰোধৰ স্বাৰ্থত উত্তৰবহী বা অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ পৰিচয়সূচক তথ্য উল্লেখ কৰাৰ নিয়ম নাই। সাধাৰণ মেট্ৰিক পৰীক্ষাৰ পৰা আৰম্ভ কৰি ইউ পি এছ ছিৰ দ্বাৰা পৰিচালিত সৰ্বোচ্চ পৰীক্ষালৈকে এই নিয়ম প্ৰযোজ্য। উক্ত সকলো পৰীক্ষাতে এডমিট কাৰ্ডত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো প্ৰকাশ কৰাৰ নিয়ম। সেয়ে কালিৰ পৰীক্ষাৰ অ’ এম আৰ শ্বীটত পৰীক্ষাৰ্থীৰ নাম আৰু ফটো কিয় সংলগ্ন কৰা হ’ল সেয়া ৰহস্যজনক।
আনহাতে পৰীক্ষা দি প্ৰশ্নকাকত লগত লৈ অহাটো।পৰীক্ষাৰ্থীসকলৰ অধিকাৰ বুলি উল্লেখ কৰি দলটোৰ মুখপাত্ৰ জিয়াউৰ ৰহমানে কয় যে চি বি এছ ছি বনাম আদিত্য বন্দোপাধ্যায় গোচৰত উচ্চতম ন্যায়লয়ে এই কথা কৈছে। কিন্তু চৰকাৰে বৰ্তমানে পাতি থকা পৰীক্ষাসমূহত পৰীক্ষাৰ্থীসকলৰ পৰা প্ৰশ্নকাকতসমূহ ৰাখি থোৱা হয়। তেতিয়া পৰীক্ষাৰ্থী এজনে কি পৰীক্ষা দিছে বা কি কি লিখিছে, সেইটো মিলাই চোৱাৰ তেওঁৰ কোনো উপায় নাথাকে। এয়া স্পষ্টভাৱে পৰীক্ষাৰ্থীৰ অধিকাৰ হৰণ। নেতাদ্বয়ে কয় যে বিজেপি দল তথা চৰকাৰৰ বৰমুৰীয়াসকলে তেওঁলোকৰ নিজা প্ৰাৰ্থীসকলক চাকৰি দিয়াটো নিশ্চিত কৰিবলৈ এনে অনিয়ম সংঘটিত কৰাটো স্পষ্ট হৈছে। অৰ্থাৎ তেওঁলোকে যে নিকা উপায়েৰে উপযুক্তজনক চাকৰি দিব বিচৰা নাই, সেয়া কাৰো বুজিবলৈ বাকী নাই।
নেতাদ্বয়ৰ মতে, উপযুক্তজনক বঞ্চিত কৰি ‘নিজৰ মানুহক’ চাকৰি দিবলৈ পৰীক্ষাৰ ভেকোভাওনা পাতিছে চৰকাৰে। পূৰ্বৰ পৰীক্ষাৰসমূহত যেনেকৈ অনিয়মৰ জৰিয়তে বিজেপিৰ নেতাসকললৰ নিজৰ মানুহক চাকৰি দিছিল, এইবাৰো একেদৰে নিজৰ মানুহক চাকৰি দিবৰ বাবে আৰু এই কথাবোৰ যাতে ৰাইজে ধৰিব নোৱাৰে বা তাৰ বিৰুদ্ধে জনমত সৃষ্ঠি নহয়, সেই উদ্দেশ্যে পৰীক্ষাৰ এঘন্টা আগৰ পৰা এঘন্টা পাছলৈ সমগ্ৰ ৰাজ্যতে ইন্টাৰনেট কৰ্তন কৰি চৰতাৰে ৰাইজক হাৰাশাস্তি কৰাৰ লগতে ৰাইজৰ অধিকাৰো হৰণ কৰিছে। গতিকে এনে খেলিমেলিবোৰ পৰীক্ষা কৰিবলৈ উচ্চ ন্যায়ালয়ৰ তত্বাৱধানত এক ন্যায়িক তদন্ত ঘোষণা কৰিবলৈ দলৰ হৈ নেতাদ্বয়ে দাবী কৰে। তেওঁলোকে কয় যে চৰকাৰী কাম-কাজৰ ওপৰত ৰাইজৰ বিশ্বাস নাই। নিজৰ সন্দেহজনক কাৰ্য্যৰে চৰকাৰে নিজেই বিশ্বাসহীনতাৰ পৰিৱেশ সৃষ্টি কৰিছে। এনে পৰিৱেশ নাইকীয়া কৰিবলৈ ন্যায়িক তদন্তৰ প্ৰয়োজন বুলি নেতাদ্বয়ে কয়।