গুৱাহাটী, ৪ জুলাই, ২০২৫ : এইবাৰৰ গৰু চোৰৰ বৃত্তান্ত বিবৰি ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ (Prime Minister) পত্ৰ লিখিছে অসম জাতীয় পৰিষদে। দলটোৰ সভাতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই লগতে উক্ত সমগ্ৰ ঘটনাক্ৰমৰ চি বি আই তদন্তও দাবী কৰিছে আঞ্চলিক ৰাজনৈতিক দলটোৱে।বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰীলৈ প্ৰেৰণ কৰা এখন স্মাৰকপত্ৰত দলৰ সভাপতি আৰু সাধাৰণ সম্পাদকগৰাকীয়ে গীৰ গাই কেলেংকাৰীৰ সমগ্ৰ ঘটনাক্ৰম বৰ্ণনা কৰি কয় যে গৰুক ভাৰতীয় সংস্কৃতি আৰু পৰম্পৰাত মাতৃৰ সৈতে তুলনা কৰা হয়। অথচ সেই মাতৃ-তুল্য গৰুক লৈ কেলেংকাৰী সংঘটিত কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সাংগোপাংগোসকলে লজ্জাজনকভাৱে অধাৰ্মিক কাৰ্যত লিপ্ত হোৱাটো দুৰ্ভাগ্যজনক।

বৃহস্পতিবাৰে সংবাদমেলত আয়োজন কৰি জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে প্ৰধানমন্ত্ৰীলৈ পত্ৰ লিখাৰ বিষয়টো সদৰী কৰে। আনহাতে সংবাদমেলত সেই সময়ৰ ৰাজ্যৰ পশুপালন বিভাগৰ মন্ত্ৰী অতুল বৰাৰ ভূমিকাৰ ওপৰত প্ৰশ্ন উত্থাপন কৰি। লুৰীণজ্যোতি গগৈয়ে কয় যে গীৰ গাই কেলেংকাৰীৰ সমগ্ৰ বিষয়টোত মন্ত্ৰী অতুল বৰাৰ এটা গুৰুত্বপূৰ্ণ ভূমিকা আছে। কাৰণ নেচনেল ডায়েৰী ডেভেলপমেন্ট বোৰ্ড চমুকৈ এন ডি ডি বিৰ সৈতে অসম চৰকাৰৰ হৈ বুজাবুজিৰ চুক্তি স্বাক্ষৰ কৰিছিল পশুপালন বিভাগে, গীৰ গাই ক্ৰয়ৰ অৰ্ডাৰ দিছিল পশুপালন বিভাগে, ধন আদায় দিছিল পশুপালন বিভাগে। কিন্তু শেহতীয়া বিতৰ্কত বিভাগীয় মন্ত্ৰী অতুল বৰাক সমগ্ৰ বিতৰ্কৰ পৰা কৌশলেৰে আঁতৰাই ৰখা হৈছে। আনকি মন্ত্ৰীগৰাকী নিজেও মৌন হৈ আছে। গাখীৰ দিয়া গাই অনাৰ নামত হাল বোৱা গৰু কিয় অনা হ’ল, বিভাগীয় চুক্তি মতে অনা গৰু আদবাটৰ পৰা হৰলুকি হোৱাৰ বিষয়ে তেওঁৰ বিভাগ কিয় মৌন হৈ আছিল, গীৰ গাই অনাৰ পূৰ্বে উক্ত গাইৰ দ্বাৰা দুগ্ধ উৎপাদনৰ বাবে অসমৰ জলবায়ু উপযুক্ত হয় নে নহয়, সেইটো অধ্যয়ন কৰা হৈছিল নে নাই, এই প্ৰশ্নবোৰৰ উত্তৰ দিয়াৰ দায়িত্ব বিভাগীয় মন্ত্ৰী অতুল বৰাৰ।

জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে এটা তাৎপৰ্য্যপূৰ্ণ বিষয় উত্থাপন কৰি কয় যে এন ডি ডি বি কেন্দ্ৰীয় চৰকাৰৰ সমবায় মন্ত্ৰালয়ৰ অধীনস্থ প্ৰতিষ্ঠান আৰু কেন্দ্ৰীয় সমবায় মন্ত্ৰী হৈছে গৃহমন্ত্ৰী অমিত শ্বাহ। এন ডি ডি বিৰ অধ্যক্ষগৰাকীৰ অধ্যক্ষ ডঃ মীনেষ চন্দ্ৰ শ্বাহ কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ আত্মীয় বুলিও শুনা যায়। গতিকে অসমৰ জলবায়ু আৰু গীৰ গাইৰ দ্বাৰা দুগ্ধ উৎপাদনৰ বিজ্ঞানসন্মত অধ্যয়ন নকৰাকৈয়ে অমিত শ্বাহৰ ঘনিষ্ঠ মহলক সন্তুষ্ট কৰিবলৈ ৩০০ গীৰ গাই ক্ৰয়ৰ সিদ্ধান্ত লোৱা হৈছিল নেকি, সেইটোও এটা বিচাৰ্য বিষয়। উপযুক্ত তদন্ত হ’লে এনেবোৰ বহু প্ৰশ্নৰ উত্তৰ ওলাব বুলি লুৰীণজ্যোতি গগৈয়ে কয়। সংবাদমেলখনত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰ দি লুৰীণজ্যোতি গগৈয়ে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে তেজপুৰত ৩৫ বিঘা মাটি কিনা প্ৰসংগত কয় যে ইমানদিনে ৰাইজে মাটিখাইটি বুলি এগৰাকী মানুহৰ কথাহে কৈছিল, এতিয়া আন এগৰাকী মাটিখাইটি ওলাইছে। তেওঁ কয় যে এইটো আচৰিত নহয়নে যে কেইগৰাকীমান মন্ত্ৰীয়ে ধনৰ লালসাত পৰি নিজৰ পত্নীসকলক বদনামী কৰিবলৈ কুণ্ঠাবোধ কৰা নাই। মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ পত্নীয়ে কেৱল তেজপুৰতে নহয়, নলবাৰী জিলাৰ ঘগ্ৰাপাৰসহ বিভিন্ন ঠাইত বিঘাই বিঘাই মাটি কিনাৰ বাতৰি ওলায়ে আছে। এনে ইমানবোৰ সম্পত্তি সজ ধনেৰে নিশ্চয় ক্ৰয় কৰা নাই বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈয়ে প্ৰশ্ন উত্থাপন কৰে যে যিসময়ত ৰাজ্যৰ সাধাৰণ ৰাইজ নানান সমস্যাত ককবকাই আছে, যি সময়ত অসম এতিয়াও দৰিদ্ৰ ৰাজ্যৰে তালিকাত আছে, যিসময়ত আজিও অসম ভোকাতুৰ ৰাজ্য সূচাংকৰ একেবাৰে তলৰ ফালেহে আছে, তেনে সময়ত এই মন্ত্ৰীসকলে নামে বেনামে ইমান সম্পত্তি গঢ়াৰ প্ৰতিযোগতাত নামি বিবেক দংশনত নোভোগে নে?