গুৱাহাটী, ৫ ফেব্ৰুৱাৰী, ২০২৬ : ”মেঘালায়ৰ (Meghalaya) পূব জয়ন্তীয়া পাহাৰ জিলাৰ অবৈধ কয়লা খনিত অসমৰ কেইগৰাকীমান শ্ৰমিক আৱদ্ধ হৈ মৃত্যুমুখত পৰা ঘটনাটো কেৱল দুখজনকেই নহয়, ভয়ংকৰভাৱে চিন্তাজনক। কিয়নো এনে ধৰণৰ অবৈধ কাৰ্য্যৰ বিৰুদ্ধে ব্যাপক আন্দোলন-প্ৰতিবাদ আদি চলি থকা স্বত্বেও অসম, মেঘালয় আৰু অৰুণাচল প্ৰদেশ চৰকাৰ, উক্ত ৰাজ্যকেইখনৰ আৰক্ষী বিভাগ আৰু কেন্দ্ৰীয় চৰকাৰে এই ক্ষেত্ৰত একো ব্যৱস্থা গ্ৰহণ কৰা নাই। গতিকে বিষয়টোত চৰকাৰকেইখনৰ সততা আৰু দায়বদ্ধতাৰ ওপৰত সন্দেহ কৰাৰ থল আছে।” এই তাৎপৰ্য্যপূৰ্ণ মন্তব্য অসম জাতীয় পৰিষদৰ।

আজি এক প্ৰেছ বিজ্ঞপ্তিত দলটোৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই মেঘালয়ৰ ঘটনাত নিহত শ্ৰমিককেইজনৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰি কয় যে যোৱা বছৰৰ ৬ জানুৱাৰীৰ দিনা ডিমা হাচাও জিলাৰ ওমৰাংছ’ৰ ওচৰৰ তিনি কিলো আসাম কুৱাৰী এলেকাত অবৈধ ৰেট্ হোলত আৱদ্ধ হৈ কমেও ৯ গৰাকী শ্ৰমিক মৃত্যু মুখত পৰিছিল। উক্ত ঘটনাটো যি ঠাইত ঘটিছিল, সেয়া আছিল অসম-মেঘালয় সীমান্তৱৰ্তী, অসমৰ সীমাৰ ভিতৰত থকা এলেকা। কিন্তু আজি যি ঠাইত ঘটনাটো ঘটিছে, সেয়া উক্ত আসাম কুৱাৰীৰে নিকটৱৰ্তী, মেঘালয়ৰ সীমাৰ সীপাৰৰ উমতেহ নামৰ ঠাইত। ইয়াৰ পৰা অনুমান কৰিবলৈ সহজ যে সেই ঠাইবোৰত নামতহে ৰেট্ হোল মাইনিং বন্ধ কৰা হৈছে, কিন্তু প্ৰকৃততে ৰাইজৰ চকুত ধুলি দি তেনে অবৈধ কাৰ্য্যকলাপসমূহ বিৰামহীনভাৱে চলি আছে।

লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় যে অসমৰ লিডু, মাৰ্ঘেৰিটা আৰু কাৰ্বি আংলং তথা ডিমা হাছাও জিলাৰ কিছুমান ঠাইত ৰেট্ হোল মাইনিঙৰ জৰিয়তে অবৈধ কয়লা খনন, পৰিবহন, সৰবৰাহ, ছিণ্ডিকেট আৰু অবৈধ ধনৰ লেনদেন আদি চলি থকাৰ বিষয়ে অসম জাতীয় পৰিষদে স্থানীয় পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি তিনিওখন ৰাজ্যৰ আৰক্ষী সঞ্চালক প্ৰধান, মুখ্য্যমন্ত্ৰী, ৰাজ্যপালৰ উপৰি ভাৰতৰ প্ৰধান মন্ত্ৰী পৰ্য্যায়লৈকে তথ্য-প্ৰমাণসহ স্মাৰকপত্ৰ আদি দাখিল কৰি আহিছে। যোৱা বছৰৰ জানুৱাৰী মাহত অসম জাতীয় পৰিষদে কাৰ্বি আংলঙৰ কেইবা ঠাইত সংবাদ মাধ্যমক লগত লৈ অবৈধ ৰেট্ হোল মাইনিং চলি থকাৰ জীৱন্ত দৃশ্য ৰাইজ তথা চৰকাৰক উদঙাই দেখুৱাইছে। তাৰ পাছত ৰাজ্য চৰকাৰে অৱসৰপ্ৰাপ্ত ন্যায়াধীশ অনিমা হাজৰিকাৰ নেতৃত্বত ন্যায়িক তদন্ত আয়োগ গঠন কৰি দিয়ে যদিও আজিলৈকে আয়োগে প্ৰতিবেদনেই দাখিল নকৰিলে। ওমৰাংছু-কাণ্ডৰ বাবে ডিমা হাছাও জিলাৰ আয়ুক্ত, আৰক্ষী অধীক্ষক, স্থানীয় থানাৰ ভাৰপ্ৰাপ্ত বিষয়াৰ পৰা আৰম্ভ কৰি অসম খনি উন্নয়ন নিগম (এ এম ডি চি)ৰ তেতিয়াৰ পৰিচালন সঞ্চালক আনন্দ নটৰাজনলৈকে বহুকেইগৰাকী বিষয়াৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণৰ প্ৰয়োজনীয়তা থকা স্বত্বেও তেওঁলোকক আজিলৈকে জৱাবদিহি কৰা নহ’ল।

জাতীয় পৰিষদৰ সভাপতি আৰু সাধাৰণ সম্পাদকৰ মতে, উক্ত অবৈধ কয়লা খনন, সৰবৰাহ, পৰিবহন, অবৈধ ধনৰ লেনদেন দিছপুৰ, শ্বিলং, ইটানগৰেই নহয়, স্বয়ং দিল্লী দৰবাৰৰো আশীৰ্বাদ আছে। অন্যথায় ৰাইজৰ চকুৰ সন্মুখতে অবৈধ খনন আৰু সৰবৰাহ, অসমৰ ৰাষ্ট্ৰীয় ঘাইপথেৰে তাৰ পৰিবহন, অসমৰ মাটিত মুকলি ছিণ্ডিকেট আদি চলি থকা স্বত্বেও আৰক্ষী, পৰিবহন বিভাগ, কৰ বিভাগ কোনেও নেদেখাটো আশ্চৰ্য্যজনক। চৰকাৰ-প্ৰশাসন তথা আৰক্ষীৰ এনে ৰহস্যজনক নিৰৱতা-উগাসীনতা অব্যাহত থাকিলে এফালে দুৰ্নীতি-অনিয়মক নাকি লগোৱাটো সম্ভৱ নহয়; আৰু আনফালে এনেদৰেই পেটৰ তাড়নাত প্ৰত্যাহ্বানক আঁকোৱালি লোৱা শ্ৰমিক মৃত্যুৰ ধাৰাবাহিকতাও অব্যাহত থাকিব।