গুৱাহাটী, ৮ জানুৱাৰী, ২০২৪ : পুঠি-খলিহনাক গ্ৰেপ্তাৰ কৰি চৰকাৰে ৰাজ্যৰ অবৈধ কয়লাৰ (Coal) বৃহৎ বেহাক তিৰপালেৰে ঢকাৰ প্ৰয়াস চলোৱা বুলি অভিযোগ কৰিছে অসম জাতীয় পৰিষদে৷ জাতীয়তাবাদী আঞ্চলিক ৰাজনৈতিক দলটোৰ মতে, অসমত কয়লাৰ বেআইনী খনন, পৰিবহন, অবৈধ ধনৰ সৰবৰাহ আৰু ছিণ্ডিকেটৰ এক পৰ্বতসম দুৰ্নীতি-অনিয়ম খোদ দিছপুৰৰ পৃষ্ঠপোষকতাত সংঘটিত হৈ আহিছে, যিটো ডিমা হাচাও জিলাৰ উমৰাংছুৰ ঘটনাই আপোনা-আপুনি জনচক্ষুৰ সন্মুখত উদঙাই দিছে৷ গতিকে এক উচ্চ পৰ্য্যায়ৰ ন্যায়িক তদন্তৰ জৰিয়তে এই পৰ্বতসম দুৰ্নীতি-অনিয়মৰ গুৰি উদ্ধাৰ কৰাৰ প্ৰয়োজন৷
তাৎপর্য্যপূৰ্ণভাৱে, কয়লাৰ বেআইনী খনন, পৰিবহন আৰু অবৈধ ধনৰ সৰবৰাহৰ এই জঘন্য ঘটনাৰ সৈতে ৰাজ্যত সক্ৰিয় হৈ থকা ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট আৰু ষ্টাৰ চিমেন্টকে ধৰি কেইবাটাও চিমেন্ট কোম্পানীৰো নাম জড়িত হৈ পৰা বুলি অভিযোগ কৰি অসম জাতীয় পৰিষদে উক্ত চিমেন্ট কোম্পানীসমূহকো তদন্তৰ আওতালৈ অনাৰ দাবী তুলিছে৷ অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ আৰু সাধাৰণ সম্পাদক জগদীশ ভূঞাই এক প্ৰেছ বিজ্ঞপ্তিত কয় যে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে কয়লা খনন ভাৰতৰ উচ্চতম ন্যায়ালয় আৰু ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ উভয়ৰ দ্বাৰা নিষিদ্ধ এই কথা সকলোৰে জ্ঞাত৷ উক্ত নিষেধাজ্ঞা উলঙ্ঘা কৰি ৰাজ্য চৰকাৰৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া, কাৰ্বি আংলং, ডিমা হাচাও আদি জিলাত কয়লাৰ বেআইনী খনন, অসমৰ ৰাজপথসমূহৰ মাজেৰে তাৰ ব্যাপক পৰিবহন আৰু এই অবৈধ ব্যৱসায়ৰ বিনিময়ত উচ্চ পৰিমাণৰ অবৈধ ধনৰ লেনদেন-সৰবৰাহ আৰু ছিণ্ডিকেট চলাৰ বিষয়ে অসম জাতীয় পৰিষদসহ ৰাজ্যৰ প্ৰায়সমূহ দল-সংগঠন তথা সংশ্লিষ্ট এলেকাৰ ৰাইজে যোৱা দুই-তিনি বছৰ ধৰি কৈ আহিছে যদিও চৰকাৰ-আৰক্ষীয়ে বিষয়টো গাপ দি আহিছে৷’
লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই কয় চৰকাৰী পক্ষই অসমত ‘ৰেট হোল মাইনিঙ’ৰ জৰিয়তে কয়লা খনন হৈ থকাৰ কথাটো অস্বীকাৰ কৰি আহিছে৷ কিন্তু শেহতীয়াভাৱে উমৰাংছুৰ ঘটনাস্থলীৰ ফটো-ভিডিঅ’ই ‘ৰেট হোল মাইনিং’ হৈ থকাটো এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা অমান্য কৰাটো উন্মোচন কৰি দিছে৷ এনে অৱস্থাত চৰকাৰ-আৰক্ষীয়ে বিষয়টো গাপ দিয়াৰ উদ্দেশ্যে ডিমা হাচাও স্বায়ত্ব শাসিত পৰিষদৰ মুখ্য কাৰ্য্যবাহী সদস্য দেবলাল গাৰ্লোছাৰ পত্নীৰ আত্মীয় এজনক গ্ৰেপ্তাৰ কৰি এইটো বুজাব খুজিছে যে উক্ত ব্যক্তিজনেহে চৰকাৰ-আৰক্ষীৰ অজ্ঞাতে উক্ত ‘ৰেট হোল’ খনন চলাই আহিছিল৷ কিন্তু চৰকাৰ-প্ৰশাসন-আৰক্ষীৰ অজ্ঞাতে এই ভয়ঙ্কৰ দুঃসাহস কেনেকৈ সম্ভৱ৷ ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ নিষেধাজ্ঞা উলংঘা কৰাৰ দৰে দুঃসাহসিক অনিয়ম সংঘটিত হ’বলৈ দিয়া বাবে ডিমা হাচাওৰ জিলা আয়ুক্ত, আৰক্ষী অধীক্ষ আৰু জিলা বন বিষয়াৰ পৰা আৰম্ভ কৰি এই প্ৰক্ৰিয়াৰ সৈতে জড়িত বিভিন্ন পর্যায়ৰ সকলো চৰকাৰী দায়িত্বাধিকাৰীক গ্ৰেপ্তাৰ কৰি উক্ত সকলোকে তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন৷
আনহাতে, অসম খনি উন্নয়ন নিগম চমুকৈ এ এম ডি চিৰ সঞ্চালক নটৰাজন আনন্দকো গ্ৰেপ্তাৰৰ দাবী তোলে অসম জাতীয় পৰিষদে৷ দলৰ সভাপতি-সাধাৰণ সম্পাদকদ্বয়ে কয় যে আইন তথা বিধি অনুসৰি ৰাজ্যত কয়লা খনন আৰু বিক্ৰি তথা পৰিবহনৰ বিধগত এক্তিয়াৰ এ এম ডি চিৰ নাই৷ কিন্তু আশ্চর্য্যজনকভাৱে, এ এম ডি চিয়ে যোৱা তিনি বছৰে তিনিচুকীয়া জিলা, কাৰ্বি আংলং জিলা আৰু ডিমা হাচাও জিলাৰ বিভিন্ন ঠাইৰ কয়লা পৰিবহনৰ আনুষ্ঠানিক চালান ইছ্যু কৰি আহিছে৷ আনকি এ এম ডি চিয়ে ডালমিয়া চিমেন্ট, বিনয় চিমেন্ট আৰু ষ্টাৰ চিমেন্টকে ধৰি কেইবাটাও চিমেন্ট কোম্পানীক এক্তিয়াৰ বহিৰ্ভূতভাৱে কেইবা লাখ টন চিমেন্ট বিক্ৰি কৰিছে৷ এ এম ডি চিৰ সঞ্চালক নটৰাজন আনন্দেই এনে অনিয়ম সংঘটিত কৰাৰ আঁৰৰ মূল মানুহ বুলি উল্লেখ কৰি লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূঞাই নটৰাজন আনন্দকো তৎকালীনভাৱে গ্ৰেপ্তাৰৰ লগতে উল্লিখিত চিমেন্ট কোম্পানীসমূহকো তদন্তৰ আওতালৈ অনাৰ দাবী তোলে ৷
জাতীয় পৰিষদৰ নেতাদ্বয়ে বিয়াগোম অনিয়ম-কেলেংকৰাৰীৰ বাবে অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক দায়ী সাব্যস্ত কৰি কয় যে মুখ্যমন্ত্ৰীৰ অজ্ঞাতে বা সন্মতি অৱিহনে উচ্চতম ন্যায়ালয়ক অৱজ্ঞাৰে ইমান ভয়ঙ্কৰ দুঃসাহসিক অনিয়ম-কেলেঙ্কাৰী সংঘটিত কৰাটো সম্ভৱ নহয়৷ “মুখ্যমন্ত্ৰীৰ অজ্ঞাতে ডিমা হাছাও স্বায়ত্ব পৰিষদৰ কোনোবাই এই কাম কৰা বুলি মুখ্যমন্ত্ৰীয়ে কৈছে৷ কিন্তু জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকৰ অজ্ঞাতে ৰেট হোল মাইনিং, কয়লা সৰবৰাহ আৰু পৰিবহন কেনেকৈ সম্ভৱ হ’ব পাৰে? জিলা আয়ুক্ত বা আৰক্ষী অধীক্ষকে এইবোৰ মুখ্যমন্ত্ৰীক অৱগত কৰা নাছিল নেকি? যদি কৰা নাছিল, তেনেহ’লে তৎকালীনভাৱে জিলা আয়ুক্ত আৰু আৰক্ষী অধীক্ষকক মুখ্যমন্ত্ৰীয়ে গ্ৰেপ্তাৰৰ নির্দেশ দিয়ক। মুখ্যমন্ত্ৰীৰ অজ্ঞাতে এ এম ডি চিয়ে এক্তিয়াৰ বহিৰ্ভূতভাৱে তথা উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশক উলঙ্ঘা কৰি কেনেকৈ কয়লা খনন আৰু বিক্ৰি কৰিবলৈ ললে? যদি এ এম ডি চিৰ সঞ্চালকে মুখ্যমন্ত্ৰীক জনোৱা নাছিল তেনেহ’লে সঞ্চালক নটৰাজন আনন্দকো তৎকালীনভাৱে গ্ৰেপ্তাৰৰ নিৰ্দেশ দিয়ক মুখ্যমন্ত্ৰীয়ে৷ অন্যথায় এইটো আপোনা-আপুনি প্ৰমাণ হৈ যাব যে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাক অমান্য কৰি সমগ্ৰ অসমতে কয়লাৰ বেআইনী খনন, অবৈধ পৰিবহন আৰু সৰবৰাহৰ এই বৃহৎ কেলেংকাৰীৰ সৈতে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰ নিজে জড়িত হৈ আছে” বুলিও লুৰীণজ্যোতি গগৈ আৰু জগদীশ ভূ্ঞাই কয়৷