গুৱাহাটী : অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যা সমাধানৰ বাবে মুখ্যমন্ত্ৰীৰ পৰ্যায়ৰ দ্বিতীয়খন বৈঠক শুকুৰবাৰে গুৱাহাটীৰ অসম প্রশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত ৰাজ্য দুখনৰ সীমা সমস্যাৰ স্থায়ী সমাধানৰ উপায় উদ্ভাৱন তথা যুটীয়া নিৰীক্ষণৰ বাবে তিনিখন আঞ্চলিক সমিতি গঠনৰ বাবে দুয়ােখন ৰাজ্যই সিদ্ধান্ত গ্রহণ কৰে।

উল্লেখ্য যে যােৱা ২৩ জুলাই তাৰিখে শ্বিলঙত অনুষ্ঠিত প্রথমখন বৈঠকৰ পিছত শুকুৰবাৰে অনুষ্ঠিত এই বৈঠকত অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা আৰু মেঘালয়ৰ মুখ্যমন্ত্রী কনৰাড চাংমাৰ লগতে দুয়ােখন ৰাজ্যৰ মন্ত্ৰী পৰিষদৰ সদস্য তথা শীর্ষ আমােলাসকলে অংশগ্রহণ কৰে। বৈঠকত দুয়ােখন ৰাজ্যৰ তিনিগৰাকীকৈ কেবিনেট মন্ত্রী অধ্যক্ষতাত তিনিখন আঞ্চলিক সমিতি গঠনৰ সিদ্ধান্ত লােৱা হয়। এই সমিতিসমূহে বিবাদিত অঞ্চলসমূহ যুটীয়াভাৱে নিৰীক্ষণ কৰিব।

উল্লেখযােগ্য যে দুয়ােখন ৰাজ্যৰ মাজত সীমা নিৰ্দ্ধাৰণক লৈ মতানৈক্য থকা ১২ টা স্থানৰ ভিতৰত প্রথম পর্যায়ত ৬ টা স্থানৰ বিবাদ মীমাংসা কৰাৰ সিদ্ধান্ত লােৱা হয়। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ তৎপৰতাত ৰাজ্য দুখনৰ মাজৰ দীর্ঘদিনীয়া বন্ধুত্বৰ ভিত্তিত এনে সীমা বিবাদসমূহ সমাধানৰ বাবে পর্যায়ক্রমে পদক্ষেপ গ্রহণ কৰিবলৈও বৈঠকে সিদ্ধান্ত গ্রহণ কৰে। সীমাক লৈ মতানৈক্য থকা ৬ টা স্থানক ৩ টা অঞ্চলত বিভক্ত কৰা হৈছে। গঠন কৰিবলগীয়া আঞ্চলিক সমিতিসমূহে এই ৬ টা স্থান ক্রমে তাৰাবাৰী, গিজাং, বাখালপাৰা, পিলিংকাটা, ৰাতাচেৰা আৰু হাহিম যুটীয়াভাৱে পৰিদৰ্শন কৰিব।

এই সমিতিকেইখনক নেতৃত্ব দিবলগীয়া অসমৰ কেবিনেট মন্ত্রীসকল হৈছে জনসংযােগ মন্ত্রী পীযুষ হাজৰিকা, কৃষি মন্ত্রী অতুল বৰা আৰু পৰিবহন মন্ত্রী চন্দ্রমােহন পাটোৱাৰী। কেবিনেট মন্ত্রীসকলৰ উপৰি এই সমিতিত বিধায়ক, আমােলা আৰু ৰাইজৰ প্রতিনিধিসকলাে থাকিব। এই সমিতিসমূহে বিবাদিত স্থানসমূহ যুটীয়াভাৱে ভ্ৰমণ কৰি সংশ্লিষ্ট সকলাে পক্ষ আৰু গাঁওবুঢ়াসকলৰ সৈতে মত-বিনিময় কৰিব আৰু ৩০ দিনৰ ভিতৰত নিজৰ পৰামৰ্শাৱলীসহ প্রতিবেদন প্রস্তুত কৰিব।

টার্ম অৱ ৰেফাৰেঞ্চ হিচাপে এই সমিতিসমূহে নিজৰ প্রতিবেদন প্রস্তুতৰ ক্ষেত্ৰত বিবাদিত স্থানসমূহৰ ঐতিহাসিক প্রেক্ষাপট, নৃগােষ্ঠীয় বসতি, স্থানীয় জনসাধাৰণৰ ধাৰণা, প্রশাসনিক সূচলতা আৰু সমীপৱৰ্তিত আদি বিভিন্ন দিশ পর্যালােচনা কৰিব।বৈঠকৰ অন্তত এক যুটীয়া সংবাদমেল সম্বােধন কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই অসম আৰু মেঘালয়ৰ মাজৰ সীমা সমস্যাক লৈ হােৱা আলােচনাক অত্যন্ত ফলপ্রসূ বুলি অভিহিত কৰে, কিয়নাে দুয়ােখন ৰাজ্যই আকোৰগােজ মনােভাৱ এৰি পৰস্পৰৰ প্রতি সম্মান প্রদর্শনেৰে নিজৰ সীমা সমস্যাৰ সময়সাপেক্ষ সমাধানৰ বাবে আগবাঢ়ি আহিছে। এই প্রসংগত তেওঁ বৈঠকৰ ফলস্বৰূপে বিবাদমান ১২ টা স্থানৰ ভিতৰত প্রথম পর্যায়ত ৬ টা স্থানৰ বিবাদ মীমাংসৰ উদ্যোগ গ্রহণ কৰা হৈছে বুলি উল্লেখ কৰে।

তেওঁ লগতে কয় যে অসম আৰু মেঘালয় দুয়ােখন ৰাজ্য দীর্ঘদিনীয়া ঐতিহাসিক বান্ধোনেৰে বান্ধ খাই আছে। এই বন্ধুত্বক অধিক শক্তিশালী কৰাৰ বাবে এক উমৈহতীয়া কর্মসূচী গ্রহণ কৰিব পাৰিলে দুয়ােখন ৰাজ্যই দেশৰ বিকাশত উল্লেখযােগ্য অৰিহণা যােগাবলৈ সক্ষম হ’ব বুলিও তেওঁ আশা ব্যক্ত কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে মতপার্থক্য থাকিলেও দুয়ােখন ৰাজ্যই সৌহার্দ্যপূর্ণ আলাপ-আলােচনাৰ জৰিয়তে এই পার্থক্য হ্রাস কৰাৰ বাবে কাম কৰিব লাগিব। সীমা সমস্যাৰ বাস্তৱমুখী সমাধানৰ বাবে আকোৰগােজ মনােভাৱ এৰি নতুন কর্মপন্থা হাতত লােৱাৰ ক্ষেত্ৰতাে তেওঁ গুৰুত্ব আৰােপ কৰে। সংবাদ মেলত নিজৰ মত ব্যক্ত কৰি মেঘালয়ৰ মুখ্যমন্ত্রী কনবাড চাংমাই কয় যে মেঘালয়ে অসমৰ সৈতে সীমা সমস্যাৰ স্থায়ী সমাধান বিচাৰে আৰু এই দিশত ৰাজ্যখনৰ মনােভাৱ যথেষ্ট ইতিবাচক।

দুয়ােখন ৰাজ্যই পাৰস্পৰিক সন্মান প্রদর্শনেৰে সীমা সমস্যা সমাধানৰ বাবে মুকলি মনেৰে আলােচনাৰ বাবে আগবাঢ়ি অহাটো সময়ৰ দাবী বুলি তেওঁ মন্তব্য কৰে। বৈঠকৰ আলােচনাক অত্যন্ত গঠনমূলক বুলি অভিহিত কৰি তেওঁ কয় যে দুয়ােখন ৰাজ্যৰ পাৰস্পৰিক প্ৰগতিৰ বাবে এই সমস্যা বহু পূর্বেই সমাধান হ’ব লাগিছিল। সম্প্রতি দুয়ােখন চৰকাৰৰ বলিষ্ঠ ৰাজনৈতিক সদিচ্ছাৰ বাবে বর্তমান সেই পথ প্রশস্ত হৈছে বুলি তেওঁ উল্লেখ কৰে। ৰাজ্য চৰকাৰৰ মুখ্য সচিব জিষ্ণু বৰুৱাই আদৰণী ভাষণ প্রদান কৰা এই বৈঠকত ৰাজ্য চৰকাৰৰ সীমান্ত সুৰক্ষা আৰু উন্নয়ন বিভাগৰ প্ৰধান সচিব জি ডি ত্রিপাঠীয়ে অসমৰ বিষয়সমূহ সমৰি এক পাৱাৰপইন্ট প্রেজেন্টেশ্যনাে আগবঢ়োৱা হয়।