গুৱাহাটী, ২৩ এপ্ৰিল, ২০২৫ : মঙলবাৰে জম্মু-কাশ্মীৰৰ পেহেলগামত সন্ত্ৰাসবাদীয়ে নিৰীহ পৰ্যটক আৰু নাগৰিকৰ ওপৰত চলোৱা নৃশংস আৰু বৰ্বৰ আক্ৰমণৰ ঘটনাত অসম নাগৰিক সমাজৰ (Assam Nagarik Samaj) গৰিহণা। নিৰীহ লোকৰ ওপৰত সন্ত্ৰাসবাদীৰ এই আক্ৰমণৰ ঘটনাত অসম নাগৰিক সমাজৰ স্তম্ভিত আৰু হতচকিত হৈ পৰিছে। ইতিমধ্যে পেহেলগামৰ এই সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাত ২৭ গৰাকী লোকে প্ৰাণ হেৰুৱাইছে আৰু আন ভালেমান লোক গুৰুতৰভাৱে আহত হোৱা বুলি জানিব পৰা গৈছে।
সন্ত্ৰাসবাদীৰ এই নৃশংস আৰু বৰ্বৰ আক্ৰমণত নিহত আৰু আহত লোৱা লোকসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ অসম নাগৰিক সমাজে গভীৰ সমবেদনা জ্ঞাপন কৰিছে। সমাজৰ সকলো স্তৰৰ লোকে এনে ঘৃণনীয় কাৰ্যৰ তীব্ৰ নিন্দা কৰা উচিত বুলি কয় অসম নাগৰিক সমাজে। সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষক সকলৰ উদ্দেশ্য অতি স্পষ্ট। তেওঁলোকে কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক পৰিস্থিতি ঘূৰি অহাটো নিবিচাৰে। কিন্তু কোন এই সন্ত্ৰাসবাদীৰ পৃষ্ঠপোষকসকল ? এওঁলোক অকল সীমাৰ সিপাৰৰ লোক নে তেওঁলোকৰ লগত আন শক্তিও জড়িত হৈ আছে ? একে সময়তে, ইমান বেছিসংখ্যক পৰ্যটক থকা অঞ্চলত পৰ্যাপ্ত নিৰাপত্তাৰ ব্যৱস্থা কিয় লোৱা হোৱা নাছিল বুলিও বহুতে প্ৰশ্ন উত্থাপন কৰিছে ! এই সমগ্ৰ ঘটনাৰ পুংখানুপুংখ তদন্তৰ লগতে ঘটনাত জড়িত সকলোৰে বিৰুদ্ধে কঠোৰ শাস্তিমূলক ব্যৱস্থা ল’বলৈও অসম নাগৰিক সমাজে দাবী জনায়।
এইখিনিতে প্ৰশ্ন হয়, ৩৭০ অনুচ্ছেদ বাতিলৰ পিছত কাশ্মীৰ উপত্যকালৈ স্বাভাৱিক অৱস্থা ঘূৰি অহা বুলি কেন্দ্ৰৰ বিজেপি চৰকাৰে সদম্ভে কৰা দাবীৰ এতিয়া কি হ’ব ? কিয় এটাৰ পিছত এটাকৈ কাশ্মীৰ উপত্যকাত এতিয়াও এনে বৰ্বৰ সন্ত্ৰাসবাদী ঘটনা সংঘটিত হৈ আছে ? ইয়াৰ অৰ্থ এইটোৱেই যে কেন্দ্ৰীয় চৰকাৰে অশান্তি-জৰ্জৰ অঞ্চলটোত সন্ত্ৰাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ ক্ষেত্ৰত এতিয়ালৈকে হাতত লোৱা ব্যৱস্থাসমূহে আশানুৰূপ ফল দিয়া নাই। আমি ভাবোঁ, সন্ত্ৰাসবাদীক কঠোৰ হাতেৰে দমন কৰাৰ লগতে সন্ত্ৰাসবাদীক সাধাৰণ মানুহৰপৰা বিচ্ছিন্ন কৰাৰ প্ৰচেষ্টাও আন্তৰিকতাৰে চলোৱা উচিত বুলিও কয় অসম নাগৰিক সমাজে।