নিউজ ডেস্ক, ২১ ছেপ্টেম্বৰ, ২০২৫ : অসমৰ প্ৰতিভাবান বেডমিণ্টন খেলুৱৈ বৰ্ণিল আকাশ চাংমায়ে ৰাষ্ট্ৰীয় ছাব-জুনিয়ৰ প্ৰতিযোগিতাত সোণৰ পদক (Gold Medal) লাভ কৰাৰ বিপৰীতে একেখন প্ৰতিযোগিতাত অংশ লোৱা অসমৰ শান্তিপ্ৰিয়া হাজৰিকাই ব্ৰঞ্জ অৰ্জন কৰিবলৈ সক্ষম হৈছে৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি হাৰিয়ানৰ পঞ্চকুলাত যোৱা ১৩ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত য়’নেক্স ছানৰাইজ অশ্বিনী গুপ্তা সোঁৱৰণী সৰ্বভাৰতীয় ছাব-জুনিয়ৰ বেডমিণ্টন প্ৰতিযোগিতাখনৰ আজি সফল সামৰণি পৰিছে আৰু অসমৰ দুই প্ৰতিভাবান শ্বাটলাৰে পদক জয়ৰ সফলতাৰে চীনলৈ যাব লগীয়া ভাৰতীয় দলটো স্থান নিশ্চিত কৰিবলৈ সক্ষম হৈছে৷

উল্লেখ্য যে ল’ৰা তথা ছোৱালীৰ ১৫ আৰু ১৭ বছৰ অনূধ্বৰ্ৰ ৰাষ্ট্ৰীয় প্ৰতিযোগিতাখনত অসম সন্তান বৰ্ণিলে ১৭ বছৰ অনূধ্বৰ্ৰ একক শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰে৷ আজি হোৱা ফাইনেলত বৰ্ণিলে ৰাষ্ট্ৰীয় ৰেংকিঙৰ দ্বিতীয় স্থানৰ খেলুৱৈ জাগশ্বেৰ সিঙক ২১-১৭, ২১-১৯ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে৷ স্মৰ্তব্য যে স্বৰ্ণজয়ী বৰ্ণিলৰ প্ৰতিযোগিতাৰ পূৰ্বে ৰাষ্ট্ৰীয় ৰেংকিং আছিল দ্বাদশ৷ ইফালে, অসম কন্যা শান্তিপ্ৰিয়া ১৭ বছৰ অনূধ্বৰ্ৰ একক শাখাৰ স্বৰ্ণজয়ী ছাইনা মনিমথুৰ বিৰুদ্ধে ছেমিফাইনেলত ২১-১২, ২১-১৭ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰে৷ অসম বেডমিণ্টন সন্থাই উভয় খেলুৱৈক সফলতাৰ বাবে শুভেচ্চা জ্ঞাপন কৰিছে৷

ইফালে, অসম বেডমিণ্টন সন্থাৰ সভাপতি তথা ৰাজ্যৰ মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মা, সম্পাদক ওমৰ ৰছিদসহ সন্থাৰ সকলো বিষয়ববীয়াই সংগীত শিল্পী জুবিন গাৰ্গৰ মৃত্যুত শোকপ্ৰকাশ কৰিছে লগতে জনকণ্ঠ শিল্পীগৰাকীলৈ শ্ৰদ্ধাঞ্জলি জনাইছে৷