নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : পুনৰ দেশমাতৃৰ বাবে শ্বহীদ হ’ল অসম সন্তান সুনিল কলিতা। উল্লেখযোগ্য যে ২৮ মে’ত ঝাৰখণ্ডত মাওবাদী আই ই ডি বিস্ফোৰণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈ দিল্লীৰ এইমছত চিকিৎসাধীন হৈ আছিল সুনীল কলিতা আৰু চিকিৎসাধীন অৱস্থাতে বৃহস্পতিবাৰে নিশা মৃত্যু হয় বীৰ জোৱানজনৰ।

কমলপুৰৰ সুনিল কলিতাই মাত্ৰ দুমাহ পূৰ্বে নিজৰ বৈবাহিক জীৱন আৰম্ভ কৰিছিল। চি আৰ পি এফৰ ২০৯নং কোব্ৰা ৰেজিমেণ্টৰ জোৱান আছিল শ্বহীদ সুনীল কলিতা। সম্প্ৰতি সুনিল কলিতাৰ মৃত্যুৰ খবৰে পৰিয়ালৰ লগতে সমগ্ৰ অঞ্চলৰ উপৰি ৰাজ্যজুৰি শোকৰ ছা পেলাইছে। আজি বিয়লি বিশেষ বিমানেৰে গৃহভূমিলৈ অনা হ’ব শ্বহীদ সুনিল কলিতাৰ নশ্বৰদেহ।