নিউজ ডেস্ক, ৫ মে’, ২০২৫ : দেওবাৰৰ পৰা বিহাৰত (Bihar) আৰম্ভ হোৱা সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াত অসমৰ ছোৱালীৰ কাবাডী দলে গ্ৰুপৰ প্ৰথমখন মেচ ড্ৰ খেলাৰ বিপৰীতে ছোৱালীৰ ভলীবলত অসমে পৰাজয়ৰে অভিযান আৰম্ভ কৰিছে৷ ৰাজগিৰত অনুষ্ঠিত হোৱা কাবাডীত অসমৰ ছোৱালী দলে প্ৰথম মেচত আয়োজক বিহাৰৰ মুখামুখি হয়৷ তীব্ৰ উত্তেজনাপূৰ্ণ মেচখন ৩৩-৩৩ ত টাইৰূপে সমাপ্ত হয় আৰু উভয় দলে এক পইণ্টকৈ লাভ কৰে৷

উল্লেখযোগ্য যে পুল ‘বি’ত স্থান লাভ কৰা অসমৰ ছোৱালী কাবাডী দলটোৱে সোমবাৰে তামিলনাডুৰ আৰু মঙলবাৰে উত্তৰ প্ৰদেশৰ বিৰুদ্ধে খেলিব৷ গ্ৰুপৰ শীৰ্ষ দুটা দলে নকআউট ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ ইফালে, পাটনাত হোৱা ছোৱালীৰ ভলীবলৰ প্ৰথমদিনাৰ খেলত অসমক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰে ৰাজস্থানে৷ পুল ‘বি’ত স্থান লাভ কৰা অসমে সোমবাৰে গুজৰাটৰ তথা মঙলবাৰে কেৰালাৰ বিৰুদ্ধে খেলিব৷

এই গ্ৰুপৰ দেওবাৰে হোৱা খেলত গুজৰাটে ৩-১ ত কেৰালাক পৰাস্ত কৰে৷ উল্লেখ্য যে অংশগ্ৰহণকাৰী আঠটা দলক দুটা গ্ৰুপত ভাগ কৰা হৈছে৷ উভয় গ্ৰুপৰ শীৰ্ষ চাৰিটা দলে ছেমিফাইনেললৈ যোগ্যতা অৰ্জন কৰিব৷ উল্লেখ্য যে বিহাৰ আৰু নতুন দিল্লীত অনুষ্ঠিত সপ্তম খেলো ইণ্ডিয়া যুৱ ক্ৰীড়াৰ দেওবাৰে পাটনাত উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত হয়৷ সোমবাৰে গয়াত হ’বলগা গাটকা, মাল্লখম্ব আৰু সাঁতোৰত তথা পাটনাত হ’বলগা জুডোত অসমৰ খেলুৱৈয়ে অংশ ল’ব৷ ইফালে, নতুন দিল্লীত সোমবাৰৰ পৰা শ্বুটিং আৰম্ভ হ’ব৷