গুৱাহাটী, ১৮ ডিচেম্বৰ, ২০২৫ : ৫৫তম ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ইণ্ডিয়ান পেনোৰামা ২০২৪ (IFFI)কে ধৰি বহুকেইখন ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰশংসা বুটলিবলৈ সক্ষম হোৱা অসমীয়া পূৰ্ণদৈৰ্ঘ্যৰ ছবি ‘ৰ’দৰ পাখি’ (মৰ্নিং ছানশ্বাইন)ৰ নিৰ্মাতাসকলে ১৮ ডিচেম্বৰত ইয়াৰ টাইটেল ট্ৰেক “ৰ’দৰ পাখি” মুকলি কৰে। ড০ ববি শৰ্মা বৰুৱাৰ পৰিচালনাত নিৰ্মিত, লেখিকা শৰ্মিষ্ঠা প্ৰীতমৰ বাস্তৱ জীৱন যাত্ৰাৰ পৰা প্ৰেৰণা লাভ কৰা ‘ৰ’দৰ পাখি’ (মৰ্নিং ছানশ্বাইন) ছবিখনত তীব্ৰ শাৰীৰিক প্ৰত্যাহ্বানৰ মাজতো স্বাধীনভাৱে জীয়াই থকাৰ লগতে সপোনক বাস্তৱায়িত কৰাৰ সংকল্প আৰু অদম্য সাহসক প্ৰস্ফুটিত কৰি তোলা হৈছে। এয়াই ছবিখনৰ আৱেগিক মূল, য’ত কম বয়সতে স্পাইনেল মাছকুলাৰ এট্ৰফি ৰোগত আক্ৰান্ত হোৱা অসমৰ এগৰাকী উচ্চাকাংক্ষী লেখিকা জ্যোতি নামৰ মুখ্য চৰিত্ৰটোক লৈ সমস্ত কাহিনী আগবাঢ়ি যায়।
চলচ্চিত্ৰখনৰ নিৰ্মাতাসকলে তেওঁলোকৰ পূৰ্বৰ কামৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা (ৰজত কমল)ৰ উপৰিও একাধিক আন্তঃৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছে। সৌম্য শক্তি, ক্ষণভঙ্গুৰতা আৰু নতুন পুঁৱতিৰ আশাবাদ বিচ্ছুৰিত কৰা গীতটোক অসমৰ দুগৰাকী প্ৰশংসিত শিল্পী ৰূপম ভূঞা আৰু দীপলিনা ডেকাই কণ্ঠৰ যাদুৰে সন্মোহিনী ৰূপ প্ৰদান কৰিছে। প্ৰাঞ্জল কুমাৰ মহন্তৰ কলমেৰে নিগৰি অহা গীতৰ কথা আৰু ৰূপম ভূঞাৰ সুৰেৰে জীপাল হোৱা গীতটিৰ প্ৰাণময়তাই জ্যোতিৰ কাহিনীটোক এক উপযুক্ত সংগীতিক পৰিচয় দিবলৈ সক্ষম হৈছে।
গীতটিৰ মুক্তি সম্পৰ্কে পৰিচালিকা ড০ ববি শৰ্মা বৰুৱাই কয়, “গল্প এটাক আগবঢ়াই নিয়াৰ ক্ষেত্ৰত সংগীতৰ বিশিষ্ট ভূমিকাক নুই কৰিব নোৱাৰি। ছবিখনৰ আৱেগক প্ৰতিফলিত কৰা ‘ৰ’দৰ পাখি’ গীতটোৱে জ্যোতিৰ যাত্ৰা আৰু কাহিনীৰ বৃহত্তৰ মনোভাৱক সংজ্ঞায়িত কৰা ক্ষণভঙ্গুৰতা, অদম্যতা আৰু সৌম্য শক্তিক সংমিশ্ৰিত কৰিছে।”
বহুকেইখন স্বনামধন্য চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হোৱা ‘ৰ’দৰ পাখি’ (মৰ্নিং ছানশ্বাইন)য়ে ইয়াৰ স্পৰ্শকাতৰ কাহিনী কথন, শক্তিশালী অভিনয় আৰু জীৱন্ত বাস্তৱক সততা তথা সংযমৰ সৈতে চিত্ৰিত কৰাৰ বাবে ইতিবাচক সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে। ছবিখন ভাৰতীয় আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ-ইণ্ডিয়ান পেনোৰামা ২০২৪ত অফিচিয়েল ছিলেকশ্যন হিচাপে প্ৰদৰ্শিত হৈছে; তাৰোপৰি, ২১ সংখ্যক থাৰ্ড আই এছিয়ান চলচ্চিত্ৰ মহোৎসৱ; পুনে আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫; মেলবৰ্ণৰ ভাৰতীয় চলচ্চিত্ৰ মহোৎসৱ ২০২৫; ১১ সংখ্যক মোজাইক আন্তঃৰাষ্ট্ৰীয় দক্ষিণ এছিয়ান চলচ্চিত্ৰ মহোৎসৱ আৰু চিম্পোজিয়াম (এম আই এছ এফ এফ) ২০২৫ (প্ৰতিযোগিতা) আৰু বাংগালুৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ (ভাৰতীয় চিনেমা প্ৰতিযোগিতা)তো ছবিখনে সন্মান বুটলিবলৈ সক্ষম হৈছে।
আগশাৰীৰ ডিজিটেল সংগীত আৰু ভিডিঅ’ প্লেটফৰ্মত মুক্তি পোৱা এই গীতটোৰ আৱেগিক গভীৰতা আৰু গীতিময় সংবেদনশীলতাই দৰ্শকৰ মাজত গভীৰ অনুৰণন ঘটাব বুলি আশা কৰা হৈছে। বসন্ত কুমাৰ বৰুৱা, ড০ ববি শৰ্মা বৰুৱা আৰু সুলক্ষণা বৰুৱাৰ দ্বাৰা প্ৰযোজিত ‘ৰ’দৰ পাখি’ (মৰ্নিং ছানশ্বাইন)ৰ মূল চৰিত্ৰত সুলক্ষণা বৰুৱা, কমল লোচন, অৰুণ নাথ আৰু বীণা পটংগীয়াই অভিনয় কৰিছে।
২০২৬ চনত ছবিগৃহত মুক্তি পাবলগীয়া ছবিখনৰ বাবে ড০ ববি শৰ্মা বৰুৱাৰ নেতৃত্বত কাহিনী, চিত্ৰনাট্য, সাজ-সজ্জা, অভিনয়, প্ৰডাকচন ডিজাইন, পৰিচালনা আদি চম্ভালি লোৱা এক শক্তিশালী সৃষ্টিশীল আৰু কাৰিকৰী দল একত্ৰিত কৰা হয়। চিনেমেট’গ্ৰাফী চুমন দুৱৰাৰ আৰু সম্পাদনা ৰাতুল ডেকাৰ। ছবিখনৰ ডিজিটেল ইণ্টাৰমিডিয়েট (ডি আই) মুম্বাইৰ প্ৰসাদ ফিল্ম লেবছত বৈভৱ ৱামানে সম্পূৰ্ণ কৰাৰ বিপৰীতে ছাউণ্ড ডিজাইন কৰিছে ৰুক্মজিৎ বৰুৱাই। পুনঃ ৰেকৰ্ডিং আৰু ফাইনেল মিক্স দেৱব্ৰত চলিহা আৰু মনোজ ছিক্কছ্ৰ দ্বাৰা সম্পাদন কৰা হৈছে।
ছবিখনৰ ভিজুৱেল ইফেক্ট সম্পাদিত কৰিছে তৰুনাভ দত্ত আৰু দীপজ্যোতি সন্দিকৈয়ে, নেপথ্য সংগীতৰ আঁৰত আছে ৰূপম ভূঞা আৰু ৰাকেশ বড়ো। উদয় ভাস্কৰ পাটৰে মুখ্য সহকাৰী পৰিচালকৰ দায়িত্ব গ্ৰহণ কৰাৰ বিপৰীতে ক্ৰিয়েটিভ ডিৰেক্টৰ হিচাপে ক্রিষ্টোফ থোকে আৰু প্ৰডাকচন মেনেজাৰ হিচাপে অসীম শইকীয়াই কাৰ্যভাৰ গ্ৰহণ কৰিছে।
