গোলাঘাট, ১৭ নৱেম্বৰ,২০২৪ : অপেক্ষাৰ অন্ত পেলাই কালি সংগীত নাটক অকাডেমী (Sangeet Natak Acadami) ৰত্ন সন্মানেৰে বিভূষিত বিশিষ্ট সাংস্কৃতিক কৰ্মী দুলাল ৰয়ক প্ৰদান কৰা হ’ল চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা-২০২৪। গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাস মহোৎসৱত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বিশিষ্ট সাংস্কৃতিক কৰ্মীগৰাকীলৈ অসমৰ সমাজ জীৱন তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেখেতে আগবঢ়োৱা অৱদানৰ বাবে এই সন্মান আগবঢ়োৱা হয়। গোলাঘাটৰ জিলা আয়ুক্ত পুলক মহন্ত, নাট্যকৰ্মী মৃণাল বৰাৰ লগতে প্ৰয়াত চিন্ময় দত্তৰ পৰিয়ালৰ সদস্য আৰু বহু সংখ্যক নাট্যকৰ্মী, বিশিষ্ট ব্যক্তি তথা হাজাৰ হাজাৰ দৰ্শকৰ উপস্থিতিত বঁটা প্ৰদান কাৰ্যসূচী সম্পন্ন হয়।

উল্লেখ্য যে, প্ৰতিবছৰে শিল্প-সংস্কৃতি তথা বিভিন্ন ক্ষেত্ৰলৈ বৰঙণি আগবঢ়োৱা একো একোগৰাকী বৰেণ্য ব্যক্তিক চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদান কৰি অহা হৈছে। ইতিমধ্যে বিশিষ্ট অভিনেতা মৃদুলা বৰুৱা, অৰুণ হাজৰিকা, আউনিআটী সত্ৰৰ সত্ৰাধিকাৰ ড০ পীতাম্বৰ দেৱ গোস্বামী, অতুল পাচনি, মাধুৰিমা চৌধুৰীৰ লগতে মলয়া গোস্বামীক এই বঁটা প্ৰদান কৰা হৈছে। উল্লেখ্য যে, চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটা প্ৰদানৰ ক্ষেত্ৰত বঁটা প্ৰাপক বাচনিৰ প্ৰক্ৰিয়াটো তদাৰক কৰে বহুকেইগৰাকী বিশিষ্ট শিল্পী, শিক্ষাবিদ তথা বিশিষ্ট নাগৰিকেৰে গঠিত জুৰীয়ে। যশস্বী চলচিত্ৰ পৰিচালক তথা সাংস্কৃতিক কৰ্মী দীনেশ গগৈৰ অধ্যক্ষতাত গঠিত জুৰীয়ে চিন্ময় ৰঞ্জন দত্ত সোঁৱৰণি শিল্পী বঁটাৰ বাবে এইবৰ্ষত দুলাল ৰয়ক নিৰ্বাচিত কৰিছিল।

বঁটা প্ৰদানৰ ক্ষেত্ৰত পৰিয়ালৰ হৈ তেখেতৰ জ্যেষ্ঠ ভাতৃ তথা সমাজকৰ্মী, ক্ৰীড়া সংগঠক, অসম ক্ৰিকেট সন্থাৰ প্ৰাক্তন উপ-সভাপতি পৰিক্ষীত দত্তই বিশেষভাৱে আগভাগ লৈ আহিছে। পৰিক্ষীত দত্তই বঁটা প্ৰদান প্ৰসংগত কয় যে, ‘দুলাল ৰয় অসমৰ নাট্যজগতৰ পুৰুধা ব্যক্তি তথা বটবৃক্ষস্বৰূপ আৰু তেনে এগৰাকী ব্যক্তিক এই সন্মানেৰে সন্মানিত কৰিবলৈ পাই আমাৰ পৰিয়ালৰ ভাল লাগিছে। বঁটাপ্ৰাপক নিৰ্বাচনৰ সৈতে জড়িত সমিতিখনক কৃতজ্ঞতা জনাইছো। দুলাল ৰয় দেৱকো ৮২ বছৰ বয়সতো গুৱাহাটীৰ পৰা সু শৰীৰেৰে অনুষ্ঠানত উপস্থিত থাকি বঁটাটো স-সন্মানেৰে গ্ৰহণ কৰা বাবে ধন্যবাদ জনাইছো।’

প্ৰতিভাৱান চিন্ময় ৰঞ্জন দত্ত অ’ এন জি চিৰ জিঅ’লজিষ্ট হোৱাৰ সমান্তৰালকৈ গোলাঘাট জিলাৰ কানুগাঁও অঞ্চলৰ এগৰাকী উদীয়মান যুৱক আছিল। যিয়ে অঞ্চলটোৰ বিভিন্ন কামকাজত আগৰণুৱা আছিল। এটা পথ দুৰ্ঘটনাত এইগৰাকী মেধাৱী তথা সংস্কৃতিৱান যুৱক চিন্ময় ৰঞ্জন দত্তৰ মৃত্যু হৈছিল। একেদৰে ১৯৮৪ চনতে আৰম্ভ হোৱা ঐতিহ্যমণ্ডিত পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাসৰ সময়তে প্ৰয়াত চিন্ময় দত্তৰ জন্ম হৈছিল। সেই অনুসৰিয়ে প্ৰতিবছৰে এই ৰাস মহোৎসৱৰ পৱিত্ৰ বাকৰিতে তেখেতৰ সোঁৱৰণত এই বঁটা প্ৰদান কৰি অহা হৈছে। উল্লেখ্য যে, গোলাঘাট জিলাৰ পূব কমাৰবন্ধা সাংস্কৃতিক চৰ্চাকেন্দ্ৰৰ ৰাসৰ আছে বিশেষ নাম। ১৯৮৪ চনৰ পৰা অনুষ্ঠিত হৈ অহা এইখন ৰাসত প্ৰতিবছৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ শিল্পীৰ প্ৰয়োভৰ ঘটে।

উজনিৰ এইখন ৰাস সকলোৰে বাবে আকৰ্ষণ কেন্দ্ৰবিন্দু। ৰাসখনৰ এই ধাৰা সদায়ে অব্যাহত ৰখাৰ বাবে শিশুৰ বৃদ্ধলৈকে সকলোৰে আগভাগ লৈ আহিছে। মুখা শিল্পৰ লগতে সকলো ক্ষেত্ৰতে উন্নত মানদণ্ডৰ কামেৰে ৰাস পৰিচালনা কৰি সদায়ে দৰ্শকৰ প্ৰশংসা বুতলিবলৈ সক্ষম হৈছে। শনিবাৰ আৰু দেওবাৰে দুদিনীয়াকৈ অনুষ্ঠিত শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলাত জনপ্ৰিয় ছবি ‘বিদুৰভাই’ৰ অভিনেতা-অভিনেত্ৰী নিতু খনিকৰ আৰু শৰ্মিষ্ঠা দাসে অভিনয় কৰে আৰু অসমৰ যশস্বী নাট্যকৰ্মী তথা অভিনেতা ৰূপম শইকীয়াই এইবাৰ নাট পৰিচালনা কৰাৰ লগতে সংগীত পৰিচালনা কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সাংস্কৃতিক বিভাগৰ সভাপতি, বিশিষ্ট সাংস্কৃতিক কৰ্মী পবিত্ৰপ্ৰাণ বৰাই।