নিউজ ডেস্ক, ৫ জুলাই, ২০২৫ : উত্তৰ-পূব সীমান্ত ৰে’লৱেই (NF Railway) লামডিং মণ্ডলৰ জ্যেষ্ঠ খণ্ড অভিযন্তা/পি-ৱে/নিউ হাৰাঙ্গাজাওৰ অধীনৰ ট্রেক মেইন্টেইনাৰ-IV অক্ষয় ৰাজৰ দ্বাৰা কর্তব্যৰ সময়ছোৱাত প্ৰদৰ্শন কৰা দৃষ্টান্তমূলক তৎপৰতা আৰু সমৰ্পনৰ বাবে তেওঁক সন্মানিত কৰে। ২৩ জুন ২০২৫ তাৰিখে ৰাতিপুৱা, অক্ষয় ৰাজে ১০৮/৬-৭ কিলোমিটাৰত এজন ষ্টেচনাৰী ৱাচম্যান ৰূপে কৰ্তব্যৰত অৱস্থাত থাকোঁতে ১০৮/৭-৮ কিলোমিটাৰস্থিত ৰে’লৱে ট্ৰেকৰ সমীপত অকস্মাতে বাওঁফালৰ ৰিটেইনিং ৱালৰ ওপৰেৰে বোকা মাটি, বোল্ডাৰ পিছলি অহা আৰু কাষৰ নৰ্দমাত গৈ পৰাটো প্ৰত্যক্ষ কৰে।

ৰে’ল চলাচলৰ ক্ষেত্ৰত আসন্ন বিপদৰ কথা উপলব্ধি কৰি তেওঁ এক প্ৰসংশনীয় তৎপৰতা আৰু দায়িত্ব সহকাৰে কাৰ্যত নামি পৰে। অলপো পলম নকৰাকৈ তেওঁ জুনিয়ৰ ইঞ্জিনীয়াৰ/পি-ৱে/জাতিঙ্গা লামপুৰক এই বিষয়ে জনায় আৰু গেং নং.২৩ আৰু ২৪-ৰ সংশ্লিষ্ট গেং সহকৰ্মীসকলকো এই বিষয়ে জনায় আৰু মানসম্পন্ন সুৰক্ষা প্ৰটোকল অনুসাৰে তেওঁ ততালিকে এখন বেনাৰ ফ্লেগ স্থাপন কৰি ট্ৰেকৰ ক্ষতিগ্ৰস্ত অংশটো সুৰক্ষিত কৰে। তেওঁৰ সময়মতে কৰা হস্তক্ষেপে ৰে’লৱে প্ৰশাসনৰ দ্বাৰা যথোপযুক্ত প্ৰতিৰোধমূলক কাৰ্যব্যৱস্থা গ্ৰহণত সহায় কৰে, এনেদৰে যিকোনো এটা সম্ভাব্য অঘটন ৰোধ কৰিবলৈ সক্ষম হয়।

কৰ্তব্যৰত অৱস্থাত তেওঁ প্ৰদৰ্শন কৰা এই দৃষ্টান্তমূলক সেৱাৰ স্বীকৃতিস্বৰূপে অক্ষয় ৰাজক উত্তৰ পূব সীমান্ত ৰে’লৱেৰ মহাপ্ৰৱন্ধক চেতন কুমাৰ শ্ৰীবাস্তৱে সন্মানিত কৰে। তেওঁৰ প্ৰসংশনীয় সজাগতা আৰু সমৰ্পিত মনোভাৱক প্ৰশংসা কৰি মহাপ্ৰৱন্ধকে ৰে’ল পৰিচালনত সুৰক্ষা আৰু নিৰ্ভৰযোগ্যতা নিশ্চিত কৰাৰ দিশত তেওঁৰ এই কাৰ্যক আগশাৰীৰ ৰে’লৱে কৰ্মচাৰীসকলে পালন কৰা গুৰুত্বপূর্ণ ভূমিকাৰ এক উজ্জ্বল উদাহৰণ ৰূপে উল্লেখ কৰে। মহাপ্ৰৱন্ধকে উল্লেখ কৰে যে এনেধৰণৰ তাৎক্ষণিক আৰু দায়িত্বশীল সেৱাই ৰে’ল সেৱাৰ দিশত প্ৰকৃত কৰ্মশক্তিকেই প্ৰতিফলিত কৰে। সতর্কতাৰ এই কাৰ্যক প্ৰশংসা কৰি মহাপ্ৰৱন্ধকে সমগ্ৰ ৰে’লৱে কৰ্মী আৰু সহযোগীসকলক তেওঁলোকৰ কৰ্তব্যৰ সময়ছোৱাত সদায় সজাগ আৰু সক্ৰিয় হৈ থাকিবলৈ অনুৰোধ জনায়, যাতে যিকোনো প্ৰতিকূল ঘটনা ৰোধ কৰিব পৰা যায় আৰু যাত্ৰীসুৰক্ষাৰ দিশত সৰ্ব্বোচ্চ মানদণ্ড বজায় ৰাখিব পৰা যায়।