গুৱাহাটী, ১৯ অক্টোবৰ, ২০২৪ : শেহতীয়াকৈ শ্ৰী শ্ৰী মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা ৩য় নৰ্থ ইষ্ট আইকন অৱ দ্য ইয়েৰ এৱাৰ্ড ২০২৪ ত (Northeast Icon of the Year Awards 2024) বহনক্ষমতা আৰু সামাজিক প্ৰভাৱৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিবলৈ সক্ষম হৈছে নভোটেল গুৱাহাটীয়ে। উল্লেখ্য যে, এই সন্মানে নভোটেল গুৱাহাটীৰ ব্যক্তিগত সফলতাক স্বীকৃতি প্ৰদান কৰাৰ লগতে পৰিৱেশ আৰু সামাজিক পদক্ষেপৰ প্ৰতি থকা হোটেলখনৰ অদম্য দায়বদ্ধতাৰ লগতে সমাজ কল্যাণৰ দিশত অৱদানকো প্ৰকট কৰি তুলিছে।

ৰুৰেল অৰ্গেনাইজেশ্যন ফৰ ডেভেলপমেণ্ট এন জি অ’, ষ্টাৰ ইভেণ্ট প্ৰডাকচন আৰু চড়ক প্ৰডাকচনৰ সহযোগত আয়োজন কৰা এই দাতব্য অনুষ্ঠানত তাৰকা অতিথি সুপ্ৰিয়া শুক্লাই অংশগ্ৰহণ কৰি সমাজৰ উন্নয়নত ইতিবাচক ভূমিকা গ্ৰহণ কৰা বিভিন্ন পদক্ষেপৰ ওপৰত আলোকপাত কৰে। লক্ষণীয় যে, অনুষ্ঠানটিৰ অন্যতম বিশেষ মুহূৰ্তটো আছিল নভোটেল গুৱাহাটীক তেওঁলোকৰ দায়িত্বশীল আতিথ্যৰ প্ৰতীক হিচাপে পৰিগণিত বহনক্ষমতা আৰু সামাজিক প্ৰভাৱৰ বাবে সন্মানীয় আতিথ্য বঁটা প্ৰদান কৰা।

এই স্বীকৃতি লাভ কৰাৰ পিছত আনন্দ ব্যক্ত কৰি নভোটেল গুৱাহাটীৰ জেনেৰেল মেনেজাৰ মনমীত সিঙে কয়, “এই সন্মান হৈছে নভোটেল গুৱাহাটীয়ে সমাজত বহনক্ষমতা আৰু ইতিবাচক পৰিৱৰ্তনৰ প্ৰসাৰৰ বাবে কৰা অদম্য প্ৰচেষ্টাৰ স্বীকৃতি। আমাৰ হোটেলখনে পৰিৱেশৰ ওপৰত হোৱা ক্ষতিকাৰক প্ৰভাৱ কম কৰিবলৈ আৰু বিভিন্ন প্ৰচাৰমূলক কাৰ্যসূচীৰ জৰিয়তে স্থানীয় সমাজখনক সহায় কৰিবলৈ পৰিৱেশ অনুকূল পদক্ষেপ গ্ৰহণ কৰি আহিছে।”

অভাৱগ্ৰস্তসকলৰ জীৱনৰ মান উন্নত কৰাৰ লক্ষ্যৰে নভোটেল গুৱাহাটীয়ে নিয়মিতভাৱে বিশেষ পদক্ষেপত অংশগ্ৰহণ কৰি আহিছে। অনুষ্ঠানটোৰ দাতব্য লক্ষ্যৰ সৈতে সংগতি ৰাখি হোটেলখনে মাদাৰছ অল্ড এজ হোমলৈ অনুদান আগবঢ়োৱাৰ লগতে বঞ্চিত শিশুসকলৰ শিক্ষাৰ পৃষ্ঠপোষকতা কৰে, যিয়ে তেওঁলোকৰ জীৱনত ইতিবাচক প্ৰভাৱ পেলোৱাত সহায় কৰি আহিছে। বহনক্ষমতাৰ প্ৰতি হোটেলখনৰ দায়বদ্ধতা তেওঁলোকৰ কাৰ্য্যকলাপত স্পষ্টভাৱে প্ৰতিফলিত হয়। আৱৰ্জনা হ্ৰাসৰ পৰা শক্তি সংৰক্ষণলৈকে নভোটেল গুৱাহাটীয়ে আঞ্চলিক আতিথ্যৰ ক্ষেত্ৰত এক মাপকাঠী নিৰ্ধাৰণ কৰিছে।

বঁটা বিতৰণী অনুষ্ঠানৰ সময়ত উপস্থিত থকা সকলোকে বহনক্ষম ভৱিষ্যত গঢ় দিয়াত ব্যৱসায়ীসকলে লোৱা গুৰুত্বপূৰ্ণ ভূমিকা সম্পৰ্কে সোঁৱৰাই দিয়া হয়। আতিথ্যক কেনেকৈ সামাজিক দায়বদ্ধতাৰ সৈতে একত্ৰিত কৰিব পাৰি, সেই বিষয়ে আনকো অনুকৰণ কৰিবলৈ অনুপ্ৰাণিত কৰি এক আদৰ্শ হিচাপে পৰিগণিত হৈছে নভোটেল গুৱাহাটী।