তিনিচুকীয়া, ২৭ ফেব্ৰুৱাৰী, ২০২৪ : ড্ৰাগছ আসক্তৰ যৌন জীৱন ধ্বংস হৈছে। ড্ৰাগছৰ বাবে তিনিচুকীয়া জিলাত বিবাহৰ উপযুক্ত যুৱকৰ অভাৱ ঘটিছে। বিগত কেইবাদিন ধৰি তিনিচুকীয়া জিলাৰ বিভিন্ন অঞ্চলত ড্ৰাগছ বিৰোধী সজাগতা সভাত (Awareness Against Drugs) প্ৰেৰণাত্মক বক্তা হিচাপে উপস্থিত থাকি মঙলবাৰে এক সংবাদ মাধ্যমক সম্বোধন কৰি এইদৰে কয় ডঃ দিব্যজ্যোতি শইকীয়াই। নিচামুক্ত কেন্দ্র সন্দৰ্ভতো গুৰুত্বপূৰ্ণ মন্তব্য প্ৰকাশ কৰে ডঃ দিব্যজ্যোতি শইকীয়াই।
ড্ৰাগছৰ কবলত পৰি ধ্বংসৰ পথত যুৱ প্ৰজন্ম। ড্ৰাগছ আসক্ত হৈ তিল তিল কৈ মৃত্যুৰ মুখত পৰিছে হাজাৰ হাজাৰ যুৱক-যুৱতী। দেশ তথা ৰাজ্যৰ ভৱিষ্যত প্ৰজন্মক ড্ৰাগছৰ কবলৰ পৰা ৰক্ষা কৰিবলৈ ৰাজ্য চৰকাৰ তথা অসম আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰিছে। অসম আৰক্ষীয়ে ধাৰাবাহিক ড্ৰাগছ বিৰোধী অভিযান চলাই ইতিমধ্যে কেইবাটাও গুৰুত্বপূৰ্ণ সফল্য লাভ কৰিবলৈ সক্ষম হৈছে। কেইবাহাজৰ হাজাৰ কোটি টকা মূল্য বিভিন্ন প্ৰকাৰৰ ড্ৰাগছ জব্দ কৰাৰ লগতে বহু ড্ৰাগছ মাফিয়া আৰু ড্ৰাগছ সৰবৰাহকাৰীক জালত পেলাইছে অসম আৰক্ষীয়ে। আনকি, আৰক্ষীৰ গুলীত বহু ড্ৰাগছ মাফিয়া আহত হোৱাৰ লগতে মৃত্যু মুখতো পৰিছে বহুজন।
অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানক প্ৰশংসা কৰিছে ৰাজ্যবাসীয়ে। অসম আৰক্ষীৰ এই ড্ৰাগছ বিৰোধী অভিযানে প্ৰেৰণা যোগাইছে সৰ্বসাধাৰণ ৰাইজৰ লগতে বহু দল-সংগঠনক। ৰাজ্যৰ বিভিন্ন ঠাইত ড্ৰাগছৰ সৰবৰাহকাৰী আৰু ড্ৰাগছ ব্যৱসায়ীৰ বিৰুদ্ধে ওলাই আহিছে ৰাইজ। বিভিন্ন দল-সংগঠনে ঠাইয়ে ঠাইয়ে ড্ৰাগছৰ ভয়াবহ পৰিনাম সন্দৰ্ভত ৰাইজৰ সজাগ কৰাৰ উদ্দেশ্যে অনুষ্ঠিত কৰি আছে সজাগতা সভা। অসম সত্ৰ মহাসভা তিনিচুকীয়া জিলা সমিতি আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ এক সংগঠনৰ উদ্যোগত শেহতীয়াকৈ তিনিচুকীয়া জিলাৰ বিভিন্ন প্ৰান্তত অনুষ্ঠিত কৰা হয় ড্ৰাগছ বিৰোধী কেইবাটাও সজাগতা সভা।
তিনিচুকীয়াত অনুষ্ঠিত কৰা প্ৰায় ১৫ টা ড্ৰাগছ বিৰোধী সজাগতা সভাত মুখ্য বক্তা হিচাপে উপস্থিত থাকে অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়া। উক্ত ১৫ টা ড্ৰাগছ বিৰোধী সজাগতা সভাত প্ৰেৰণাত্মক বক্তা হিচাপে উপস্থিত থকা অসমৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মানৱ অধিকাৰ তথা সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই মঙলবাৰে এক সংবাদমেল অনুষ্ঠিত কৰি বহু কেইটা বিস্ফোৰক তথ্য প্ৰকাশ কৰাৰ লগতে প্ৰায় সংখ্যক সাংবাদিকে জিলাখনত সংঘটিত হৈ থকা নিচামুক্তি কেন্দ্ৰৰ অনিয়ম সন্দৰ্ভত বহু গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্থাপন কৰে।
তিনিচুকীয়াত সাংবাদিকৰে হোৱা মত বিনিময় অনুষ্ঠানত ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে ড্ৰাগছ গ্ৰহণৰ বাবে জিলাখনত বিবাহৰ উপযুক্ত যুৱকৰ অভাৱ ঘটিছে। ড্ৰাগছৰ ফলত অসম তথা দেশত আজিলৈকে যৌন জীৱন বিপদাপন্ন হোৱা দিশটো ডঃ দিব্যজ্যোতি শইকীয়াই পোহৰলৈ আনে। ডঃ দিব্যজ্যোতি শইকীয়াৰ পূৰ্বে কোনো সমাজ কৰ্মী আৰু সংগঠনে এনে গম্ভীৰ বিষয় পোহৰলৈ আনিবলৈ সক্ষম নাই হোৱা বুলি উপস্থিত সাংবাদিক সকলে উল্লেখ কৰে। সাংবাদিকৰ এক প্ৰশ্নত ডঃ দিব্যজ্যোতি শইকীয়াই কয় য়ে অবাধ ড্ৰাগছৰ প্ৰচলনৰ বাবেই জিলাখনত এইচ আই ভিৰ ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে।
আনহাতে প্ৰায় সকলো সংবাদ মাধ্যমে নিচামুক্তি কেন্দ্ৰ সমূহে কেৱল ব্যৱসায়ৰ স্বাৰ্থত চলাই আহিছে বুলি কৰা প্ৰশ্নত।ডঃ দিব্যজ্যোতি শইকীয়াই কয় যে, আংশিক সত্য হ’লেও সকলো নিচামুক্তি তেনে নহয়। এই অনুষ্ঠানত তিনিচুকীয়া জিলা সত্ৰ মহাসভাৰ সম্পাদক আৰু হিউমেনিটি ফাউণ্ডেশ্যন নামৰ সংস্থাতিৰ সদস্য মাহেন্দ্র বৰা উপস্থিত থাকে। ডঃ দিব্যজ্যোতি শইকীয়াই তিনিচুকীয়া জিলাৰ লগতে অৰুণাচল প্ৰদেশৰ নামচাইত সদৌ লেকাং মহিলা সমিতি, লেকাং দিব্যাংগ সমিতি, লেকাং দেউৰী যুৱ ছাত্ৰ আৰু লেকাং মৰাণ ছাত্ৰ সংগঠনৰ উদ্যোগত বহুকেইটা অঞ্চলত ড্ৰাগছ বিৰোধী কৰ্মশালাত ভাগ লয়।