লখিমপুৰ, ১১ আগষ্ট, ২০২৫ : জাফাৰ (JAFA) লখিমপুৰ জিলা সমিতিৰ উদ্যোগত বগীনদীৰ ২ নং লালপানী উচ্চ মাধ্যমিক বিদ্যালয় আৰু বান্দৰদেৱা উচ্চ মাধ্যমিক বিদ্যালয়ত যোৱা ৭ আৰু ৮ আগষ্টত দুদিনীয়াকৈ অনুষ্ঠিত হয় ড০ দিব্যজ্যোতি শইকীয়াৰ প্ৰেৰনাত্মক বক্তৃতা তথা বিশেষ সজাগতা অনুষ্ঠান। জাৰ্ণেলিষ্ট এছ’চিয়েচন ফ’ৰ আসাম (জাফা)ৰ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত সৰ্প দংশনৰ চিকিৎসা আৰু জীৱন ভিত্তিক শিক্ষা সন্দৰ্ভত প্ৰেৰণাত্মক সজাগতা অনুষ্ঠানত, যুক্তিবাদী চিন্তাবিদ,আন্তৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন, ৰাষ্ট্ৰীয় মানৱ অধিকাৰ তথা বিশিষ্ট সমাজ কৰ্মী ডঃ দিব্যজ্যোতি শইকীয়াই সৰ্প দংশনৰ চিকিৎসা আৰু জীৱন ভিত্তিক শিক্ষা সন্দৰ্ভত এক প্ৰেৰনাত্মক বক্তব্য আগবঢ়ায়।
আন্তৰাষ্ট্ৰীয় শান্তি বঁটা প্ৰাপক মানৱাধিকাৰ কৰ্মী তথা প্ৰেৰনাত্মক বক্তা ড০ দিব্যজ্যোতি শইকীয়াই দুয়োটা অনুষ্ঠানতে তেওঁৰ সাৱলীল বক্তব্যৰে অনুষ্ঠানত উপস্থিত শিক্ষক, সাংবাদিক, অভিভাৱক, ছাত্ৰ-ছাত্ৰী আৰু যুৱক-যুৱতীক উদ্দেশ্যি শিক্ষাৰ উদ্দেশ্য কেৱল চৰকাৰী চাকৰী বা জীৱিকাৰ বাবে হোৱা অনুচিত বুলি কোৱাৰ লগতে গুণগত, জ্ঞানলদ্ধ, জীৱন ভিত্তিক শিক্ষাৰে শিক্ষিত হৈ সমাজ তথা দেশক আগুৱাই নিব লাগিব বুলি বক্তব্য আগবহুৱাৰ লগতে অন্ধবিশ্বাসৰ বিৰুদ্ধে সৰ্প দংশন আৰু ইয়াৰ আধুনিক চিকিৎসা বিশেষকৈ নীৰৱ ঘাটক হিচাপে চিহ্নিত কলা সংখ্চুৰ সাপৰ বিষয়ে বিৱৰি কয়।
উক্ত দুয়োটা অনুষ্ঠানতে জাফাৰ লখিমপুৰ জিলা সমিতিৰ সভাপতি কুশল শইকীয়াই চমু বক্তব্য ৰাখি সাংবাদিক সকলৰ মঞ্চ জাফাই দীৰ্ঘ দিনে সাংবাদিক আৰু সমাজৰ হকে আগবঢ়াই অহা সেৱা সমুহৰ বিষয়ে কয়।বগীনদীত অনুষ্ঠিত হোৱা অনুষ্ঠানত বগীনদী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰ প্ৰাপ্ত প্ৰধান শিক্ষক স্থানীয় সমাজ কৰ্মী গোপাল চন্দ্ৰ দলেই তেওঁৰ ভাষণ প্ৰসংগত কয় যে ড০ দিব্যজ্যোতি শইকীয়াৰ বক্তব্য তথা প্ৰেৰনাত্মক অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত কৰাৰ লগতে ড০ দিব্যজ্যোতি শইকীয়াৰ উপস্থিতিয়ে এই অঞ্চলত এক নতুন দিগন্তৰ সূচনা কৰে বুলি তেওঁ পুনৰ দুহাৰে।