গুৱাহাটী, সংবাদ ৩৬৫, ১০ ছেপ্টেম্বৰ : ১ ছেপ্টেম্বৰৰ পৰা ৩০ ছেপ্টেম্বৰলৈকে উদযাপন কৰা হৈছে ৰাষ্ট্ৰীয় পোষণ মাহ । এই ৰাষ্ট্ৰীয় পোষণ মাহ উদযাপনৰ সৈতে সংগতি ৰাখি কামৰূপ মহানগৰ জিলা সমাজ কল্যাণ বিভাগে মঙলবাৰে এক সজাগতামূলক শোভাযাত্ৰাৰ আয়োজন কৰে । কামৰূপ মহানগৰ জিলা উপায়ুক্তৰ কাৰ্য্যালয়ৰ পৰা উলিওৱা এই শোভাযাত্ৰাৰ শুভাৰম্ভ কৰে সমাজ কল্যাণ বিভাগৰ মন্ত্ৰী প্ৰমিলা ৰাণী ব্ৰহ্ম আৰু উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

এই শোভাযাত্ৰা আয়োজনৰ উদ্দেশ্য সুস্বাস্থ্য তথা পুষ্টিপূৰ্ণ সমাজ গঢ়াৰ বাবে তথা প্ৰথম ১০০০ দিনৰ শিশুৰ প্ৰতি ল’বলগীয়া যত্ন, পুষ্টিকৰ খাদ্য, পৰিস্কাৰ-পৰিচন্নতা , ডায়েৰীয়া প্ৰতিৰোধৰ সম্পৰ্কত জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰা।

এই শোভাযাত্ৰাৰ সামৰণি পৰে মহানগৰীৰ উজানবজাৰ জাহাজঘাটৰ সমীপৰ অংগনবাদী কেন্দ্ৰত । কেন্দ্ৰত সমবেত হোৱা জনসাধাৰণক উদ্দেশ্যি প্ৰমিলা ৰাণী ব্ৰহ্মই সমাজৰ শিশু, কিশোৰ আৰু মহিলাসকলক পুষ্টিহীনতাৰ পৰা মুক্ত কৰি সুস্থ সবল কৰি গঢ়ি তুলিবলৈ আহ্বান জনায়।

ইয়াৰোপৰি মন্ত্ৰীগৰাকীয়ে সমবেত বিষয়া-কর্মচাৰী তথা ৰাইজক পোষণ মাহৰ শপত বাক্য পাঠ কৰোৱাই ।