নিউজ ডেস্ক, সংবাদ ৩৬৫, ৯ ছেপ্টেম্বৰ :শনিবাৰে পুৱা ১০.৩০ বজাত ৰায়দান কৰা হয় অযোধ্যা বিবাদমান গোচৰৰ। ৰায়দান অনুসৰি অযোধ্যাৰ বিবাদমান ভূমিত নিৰ্মাণ কৰা হ’ব ৰাম মন্দিৰ। মুছলমানসকলক দিয়া হ’ব অন্য ভূমি।

উক্ত ৰায়দানৰ পিছতেই বিভিন্ন পক্ষই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। কাৰো পক্ষৰ জয় বা পৰাজয় নহয় বুলিও মন্তব্য প্ৰকাশ কৰে বিভিন্ন জনে।

গোচৰটোৰ ৰায়দানৰ পাছতেই সংবাদমেল দিয়ে মুছলমান পক্ষই । সংবাদমেলত উক্ত ৰায় পুনৰ বিবেচনাৰ বাবে আবেদন জনোৱাৰ সন্দৰ্ভত সিদ্ধান্ত গ্ৰহণ কৰা হয়।

ৰায়ক লৈ সন্তুষ্ট নহয় মুছলমান পক্ষ। জফৰয়াব জিলানীয়ে এই সন্দৰ্ভত মন্তব্য কৰে ‘ন্যায়ালয়ৰ এই ৰায়দানক সন্মান জনাইছো। কিন্তু আমি এই ৰায়ক লৈ সন্তুষ্ট নহয়। ‘

উল্লেখযোগ্য যে এই জফৰয়াব জিলানী আছিল বিবাদমান গোচৰৰ চুন্নী ৱাকফ বোৰ্ডৰ অধিবক্তা ।