নিউজ ডেস্ক, ৩ ফেব্ৰুৱাৰী, ২০২৫ : গুৱাহাটীৰ আমিনগাঁৱত (Amingaon) থকা নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সত কাইলৈৰ পৰা ভাৰতীয় বেডমিণ্টন দলৰ প্ৰস্তুতি শিবিৰ অনুষ্ঠিত হ’ব৷ অহা আঠ ফেব্ৰুৱাৰীলৈ চলিব লগা এই শিবিৰত অংশ লোৱাৰ বাবে গুৱাহাটীলৈ আহিব দুবাৰকৈ অলিম্পিক পদক বিজয়ী পি ভি সিন্ধু, পেৰিছ অলিম্পিকৰ ছেমিফাইনেলিষ্ট লক্ষ্য সেনসহ ১৪ জনীয়া ভাৰতীয় দল৷
উল্লেখ্য যে অহা ১১-১৬ ফেব্ৰুৱাৰীলৈ চীনত অনুষ্ঠিত হ’ব বেডমিণ্টন এছিয়া মিক্সড টিম চেম্পিয়নশ্বিপ৷ ভাৰতে ২০২৩ চনত অন্তিমবাৰৰ বাবে প্ৰতিযোগিতাত ব্ৰঞ্জৰ পদক লাভ কৰিছিল৷ এইবাৰৰ ভাৰতীয় দলটোত পি ভি সিন্ধু আৰু লক্ষ্য সেনৰ লগতে এছিয়ান গেমছৰ স্বৰ্ণ পদক বিজয়ী পুৰুষ ডাবলছ যুটি সাতৱিক ছাইৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ লগতে অলিম্পিয়ান এইচ এছ প্ৰনয়৷
‘গুৱাহাটীৰ নেচনেল চেণ্টাৰ অৱ এক্সেলেন্সৰ অত্যাধুনিক সুবিধাৰ বাবেই আমি প্ৰস্তুতি শিবিৰ গুৱাহাটীত আয়োজন কৰিছো৷’ ভাৰতীয় বেডমিণ্টন সন্থাৰ মহাসচিব সঞ্জয় মিশ্ৰই কয়৷ উল্লেখ্য যে সদ্য সমাপ্ত ইণ্ডিয়া অপেনত ভাৰতীয় শ্বাটলাৰে প্ৰত্যাশিত প্ৰদৰ্শন কৰিব নোৱাৰিলে৷ সেয়ে চীনত নতুন আশাৰে অৱতীৰ্ণ হ’ব ভাৰত৷ অহা আঠ ফেব্ৰুৱাৰীত দলটো নিশা চীনলৈ ৰাওনা হ’ব৷