নিউজ ডেস্ক ১৬ জানুৱাৰী, ২০২৫ : ভাৰতৰ পি ভি সিন্ধু (P V Sindhu) আৰু কিৰণ জৰ্জে চলিত য়’নেক্স-ছানৰাইজ ইণ্ডিয়া অ’পেন বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰ ছুপাৰ ৭৫০ বেডমিণ্টন প্ৰতিযোগিতাৰ পুৰুষ আৰু মহিলাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ইফালে, প্ৰথম ছেটত পৰাস্ত হোৱাৰ পাছতো সফল প্ৰত্যাৱৰ্তন কৰি অন্তিম আঠত স্থান নিশ্চিত কৰিছে ভাৰতৰ পুৰুষ ডাবলছ যুটি চিৰাগ ছেট্টী আৰু সাতৱিকচৈৰাজ ৰেংকিৰেড্ডীয়ে৷
বিপৰীতে বেডমিণ্টন ফেডাৰেছন অব ইণ্ডিয়াই আয়োজন কৰা তৃতীয় সংস্কৰণৰ আন্তৰ্জাতিক প্ৰতিযোগিতাখনত বৃহস্পতিবাৰে দ্বিতীয় ৰাউণ্ডতে পৰাস্ত হৈ বিদায় লৈছে গুৱাহাটী মাষ্টাৰ্ছৰ চেম্পিয়ন ভাৰতৰ মহিলা ডাবলছ যুটি অশ্বিনী প’নাপ্পা আৰু তানিশা ক্ৰাষ্টোই৷ নতুন দিল্লীৰ ইন্দিৰা গান্ধী ষ্টেডিয়ামৰ কে ডি যাদব ইনড’ৰ হলত হোৱা প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে হোৱা মহিলাৰ একক শাখাৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত সিন্ধুই জাপানৰ মানামি ছুইজুৰ বিৰুদ্ধে ২১-১৫, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত জয়লাভ কৰে৷ দেশৰ হৈ ক্ৰমাগত দুবাৰকৈ অলিম্পিক পদক জয় কৰা বিশ্ব ৰেংকিঙৰ প্ৰাক্তন শীৰ্ষ বাচনিৰ মহিলা শ্বাটলাৰগৰাকীক জাপানৰ প্ৰতিদ্বন্দ্বীক পৰাস্ত কৰিবলৈ মাত্ৰ ৪৬ মিনিট সময় প্ৰয়োজন হয়৷
উল্লেখ্য যে পেৰিছ অলিম্পিকৰ দীৰ্ঘ বিৰতিত প্ৰথমবাৰ বি ডব্লিউ এফৰ প্ৰতিযোগিতাত খেলাৰ লগতে যোৱা ডিচেম্বৰত বিবাহপাশত আবদ্ধ হোৱাৰ পাছত কৰ্টলৈ প্ৰত্যাবৰ্তন কৰা সিন্ধুই চলিত প্ৰতিযোগিতাখনত সুন্দৰ জয়ৰে আশাৰ আৰম্ভনি কৰিছিল৷ ভাৰতৰ অন্তিম মহিলাৰূপে ২০১৭ ত ইণ্ডিয়া অপেনৰ খিতাপ জয় কৰা তথা বৰ্তমান ১৬ নম্বৰ ৰেংকিঙত থকা সিন্ধুই প্ৰথম ৰাউণ্ডৰ খেলত চাইনিছ টাইপেৰ ছং শ্বু য়ুনক ২১-১৪, ২২-২০ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰত্যাশিতভাবে অভিযান আৰম্ভ কৰে৷ ইফালে, সিন্ধুৰ লগতে বৃহস্পতিবাৰে হোৱা পুৰুষৰ একক শাখাৰ খেলত ভাৰতৰ নৱাগত শ্বাটলাৰ কিৰণ জৰ্জে ডেনমাৰ্কৰ এলেক্স লানিৰক ২২-২০, ২১-১৩ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰি অন্তিম আঠত প্ৰৱেশ কৰিবলৈ সক্ষম হয়৷
উল্লেখ্য যে দেশৰ দুই তাৰকা লক্ষ্য সেন আৰু এইছ এছ প্ৰনয়ৰ বিদায়ৰ পাছত এতিয়া পুৰুষৰ একক শাখাত ভাৰতৰ একমাত্ৰ আশা কিৰণৰ ওপৰতে নিৰ্ভৰ কৰিছে৷ ইফালে, পাৰম্ভিক অগ্ৰগতিৰ পাছতো পুৰুষ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলৰ প্ৰথম ছেটতত ২২-২০ ৰ ব্যৱধানত পৰাজয়ৰ সন্মুখীন হয় ভাৰতীয় যুটি চিৰাগ ছেট্টী আৰু সাতৱিকচৈৰাজ ৰেংকিৰেড্ডী৷ কিন্তু পৰবৰ্তী ছেট দুটাত সফল প্ৰত্যাৱৰ্তন কৰি জাপানৰ মিটছুহাছি আৰু অ’কামুৰাক ১৪-২১, ১৬-২১ ৰ ব্যৱধানত ৭১ মিনিটৰ ৰোমাঞ্চকৰ খেলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰে চিৰাগ-ৰেংকিৰেড্ডী৷
সদ্য সমাপ্ত মেলয়েছিয়া অপেনৰ ছেমিফাইনেলত পৰাস্ত হোৱা ভাৰতীয় যুটিটোৱে প্ৰথম ৰাউণ্ডতো তিনিটা ছেটৰ অন্তত ২৩-২১, ১৯-২১, ২১-১৬ ৰ ব্যৱধানত মালয়েছিয়াৰ উই চুং আৰু টি কাই উনক পৰাস্ত কৰিছিল৷ বৃহস্পতিবাৰে হোৱা অন্য মেচত ভাৰতৰ মিক্সড যুটি ধ্ৰুৱ কাপিলা আৰু তানিছা ক্ৰাষ্টো তথা মহিলাৰ একক শাখাত অনুপমা উপাধ্যায় দ্বিতীয় ৰাউণ্ডত পৰাস্ত হোৱাৰ বিপৰীতে যোৱানিশা অভিযান সামৰে মালভিকা আৰু প্ৰিয়াংশু ৰাজাৱটে৷