গুৱাহাটী, ৩ ডিচেম্বৰ, ২০২৪ : অসমৰ ঈশাৰাণী বৰুৱাই গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতাত (badminton Championship) পোনে পোনে মুল ৰাউণ্ডত খেলাৰ বাবে যোগ্যতা অৰ্জন কৰিছে৷ যোৱানিশা আনুষ্ঠানিকভাবে ঘোষণা কৰা প্ৰতিযোগিতাৰ সূচীত ঈশাৰাণীক মহিলাৰ একক শাখাত মুল ৰাউণ্ডত খেলাৰ সুযোগ দিয়া হৈছে৷ সেই অনুসৰি বুধবাৰে ঈশাৰাণীয়ে ৰাউণ্ড অব ৩২ ৰ মেচত অংশ ল’ব৷

অৱশ্যে অসম কন্যাৰ প্ৰতিদ্বন্দ্বী এতিয়াও নিৰ্ধাৰণ হোৱা নাই৷ মহিলাৰ একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচ সমাপ্ত হোৱাৰ পাছতহে ঈশাৰাণীৰ প্ৰতিদ্বন্দ্বী কোন হ’ব সেয়া নিশ্চিত হ’ব৷ স্মৰ্তব্য যে যোৱা সপ্তাহত অনুষ্ঠিত ছৈয়োদ মোডী আন্তৰ্জাতিক বেডমিণ্টনত ঈশাৰাণী চীনৰ প্ৰতিদ্বন্দ্বীৰ হাতত প্ৰথম ৰাউণ্ডতে পৰাস্ত হৈছিল৷ ইয়াৰ পূৰ্বে হোৱা দুখনকৈ আন্তৰ্জাতিক চেলেঞ্জ প্ৰতিযোগিতাত ঈশাৰাণীয়ে সোণ আৰু ব্ৰঞ্জ লাভ কৰিছিল৷ হায়দৰাবাদ চেলেঞ্জত সোণ লাভ কৰাৰ বাবেই গুৱাহাটীত আজিৰে পৰা আৰম্ভ হোৱা বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত মুল ৰাউণ্ডত খেলাৰ সুযোগ পাইছে ঈশাৰাণীয়ে৷

ইফালে, গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত আজিৰে পৰা প্ৰতিযোগিতাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেল আৰম্ভ হৈছে৷ পুৰুষ আৰু মহিলাৰ একক আৰু ডাবলছৰ লগতে মিক্সড শাখাৰো খেল অনুষ্ঠিত হয়৷ কিন্তু প্ৰথমদিনাৰ কোৱালিফায়িং ৰাউণ্ডৰ খেলত অসমৰ খেলুৱৈয়ে ব্যৰ্থতাৰ সন্মুখীন হয়৷ পুৰুষৰ ডাবলছ শাখাত সুৰজ গোৱালা আৰু তেওঁৰ সংগী ধ্ৰুৱ ৰাৱট ২১-২৩, ১২-২১ ৰ ব্যৱধানত পৰাস্ত হয়৷ ইফালে, অন্য খেলুৱৈৰ অনুপস্থিতিত খেলাৰ সুযোগ পোৱা অসমৰ মনালী বৰা আৰু ভব্য চাব্ৰাৰ যুটি ১৬-২১, ১৮-২১ ৰ ব্যৱধানত পৰাস্ত হয়৷

আনহাতে, অসমৰ ইমন সোনোৱাল আৰু স্বৰ্ণৰাজ বৰা পুৰুষৰ ডাবলছ শাখাত ১৯-২১, ২৩-২৫ ৰ ব্যৱধানত পৰাস্ত হয়৷ নিশালৈ অসমৰ অৰিজিত চহিলাই একক শাখাৰ কোৱালিফায়িং ৰাউণ্ডৰ মেচ খেলিব৷ উল্লেখ্য যে ভাৰতীয় বেডমিণ্টন ফেডাৰেছনৰ সহযোগত অসম বেডমিণ্টন সন্থাই ক্ৰমাগত দ্বিতীয়বাৰৰ বাবে মহানগৰীত আয়োজন কৰা প্ৰতিযোগিতাখনত বিশ্বৰ ২৩ খন দেশৰ ৪৬১ গৰাকী পুৰুষ-মহিলা শ্বাটলাৰে অংশ লৈছে৷ মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখন অহা আঠ ডিচেম্বৰত সমাপ্ত হ’ব৷