গুৱাহাটী, ৫ ডিচেম্বৰ, ২০২৪ : শীৰ্ষ বাচনিৰ ভাৰতীয় শ্বাটলাৰ প্ৰিয়ংশু ৰাজাৱট চলিত বি ডব্লিউ এফ ট্যুৰৰ ছুপাৰ ১০০ বেডমিণ্টন প্ৰতিযোগিতা গুৱাহাটী মাষ্টাৰ্ছ-২০২৪ ৰ পৰা বিদায় লৈছে৷ গুৱাহাটীৰ সৰুসজাই (Sarusajai) ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত চলি থকা প্ৰতিযোগিতাখনৰ বৃহস্পতিবাৰে অনুষ্ঠিত পুৰুষৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেলত দেশৰে তৰুণ মানিপালিয়ে ২৪-২২, ১৫-২১, ২১-১৩ ৰ ব্যৱধানত ৰাজৱটক পৰাস্ত কৰি অন্তিম আঠত স্থান নিশ্চিত কৰে৷
পুৰুষৰ একক শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰা আন তিনি ভাৰতীয় শ্বাটলাৰ হ’ল সতীশ কুমাৰ, ৰবি ৰবি আৰু আয়ুষ ছেট্টী৷ সতীশে মালয়েছিয়াৰ ছ’নেশ আদিলক ২১-১৯, ৯-২১, ২১-৭ ৰ ব্যৱধানত পৰাস্ত কৰে৷ আনহাতে, পঞ্চম বাচনিৰ ডেনমাৰ্কৰ ক্ৰিষ্টোফাৰছেনক ২৩-২১, ১৭-২১, ১৪-২১ ৰ ব্যৱধানত পৰাস্ত কৰে ৰবি ৰবিয়ে৷ তদুপৰি দেশৰে এছ শংকৰৰ বিৰুদ্ধে ২১-১৯, ২০-২২, ২১-২৩ ৰ বিৰুদ্ধে কষ্টকৰ জয় অৰ্জন কৰে চতুৰ্থ বাচনিৰ আয়ুষে৷
ইফালে, মহিলাৰ একক শাখাত ভাৰতৰ তনবি শৰ্মা, মানসী সিং আৰু অনমল খাৰ্বে কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ আজি অনুষ্ঠিত প্ৰি-কোৱাৰ্টাৰ ফাইনেলত তনবিয়ে ২১-১৯, ২১-৮ ৰ পোনপটিয়া ব্যৱধানত পৰাস্ত কৰে চাইনিছ টাইপেৰ য়িন ইন হছিহক৷ আনহাতে, চাইনিছ টাইপেৰে চেন ছু ইউক তিনিটা ছেটৰ অন্তত ২১-১৭, ১৩-২১, ৯-২১ ৰ ব্যৱধানত পৰাস্ত কৰে মানসীয়ে৷ বিপৰীতে, অনমলে ভাৰতৰে প্ৰতিদ্বন্দ্বীৰ বিৰুদ্ধে হেলাৰঙে ২১-৯, ২১-১৫ ৰ ব্যৱধানত জয় অৰ্জন কৰে৷
ইফালে, ভাৰতৰ ডাবলছ খেলুৱৈ তানিশা ক্ৰাষ্টোই মহিলা আৰু মিক্সড উভয় শাখাৰ কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ শীৰ্ষ বাচনিৰ তানিশাই অশ্বিনী প’নাপ্পাৰ স’তে যুটি বান্ধি মহিলাৰ ডাবলছৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল ২১-১৭,২১-১৭ ৰ ব্যৱধানত জয়লাভ কৰে৷ উল্লেখ্য যে এই যুটিটো বিগত বৰ্ষৰ চেম্পিয়ন৷ আনহাতে, পঞ্চম বাচনিৰ ধ্ৰুৱ কাপিলাৰ লগত যুটি বান্ধি তানিশাই মিক্সডৰ প্ৰি-কোৱাৰ্টাৰ ফাইনেল ১৫-২১,২১-১০, ২১-১১ ৰ ব্যৱধানত জয়লাভ কৰে৷
মুঠ এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানি থকা প্ৰতিযোগিতাখনত ভাৰতৰ লগতে চীন, মালয়েছিয়া, থাইলেণ্ড, ফ্ৰান্স আৰু ইংলণ্ডৰ শ্বাটলাৰেও প্ৰত্যাশিত অগ্ৰগতি অব্যাহত ৰাখিছে৷ বিপৰীতে ঘৰত হোৱা আন্তৰ্জাতিক প্ৰতিযোগিতাখনত অসমৰ প্ৰত্যাহ্বান যোৱানিশা সমাপ্ত হয়৷ পুৰুষৰ ডাবলছ শাখাৰ ৰাউণ্ড অব ৩২ ৰ মেচত অংশ লোৱা অসমৰ নিবিড় ৰঞ্জন চৌধুৰী আৰু তেওঁৰ সংগী আশীষ সূৰ্য চীনৰ সপ্তম বাচনিৰ ছান ৱেন জান আৰু ঝু য়ি জান যুটিৰ বিৰুদ্ধে ২১-১৫, ২১-১৬ ৰ ব্যৱধানত পৰাস্ত হয়৷