নিউজ ডেস্ক, ১৩ জানুৱাৰী, ২০২৬ : নতুন দিল্লীৰ ইন্দিৰা গান্ধী (Indira Gandhi) ইনড’ৰ ষ্টেডিয়ামত আজিৰ পৰা আৰম্ভ হ’ব য়নেক্স ছানৰাইজ ইণ্ডিয়া অ’পেন বেডমিণ্টন-২০২৬৷ মুঠ ৯ লাখ ৫০ হাজাৰ ডলাৰ প্ৰাইজমানিৰ বি ডব্লিউ এফ ৱল্ডৰ্ ট্যুৰৰ অন্যতম প্ৰতিযোগিতাখনত বিশ্বৰ সকলো শীৰ্ষস্থানৰ পুৰুষ-মহিলা শ্বাটলাৰে অংশগ্ৰহণ কৰিছে৷ উল্লেখ্য যে অহা আগষ্টত ভাৰতৰ এই ষ্টেডিয়ামতে বি ডব্লিউ এফ বিশ্ব চেম্পিয়নশ্বিপ অনুষ্ঠিত হোৱাৰ পৰিপেক্ষিপ্তত প্ৰতিজন খেলুৱৈয়ে এইবাৰৰ ইণ্ডিয়া অপেনক একপ্ৰকাৰ বিশ্বকাপলৈ অনুশীলন ৰূপে ল’ব৷
অহা ১৮ জানুৱাৰীলৈ অনুষ্ঠিত হ’বলগা ছুপাৰ ৭৫০ প্ৰতিযোগিতাখনত ঘৰুৱা অনুৰাগীৰ সন্মুখত খেলিব লগা ভাৰতীয় শ্বাটলাৰসকলো সাজু হৈছে৷ উল্লেখ্য যে লক্ষ্য সেনে ২০২২ চনত পুৰুষৰ একক শাখাত প্ৰতিযোগিতাৰ খিতাপ দখল কৰিছিল৷ কিন্তু তেতিয়া প্ৰতিযোগিতাখন ছুপাৰ ৫০০ ইভেণ্ট আছিল৷ ২০২৩ ৰ পৰা ইণ্ডিয়া অপেন ৭৫০ লৈ উন্নীত হোৱাৰ পাছত কোনো ভাৰতীয় শ্বাটলাৰে খিতাপ জয় কৰিব পৰা নাই৷ এইবাৰ পুৰুষৰ এককত ভাৰতৰ এক নম্বৰ শ্বাটলাৰ লক্ষ্যই দেশৰে উদীয়মান তাৰকা আয়ুষ শ্বেট্টীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷
আনহাতে, কিদাম্বী শ্ৰীকান্তে টাইৱানৰ লিন চুন-ইৰ বিৰুদ্ধে খেলিব৷ ইফালে, মহিলাৰ একক শাখাত যোৱা সপ্তাহত মালয়েছিয়া অ’পেনত ছেমিফাইনেলত অভিযান সামৰা অলিম্পিক পদকজয়ী পি ভি সিন্ধুৱে ভিয়েটনামৰ নুয়েন থুই লিনৰ বিৰুদ্ধে খেলিব৷ আনহাতে, মালবিকা বনছ’দে টাইৱানৰ পাই ইউ প’ৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব৷ পুৰুষৰ ডাবলছত ভাৰতীয়ৰ খিতাপৰ প্ৰত্যাশাক অন্ত পেলোৱাৰ আশা আছে সাতৱিকচৈৰাজ ৰেংকিৰেডী আৰু চিৰাগ শ্বেট্টীৰ ওপৰত৷। প্ৰতিযোগিতাখনৰ তৃতীয় স্থান লাভ কৰা যুটিটোৱে প্ৰথম ৰাউণ্ডত আমেৰিকাৰ চেন জি য়ি আৰু প্ৰেছলি স্মিথৰ বিৰুদ্ধে খেলিব৷
