গুৱাহাটী, ২২ অক্টোবৰ, ২০২৫ : বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ চেম্পিয়নশ্বিপৰ সফল সামৰণিৰ পাছত চলিত বছৰতে অসমত আৰু এখন আন্তৰ্জাতিক বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনোৱা অনুসৰি অহা দুই ডিচেম্বৰৰ পৰা গুৱাহাটীত য়নেক্স-ছানৰাইজ গুৱাহাটী মাষ্টাৰ্ছ ১০০ বেডমিণ্টন প্ৰতিযোগিতা অনুষ্ঠিত হ’ব৷ সৰুসজাইৰ (Sarusajai) অজুৰ্ন ভোগেশ্বৰ বৰুৱা ক্ৰীড়া প্ৰকল্পৰ কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনড’ৰ ষ্টেডিয়ামত হ’বলগা প্ৰতিযোগিতাখনত ইতিমধ্যে ১৭ খন দেশে অংশগ্ৰহণ নিশ্চিত কৰিছে৷
উল্লেখ্য যে বিশ্ব বেডমিণ্টন ফেডাৰেছনৰ বাৰ্ষিক ক্ৰীড়া সূচীৰ ছুপাৰ ১০০ প্ৰতিযোগিতাখন তৃতীয়বাৰৰ বাবে অসমত অনুষ্ঠিত হ’ব৷ অসমৰ মূখ্যমন্ত্ৰী তথা ভাৰতীয় বেডমিণ্টন সন্থাৰ সভাপতি ড॰ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশনাত ইতিমধ্যে প্ৰতিযোগিতাৰ সকলো প্ৰস্তুতি পৰ্যায়ক্ৰমে আগবাঢ়িছে বুলি অসম বেডমিণ্টন সন্থাৰ সম্পাদক ওমৰ ৰছিদে জনায়৷ ‘আমি খেলুৱৈ থাকিব লগা হোটেল আৰু ষ্টেডিয়ামৰ যাৱতীয় ব্যৱস্থা ইতিমধ্যে সম্পূৰ্ণ কৰি তুলিছো৷’ ৰছিদে কয়৷
পুৰুষ-মহিলাৰ একক তথা ডাবলছৰ লগতে মিক্সড ডাবলছ শাখাৰ খেল অনুষ্ঠিত হ’বলগা প্ৰায় এক লাখ ইউ এছ ডলাৰ প্ৰাইজমানী সম্বলিত প্ৰতিযোগিতাখনৰ ফাইনেল অহা সাত ডিচেম্বৰত অনুষ্ঠিত হ’ব৷ ছুপাৰ ১০০ প্ৰতিযোগিতাখনত ভাৰতসহ বিশ্বৰ প্ৰায় পাঁচশ খেলুৱৈ-বিষয়াই অংশ ল’ব৷ আনহাতে, আয়োজক ভাৰতীয় দলৰ হৈ অসমৰ শ্বাটলাৰেও গৃহভূমিত খেলিব বুলি কয় সম্পাদক ৰছিদে৷
যোৱাবছৰ গুৱাহাটী মাষ্টাৰ্ছ ১০০ বেডমিণ্টনৰ পুৰুষ-মহিলাৰ খিতাপ ভাৰত আৰু চীনে লাভ কৰাৰ বিপৰীতে ভাৰতে মহিলাৰ ডাবলছৰ তথা চীনে মিক্সড ডাবলছৰ সোণ অৰ্জন কৰিছিল৷ ইফালে পুৰুষৰ ডাবলছ খিতাপ জয় কৰিছিল মালয়েছিয়াৰ যুটিয়ে৷ এইবাৰো বিশ্ব বেডমিণ্টনৰ শক্তিধৰ সকলো দেশে প্ৰতিযোগিতাত অংশগ্ৰহণ নি(ত কৰিছে৷