দেৰগাঁও, ৩০ নৱেম্বৰ: গত কংগ্ৰেছ চৰকাৰৰ উদাহীনতাত অস্থিৰ হৈ বিকল্প হিচাপে জনসাধাৰণে বিজেপি চৰকাৰক শাসনৰ গাদিত বহুৱালে যদিও অতদিনে গোলাঘাট জিলাৰ বৃহত্তৰ ব্ৰহ্মপুত্র অঞ্চলটোত পৰিৱৰ্তনকামী চৰকাৰৰ কোনো এখন ফলপ্ৰসূৰ আঁচনিয়ে ঢুকি নাপালে। উল্লেখ্য যে, যাতায়াত ব্যৱস্থাটোৱে ৰাইজৰ উন্নয়নত বৰঙনি আগবঢ়ায় যদিও এই অঞ্চলটোৰ এতিয়াও সুদূৰ পাহাৰত অৱস্থিত। কিয়নো ৩৭ নং ৰাষ্ট্রীয় ঘাইপথ সংযোগী অতি গুৰুত্বপূৰ্ণ জৰাগুৰি- শান্তীপুৰ পথ, টেমেৰা-বাদুলিপাৰ পথ, খকন্দগুৰি – ৰঙামাটি পথ, চিকাৰীঘাট – দেৰগাঁও পথকেইটা মেৰামতিৰ অভাৱত বিধ্বস্ত হৈ আছে। একেদৰে মূল পথ সংযোগী দিচৈ নৈৰ ওপৰত মাজৰ চাপৰি, নাছনী পাৰ, চাৰমিচিং, গড়মৰাকে ধৰি চাৰিটাকৈ স্থানত থকা জৰাজীৰ্ণ বাঁহৰ দলঙৰে ৰাইজে সকলোধৰণৰ যাতায়াত অব্যাহত ৰাখিব লগা হৈছে। পৰিণতিত কালি দিচৈ নৈত থকা চাৰমিচিং গাঁও সংযোগী বিধ্বস্ত প্ৰায় বাঁহৰ দলঙেৰে বাইক লৈ ঠেলি আহি থকাৰ অৱস্থাতে স্থানীয় জৰাগুৰি গাঁৱৰ ভাইকন ৰবিদাস ( ২৭ ) নামৰ যুৱকজন বাইকসহ দলঙৰ পৰা তলত পৰি গুৰুতৰভাৱে আহত হৈ বৰ্তমান সংকটজনক অৱস্থাত যোৰহাট চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধিন অৱস্থাত আছে। উল্লেখ্য যে, বাঢ়নী পানীয়ে প্ৰতি বছৰে আটাইকেইখন দলঙৰ লগতে পথসমূহ বিধ্বস্ত কৰি আহিছে যদিও বৰ্তমানলৈকে চৰকাৰে মেৰামতিৰ ব্যৱস্থা নকৰাত জনসাধাৰণ যাতায়াতৰ বেলিকা সমস্যাৰ সন্মখুনী হৈ বহুসময়ত এনেদৰে দুৰ্ঘটনাত পতিত হৈ আহিব লগা হৈছে। সেয়ে আছু, টিএম পি কে, আটছা, কৃষক মুক্তিৰ লগতে বিভিন্ন দল – সংগঠন আৰু অঞ্চলবাসীয়ে সংশ্লিষ্ট বিভাগক শীঘ্র পথ আৰু দলঙৰ মেৰামতি কৰাৰ দাবী জনাইছে।