গুৱাহাটী

১৬ জুলাই

অধিক শক্তিশালী ৰূপত বন্ধন বেংক। এতিয়া ২.০৩ কোটি গ্ৰহকক সেৱা প্ৰদান বন্ধন বেংকৰ। বেংকৰ মুঠ সঞ্চয় ৩৫.৩০ শতাংশ বৃদ্ধিৰে হ’লগৈ ৬০,৬১০ কোটি। ঋণ বহীৰ ১৭.৬৮ শতাংশ বিকাশেৰে হ’লগৈ ৭৪,৩৩১ কোটি টকা।

বন্ধন বেংকে বিত্তীয় বৰ্ষ ২০২০-২১ ৰ প্ৰথম ত্ৰৈমাসিকৰ ফলাফল ঘোষনা কৰিছে। সেই অনুসৰি ২৪.৯৯ শতাংশ বিকাশ ঘটি বেংকটোৰ ব্যৱসায় বৃদ্ধি হৈছে ১,৩৪,৯৪১ কোটি টকা। ২০১৫-১৬ চনত বেংকটোৱে কাৰ্যক্ৰম আৰম্ভ কৰিছিল আৰু চলিত বৰ্ষৰ আগষ্ট মাহত প্ৰতিষ্ঠানটোৰ ৫ বছৰ সম্পূৰ্ণ হ’ব। মাত্ৰ ৫ বছৰতে বেংকটোৰ আউটলেটৰ সংখ্যা হৈছেগৈ ৪,৫৫৯ টা। ইয়াৰ জৰিয়তে প্ৰতিষ্ঠানটোৰ ২.০৩ কোটি গ্ৰাহকক সেৱা আগবঢ়োৱা হৈছে। বন্ধন বেংকত কৰ্মৰত মুঠ কৰ্মচাৰীৰ সংখ্যা হৈছেগৈ ৪১,৫৬৩ জন।

বিগত বর্ষৰ ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ সঞ্চয়ৰ বহীৰ পৰিমাণ ৩৫.৩০ শতাংশ বৃদ্ধি হৈছে। বেংকটোৰ বৰ্তমান মুঠ সঞ্চয়ৰ পৰিমাণ হৈছে ৬০,৬১০ কোটি টকা। বর্ষৰ ভিত্তিত কাৰেণ্ট একাউণ্ট আৰু সঞ্চয় একাউণ্ট ৪৭.৩০ শতাংশ বৃদ্ধি হৈ ২২,৪৭৩ কোটি টকা হৈছে আৰু সামগ্ৰিক সঞ্চয় বহীৰ ভিত্তিত চি. এ. এছ. এ হাৰ হৈছে ৩৭.০৮ শতাংশ। অগ্ৰিম বহীত বিগত বৰ্ষৰ এই ত্ৰৈমাসিকৰ তুলনাত বেংকটোৰ ১৭.৬৮ শতাংশ বিকাশ ঘটিছে। বৰ্তমান মুঠ আগধনৰ পৰিমাণ হৈছে ৭৪,৩৩১ কোটি টকা। বেংকটোৰ মুঠ এন.পি.এৰ পৰিমাণ হৈছে ০.৪৮ শতাংশ। বেংকৰ স্থিৰতাৰ সূচকাংক কেপিটেল এডেকুৱেচী ৰেট হৈছেগৈ ২৭.২৯ শতাংশ, লভ্যাংশকে ধৰি স্বাভাৱিকতকৈ ১০.৮৭৫ শতাংশ অধিক। বেংকৰ মুঠ লাভৰ পৰিমাণ হৈছে ৫৫০ কোটি টকা, যি পূৰ্বৰ ত্ৰৈমাসিকতকৈ ৬.৩৮ শতাংশ বেছি।

বন্ধন বেংকৰ এই ফলাফলৰ বিষয়ে এম.ডি. তথা চি.ই.অ চন্দ্ৰ শেখৰ ঘোষে কয় “চলিত বছৰৰ প্ৰথম ত্ৰৈমাসিকৰ সম্পূৰ্ণ সময়ছোৱাত দেশ লকডাউনৰ অধীনত আছে। এই সময়ছোৱাতে চৰকাৰ আৰু স্থানীয় প্ৰশাসনৰ সকলো নিৰ্দেশনা মানি চলি আমাৰ শাখাবোৰ কাৰ্যকৰী হৈ আছে। প্ৰত্যাহ্বানজনক সময়তো আমি আমাৰ গ্ৰাহকক অবিৰতভাৱে সেৱা প্ৰদান কৰি আছো। এই ত্ৰৈমাসিকৰ ফলাফলৰ জৰিয়তে বন্ধন বেংকৰ প্ৰাণোচ্ছল চৰিত্ৰ পুনৰ প্ৰতিষ্ঠিত হ’ল। আমাৰ ওপৰত বিশ্বাস অটুট ৰখাৰ বাবে আমি গ্ৰাহক, শুভাকাংক্ষী আৰু অংশীদাৰ সকলৰ প্ৰতি কৃতজ্ঞ”।