গুৱাহাটী

৭ জুলাই

বিশ্ব ত্ৰাস মহামাৰী কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ বাবে সম্প্ৰতি সমগ্ৰ দেশত চলি থকা লক ডাউনৰ পৰিপ্ৰেক্ষিতত জনজীৱন স্তব্ধ হৈ পৰিছে৷ সাধাৰণ তথা মধ্যবিত্ত পৰিয়াল সমূহৰ মাজত একপ্ৰকাৰ হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে৷ লকডাউনৰ বাবে আৰ্থিক সংকটত পৰা পৰিয়ালসমূহক সহায় কৰাৰ বাবে দেশৰ আগশাৰীৰ বিত্তীয় প্ৰতিষ্ঠান বন্ধন বেংকেও সহায়ৰ হাত আগবঢ়াইছে৷

দেশৰ অভাবনীয় সংকটৰ সময়ত বন্ধন বেংকৰ এম ডি তথা চি ই অ’ চন্দ্ৰশেখৰ ঘোষে ব্যক্তিগতভাৱে আৰু বন্ধন ট্ৰাষ্টৰ তৰফৰ পৰা ৫০ কোটি ১ লাখ টকা সাহায্য হিচাপে আগবঢ়াইছে৷ উল্লেখ্য যে, বন্ধন বেংকৰ ফাইনেঞ্চিয়েল ইনক্লুজন ট্ৰাষ্ট আৰু নৰ্থ ইষ্ট ফাইনেঞ্চিয়েল ইনক্লুজন ট্ৰাষ্টৰ যোগেদি অসমসহ বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ আগবঢ়াইছে ২৫ কোটি টকাৰ সাহায্য৷ একেদৰে পি এম কেয়াৰ্ছ পুঁজিলৈ ২৫ কোটি ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে৷ লক ডাউনৰ সময়ত আৰ্থিক সংকটত পৰা প্ৰায় পাঁচ লাখ পৰিয়ালৰ ১৫ দিনৰ খাদ্যৰ অভাৱ দূৰ কৰিবলৈ এহেজাৰ টকাকৈ নিৰ্ধাৰণ কৰি ৫০ কোটি ১ লাখ টকাৰ সাহায্য আগবঢ়াইছে বন্ধন বেংকৰ এম ডি তথ চি ই অ’ আৰু বন্ধন ট্ৰাষ্টৰ তৰফৰ পৰা৷ নাৰী সৱলীকৰণ আৰু দৰিদ্ৰতা দূৰীকৰণৰ লক্ষ্যৰে ২০০১ চনত চন্দ্ৰশেষৰ ঘোষৰ নেতৃত্বত বন্ধনে এন জি অ’ হিচাপে কাম আৰম্ভ কৰিছিল। ইয়াৰ বাবে প্ৰতিষ্ঠানটো উপাৰ্জনমুখী কাৰ্যাৱলীৰ উদ্দেশ্যে পিছ পৰা সম্প্ৰদায়ৰ মহিলা সকলক ক্ষুদ্ৰ ঋণ প্ৰদান কৰিছিল।

সময়ৰ লগে লগে এন জি অ’ টোৱে অভিযানৰ সীমাৰ পৰিবৰ্ধন ঘটাই আৰু পিছপৰা সম্প্ৰদায়ৰ উন্নয়নমূলক পৰিকল্পনাৰ বাবে ফাইনেঞ্চিয়েল ইনক্লুজন ট্ৰাষ্ট (এফ আই টি) আৰু নৰ্থ ইষ্ট ফাইনেঞ্চিয়েল ইনক্লুজন ট্ৰাষ্ট (এন ই এফ আই টি) নামৰ দুটা ন্যাস গঠন কৰিছিল৷ ২০১৫ চনৰ ২৩ আগষ্টত বন্ধন বিত্তীয় প্ৰতিষ্ঠান বেংকলৈ ৰূপান্তৰিত হয়, তেতিয়াৰ পৰা এফ আই টি আৰু এন ই এফ আই টিয়ে বেংকটোৰ প্ৰমোটাৰৰ ভূমিকা পালন কৰি আহিছে।