বৰপেটা, সংবাদ ৩৬৫, ২১ আগষ্ট : বাঘবৰ বিধান সভা সমষ্টি তথা বাঘবৰ ৰাজহ চক্ৰৰ অন্তৰ্গত গোপালপুৰৰ পৰা ৰহমপুৰলৈ যোৱা এইখন মূল ৰাস্তা বিগত পাঁচ বছৰ ধৰি এইদৰে জৰাজীৰ্ণ হৈ থকাৰ লগতে বানপানীৰ ফলত ঠায়ে ঠায়ে ভাঙি যোৱাত যমৰ যাতনা ভুগিব লগা হৈছে ৰাইজে।

এই ৰাস্তাৰে ৰহমপুৰ, যাদৱপুৰ, গোপালপুৰ আৰু ছলিমপুৰ গাঁৱৰ হাজাৰ হাজাৰ ৰাইজৰ লগতে মন্দিয়া কলেজ, মন্দিয়া হাইস্কুল, পহুমৰা জাতীয় বিদ্যালয়, মন্দিয়াৰ কেইবাখনো জাতীয় বিদ্যালয়ৰ শ শ ছাত্ৰ ছাত্ৰীয়ে এইদৰে টুলুঙা নাৱেৰে মৰণক শৰণ দি যাতায়ত কৰিব লগা হৈছে। স্থানীয় বিধায়ক শ্বেৰমান আলীয়ে ৰাস্তাটো মেৰামতি কৰিবলৈ কোনো ধৰণৰ কাণ সাৰ নিদিয়াৰ অভিযোগ উত্থাপিত হৈছে।

যোৱা বৰ্ষত ৰাস্তাটো মেৰামতিৰ নামত পি এম জি এছ ওৱাইৰ অধীনত টকা আবন্টন দিছিল যদিও নামমাত্ৰ কাম কৰি গোলাপ হুছেইন নামৰ এজন ঠিকাদাৰে হিংস ভাগ টকা আত্মসাৎ কৰিছে বুলি ৰাইজে অভিযোগ কৰিছে। শীঘ্ৰে দুৰ্নীতিগ্ৰস্ত ঠিকাদাৰ জনৰ অনুজ্ঞাপত্ৰ বাতিল কৰি অইন ঠিকাদাৰৰ হতুৱাই ৰাস্তাটো মেৰামতি কৰিবলৈ দাবী জনাইছে।