জোনমণি বেগম
বিশ্বনাথ : অসম-অৰুণাচল প্ৰদেশৰ সীমান্তৱৰ্তী কাৰ্বি ব্লক ক্ৰ আৰং গাঁওখনৰ পৰিৱেশ উপভোগ কৰক। গাঁওখনৰ প্ৰাকৃতিক আৰু মনোমোহা পৰিৱেশ আপ্লুত কৰি তুলিব আপোনাক। বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ ৰেঙনি কঢ়িয়াই আনিছে কাৰ্বি ব্লক ক্ৰ আৰং গাঁওখনৰ নান্দনিক দৃশ্যই।

বিশ্বনাথ জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী এটা সৰু অঞ্চল কাৰ্বি ব্লক। এই সীমান্তৱৰ্তী অঞ্চলটোক লৈ এতিয়া বিশ্বনাথৰ পৰ্যটন ক্ষেত্ৰলৈ এক আশাৰ ৰেঙনি দেখা গৈছে। প্ৰকৃতিয়ে যেন সৰ্বস্ব উজাৰি দিছে এই সৰু ঠাইখনক। কাৰ্বি জনগোষ্ঠীৰ মিলন ভূমি এই অঞ্চলকলৈ এতিয়া আৰম্ভ হৈছে গ্ৰাম্য পৰ্যটনৰ আখৰা। সকলো যেন ব্যস্ত এতিয়া এই পৰ্যটন ক্ষেত্ৰ খনকলৈ।

এই গ্ৰাম্য পৰ্যটনৰ ৰূপৰেখা প্ৰস্তুত কৰিছে উত্তৰ অসমৰ আগশাৰী শিক্ষানুষ্ঠান বিশ্বনাথ মহাবিদ্যালয়ে। ২০২১ চনৰ জানুৱাৰী মাহত কাৰ্বি ব্লক ক্ৰ আৰংত সেই সময়ত বিশ্বনাথ মহাবিদ্যালয়ৰ এটা ৰাষ্ট্ৰীয় সেৱা আচঁনিৰ অধীনত এটা শিবিৰ স্থাপন কৰা হৈছিল। শিবিৰখনৰ উদ্দেশ্য আছিল গাঁওখন স্বচ্ছ গাঁও হিচাপে গঢ়ি তোলা। প্ৰায় ৩৫ বিঘা ভূমিত নিৰ্মিত এই ইকো কেম্পটো এতিয়া বিশ্বনাথৰ বহুতৰে বাবে হৈ পৰিছে আকৰ্ষণৰ কেন্দ্ৰবিন্দু।

বাঁহেৰে নিৰ্মাণ কৰা ওখ টাৱাৰটোৰ পৰা সমগ্ৰ কেম্পটোৰ সৌন্দৰ্য উপভোগ কৰিব পাৰি।শিশুয়ে খেলিব পৰাকৈ নিৰ্মাণ কৰা হৈছে কেইপদ মান সামগ্ৰী। চোৱা-চিতাৰ দায়িত্ব লোৱা বিশ্বনাথ মহাবিদ্যালয়ৰ ফালৰ পৰা লাভ কৰা ১ লাখ টকা আৰু এন এচ এছৰ ফালৰ পৰা লাভ কৰা ৩০ হেজাৰ টকা মুলধন হিচাপে লৈ এই পৰ্যটনস্থলী নিৰ্মাণ কৰা উদ্যোক্তা সকল আশাবাদী এই ঠাইখন পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰ বিন্দু হৈ উঠিব বুলি।