নগাঁও, ৪ ডিচেম্বৰ: নগাঁও জিলাৰ চামগুৰিৰ পহুকটাত এখন সকলোৰে আৰ্কষণীয় বিয়া৷ বিয়াখনক লৈ চামগুৰি আৰু পুৰণিগুদাম অঞ্চলত সৃষ্টি হ’ল ব্যাপক আনন্দ উল্লাস৷ কাৰণ বেহাৰবাৰী আউটপোষ্টৰ কে.কেৰ সংসাৰত ফাট মেলিল৷ কে.কেৰ মৰমৰ পত্নী মনি বৌ হ’লগৈ লখিমপুৰৰ বোৱাৰী। চামগুৰিৰ পহুকতাৰ পৰা অভিনয়ৰ বাবে গুৱাহাটীলৈ গৈ ৰেঙনি টিভি ৰ বেহাৰবাৰী আউটপোষ্ট ধাৰাবাহিকত অভিনয় কৰা পাপৰি বৰাই (মনি) নিজৰ সাংসাৰিক জীৱন আৰম্ভ কৰে লক্ষীমপুৰৰ বিশ্বজিৎ বৰুৱাৰ লগত। মণিৰ বিয়ালৈ বুলি বেহাৰবাৰী আউটপোষ্টৰ সকলো অভিনেতা-অভিনেত্ৰী আগমন ঘটে। তেখেত সকলক চাবলৈ বহুলোকে মণিৰ বিয়াত ভিৰ কৰা দেখা গ’ল। আমন্ত্ৰিত অতিথিৰ লগতে জনপ্ৰিয় অভিনেত্ৰী গৰাকীৰ বিবাহ অনুষ্ঠানত অনিমন্ত্ৰিত অতিথিয়েও ভিৰ কৰা পৰিলক্ষিত হ’ল৷