বৰপেটা, সংবাদ ৩৬৫, ১০ জুন : বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত গুইলেজাত বেঁকী নৈৰ বিধ্বংসী খহনীয়াত জাহ গল ১০২৬ নং চৰ গুইলেজা প্ৰাথমিক বিদ্যালয়। যাৰ বাবে ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱনলৈ নামি আহিছে অন্ধকাৰ। বিগত তিনিবছৰ ধৰি হৈ থকা বেঁকী নৈৰ খহনীয়াত ইতিমধ্যেই ৫০ টা পৰিয়ালৰ মাটি-ভেটি বেকী নৈৰ বুকুত বিলীন হৈছে।

উল্লেখ্যে যে, বেঁকী নৈৰ ৰুদ্ৰমূৰ্তি দেখি একে চৌহদতে থকা গুইলেজা এম ই মাদ্ৰাছাখন স্থানান্তৰ কৰা হৈছে। কিন্তু বিভাগীয় কৰ্তৃপক্ষক অৱগত কৰাৰ পিছতো কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত কালি বিদ্যালয়গৃহ খহনীয়াৰ কৱলত পৰে। গুইলেজা গাঁওৰ ৰাইজে বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে বাৰে বাৰে স্থানীয় বিধায়ক, বৰপেটা জিলা প্ৰশাসন আৰু অসম চৰকাৰলৈ বাৰে বাৰে দাবী দি আহিছিল যদিও কোনো ব্যৱস্থা গ্ৰহণ কৰা নাই।

অতি সোনকালে যদি বেঁকী নৈৰ খহনীয়া প্ৰতিৰোধৰ ব্যৱস্থা কৰা নহয় তেন্তে শতাধিক পৰিয়ালৰ মাটি-ভেটি নৈখনৰ বুকুত বিলীন হব বুলি শংকা প্ৰকাশ কৰাৰ লগতে সৰ্বানন্দ সোনোৱাল চৰকাৰক গৰাখহনিয়া প্ৰতিৰোধৰ স্থায়ী সমাধানৰ ব্যৱস্থা কৰাৰ বাবে দাবী উত্থাপন কৰিছে।