গুৱাহাটী, সংবাদ ৩৬৫, ২৫ এপ্ৰিলঃ মহানগৰীৰ বশিষ্ঠ আৰক্ষীয়ে বুধবাৰে এক অভিযান চলাই বৃহৎ পৰিমাণৰ ফেঞ্চিডাইল জব্দ কৰে। আৰক্ষীয়ে জব্দ কৰা ফেঞ্চিডাইলৰ বজাৰ মূল্য প্ৰায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। প্ৰাপ্ত তথ্য মতে, বশিষ্ঠ আৰক্ষীয়ে এক গোপন সূত্ৰৰ পৰা লাভ কৰা খবৰৰ ভিত্তিত গুজৰাটৰ আহমেদাবাদৰ পৰা ট্ৰাকৰে গুৱাহাটীলৈ আনি থকা অৱস্থাত এই বৃহৎ পৰোমানৰ ফেঞ্চিডাইল জব্দ কৰিবলৈ সক্ষম হয়। আৰক্ষীয়ে নিচাযুক্ত সামগ্ৰীখিনি সৰবৰাহৰ লগত জড়িত থকাৰ সন্দৰ্ভত মহিন্দ্ৰ শৰ্মা নামৰ এজন লোকক আটক কৰিছে। ৰাজস্থানৰ বাসিন্দা মহিন্দ্ৰ শৰ্মা দীৰ্ঘদিন ধৰি গুৱাহাটী মহানগৰীৰ লগতে বিভিন্ন অঞ্চলত নিচাযুক্ত সামগ্ৰীৰ ব্যৱসায়ী চলাই আহিছিল।