গুৱাহাটী, ২৫ আগষ্ট, ২০২৫ : ভাৰতীয় বায়ু সেনাই (Indian Air Force) আয়োজন কৰা ৬৪ সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ জুনিয়ৰ ছোৱালীৰ শাখাৰ ছেমিফাইনেলত প্ৰৱেশ কৰিছে অসমক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ বেতকুছি হাইস্কুল দলে৷ নতুন দিল্লীত চলি থকা ১৭ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনৰ কোৱাৰ্টাৰ ফাইনেলত বেতকুছি হাইস্কুলৰ ছোৱালী দলে ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰে গোৱাৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰছেকেণ্ডাৰী স্কুলক৷

ড॰ আম্বেদকাৰ ষ্টেডিয়ামত অনুষ্ঠিত মেচখনত অসমৰ চৰকাৰী অসমীয়া মাধ্যমৰ বিদ্যালয়ৰ দলটোৰ সন্মুখত গোৱাৰ অভিজাত ইংৰাজী মাধ্যমৰ ব্যক্তিগত স্কুলখনৰ ছোৱালী দলটোৱে প্ৰত্যাহ্বানে দিবলৈ সক্ষম নহ’ল৷ ৬০ মিনিটৰ একপক্ষীয় খেলখনত ৬ টাকৈ গ’ল কৰি বিপক্ষক বিধ্বস্ত কৰে বেতকুছি হাইস্কুল দলে৷ গুৱাহাটীৰ দলটোৰ হৈ মিলিনা ব্ৰহ্মই তিনিটা গ’ল কৰি হেট্ৰিক অৰ্জন কৰাৰ বিপৰীতে মেৰী মেচে দুটা আৰু মুস্কান দৰ্জীয়ে এটা গ’ল দিয়ে৷

উল্লেখ্য যে গ্ৰুপৰ শীৰ্ষ দলৰূপে অপৰাজেয় যাত্ৰা অব্যাহত ৰাখি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল অসম চৰকাৰৰ ক্ৰীড়া বিভাগে আয়োজন কৰা এন এন সিংহ আন্তঃজিলা ছোৱালী ফুটবলৰ চেম্পিয়ন বেতকুছি হাইস্কুলে৷ চত্তিছগড়ৰ লগত ২-২ গ’লত ড্ৰ খেলি অভিযান আৰম্ভ কৰা অসমে লাক্ষাদ্বীপক একমাত্ৰ গ’লত পৰাস্ত কৰাৰ লগতে অন্তিম গ্ৰুপ মেচত শ্ৰীলংকা ফুটবল ফেডাৰেছনৰ জুনিয়ৰ ছোৱালী দলক ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল৷ নকআউট মেচত পুনৰ ৬ টাকৈ গ’ল কৰি ২৪ ঘণ্টা পাছতে আম্বেদকাৰ ষ্টেডিয়ামত হ’বলগা ছেমিফাইনেললৈ মানসিকভাৱে দৃঢ় আৰু আত্মবিশ্বাসী হৈ নামিবলৈ সাজু বেতকুছি হাইস্কুল৷

ছেমিফাইনেলত বেতকুছি হাইস্কুলে কেৰালাৰ লাল বাহাদুৰ শাস্ত্ৰী মেম’ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ বিৰুদ্ধে খেলিব৷ কোৱাৰ্টাৰ ফাইনেলত কেৰালাৰ ছোৱালী দলে একমাত্ৰ গ’লত পৰাস্ত কৰে মেঘালয়ৰ নংজৰী প্ৰেছবিটেৰিয়ান ছেকেণ্ডাৰী স্কুলক৷ উল্লেখ্য যে অসমে এতিয়ালৈকে খেলা চাৰিখন খেলত ১৫ টা গ’ল কৰাৰ বিপৰীতে বিপক্ষৰ দুটা গ’লহে খাইছে৷