গুৱাহাটী, ২৬ আগষ্ট, ২০২৫ : অসমক প্ৰতিনিধিত্ব কৰা গুৱাহাটীৰ (Guwahati) বেতকুছি হাইস্কুলৰ ছোৱালী দলে অশ্বমেধৰ দুৰন্ত পৰাক্ৰমী ঘোঁৰাৰ দৰেই আগুৱাই গৈ চলিত ৬৪ সংখ্যক সুব্ৰত কাপ আন্তৰ্জাতিক স্কুল ফুটবল প্ৰতিযোগিতাৰ ফাইনেলত প্ৰৱেশ কৰিছে৷ ভাৰতীয় বায়ু সেনাই আয়োজন কৰা জুনিয়ৰ ছোৱালীৰ ঐতিহাসিক প্ৰতিযোগিতাখনৰ ছেমিফাইনেলত অসম জননীৰ কন্যাই বিপক্ষ কেৰেলাক ৪-১ গ’লৰ ব্যৱধানত বিধ্বস্ত কৰি খিতাপৰ মহাৰণলৈ অগ্ৰসৰ হয়৷

নতুন দিল্লীৰ ড॰ আম্বেদকাৰ ষ্টেডিয়ামত চলি থকা ১৭ বছৰ অনূধ্বৰ্ৰ প্ৰতিযোগিতাখনৰ ৬০ মিনিটৰ একপক্ষীয় ছেমিফাইনেল মেচখনত সুসংগঠিত বেতকুছি হাইস্কুলৰ সন্মুখত কাৰ্যতঃ আত্মসমৰ্পন কৰে কেৰালাৰ লাল বাহাদুৰ শাস্ত্ৰী মেম’ৰিয়েল হায়াৰ ছেকেণ্ডাৰী স্কুলৰ ছোৱালী দলটোৱে৷ উল্লেখ্য যে প্ৰতিযোগিতাত এয়া অসমৰ ছোৱালী দলটোৰ ক্ৰমাগত তৃতীয়খন মেচত বৃহৎ ব্যৱধানত জয়ৰ গৌৰৱময় সফলতা৷ ২৪ ঘণ্টা পূৰ্বে আম্বেদকাৰ ষ্টেডিয়ামতে বেতকুছি হাইস্কুলৰ ছাত্ৰীৰ দলটোৱে কোৱাৰ্টাৰ ফাইনেলত ৬-০ গ’লৰ ব্যৱধানত পৰাস্ত কৰিছিল গোৱাৰ ছেইণ্ট জেভিয়াৰ্ছ হায়াৰছেকেণ্ডাৰী স্কুলক৷

আনহাতে, অন্তিম গ্ৰুপ মেচত অসমৰ কন্যাৰ দলে শ্ৰীলংকা ফুটবল ফেডাৰেছনৰ জুনিয়ৰ ছোৱালী দলটোক ৬-০ গ’লৰ ব্যৱধানত হৰুৱাই সকলোকে চমক দিছিল৷ আত্মবিশ্বাসী গুৱাহাটীৰ দলটোৰ হৈ তিনিটা গ’ল কৰি হেট্ৰিক অৰ্জন কৰে মেৰী মেচে৷ এয়া মেৰীৰ প্ৰতিযোগিতাত দ্বিতীয়টো হেট্ৰিক৷ ইয়াৰপূৰ্বে গ্ৰুপ মেচত শ্ৰীলংকাৰ বিৰুদ্ধেও মেৰীয়ে তিনিটা গ’ল কৰিছিল৷ যোৱা তিনিখন মেচত মেৰীৰ এয়া আঠ নম্বৰ গ’ল৷ মেৰীয়ে গোৱাৰ বিৰুদ্ধে কোৱাৰ্টাৰ ফাইনেলত দুটা গ’ল কৰিছিল৷

ইফালে, গোৱাৰ বিৰুদ্ধে হেট্ৰিক অৰ্জন কৰা বেতকুছিৰ মিলিনা ব্ৰহ্মই অসমৰ হৈ চতুৰ্থটো গ’ল দিয়ে৷ উল্লেখ্য যে পাঁচখন মেচৰ চাৰিখনত জয় তথা এখন ড্ৰ খেলি অপৰাজেয় যাত্ৰা অব্যাহত ৰখা বেতকুছি হাইস্কুলে প্ৰতিযোগিতাত ১৯ টা গল কৰাৰ বিপৰীতে বিপক্ষৰ তিনিটা গলহে খাইছে৷ আত্মবিশ্বাসী গুৱাহাটীৰ দলটোৱে অহা ২৮ আগষ্টত হ’বলগা ফাইনেলত বংগৰ মুখানুখি হ’ব৷ আজি হোৱা আনখন ছেমিফাইনেলত বংগই একমাত্ৰ গলত পৰাস্ত কৰে হাৰিয়ানাক৷