গুৱাহাটী, ৯ ডিচেম্বৰ, ২০২৩ : “আমি ইমানদিনে কিতাপৰ লাইব্ৰেৰী দেখি আহিছিলো, কিন্তু টকাৰ লাইব্ৰেৰী দেখা নাছিলোঁ” এই বক্তব্য ৰাজ্যিক বিজেপিৰ (BJP) সভাপতি ভবেশ কলিতাৰ। শনিবাৰে বিজেপি দলৰ বশিষ্ঠস্থিত মুখ্য কার্যালয়ত এক সংবাদমেলত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই ঝাৰখণ্ডৰ কংগ্রেছী সাংসদ ধীৰাজ চাহুৰ বাসগৃহত ২৯০ কোটিতকৈয়ো অধিক নগদ টকা উদ্ধাৰৰ ঘটনাৰ প্ৰতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছে এনেকৈয়ে দেশখন লুটি আহিছে। এই টকা কৰ পৰা আহিছে এই প্ৰশ্নৰ উত্তৰ কংগ্ৰেছে দিব লাগিব।

ৰাজ্যিক বিজেপিৰ সভাপতি গৰাকীয়ে কয় যে সকলো ক্ষেত্ৰতে ইডিৰ জেৰাৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰা কংগ্ৰেছে এই অবৈধ ধনৰ সৈতে দলটোৰ সম্পৰ্ক যে আছে সেয়া গাপ দিবলৈ বিচাৰিছে। এই ঘটনাক আমি ধিক্কাৰ দিছোঁ আৰু অধিক জেৰা কৰিবলৈ দাবী জনাইছোঁ। লগতে সকলো কংগ্ৰেছ সাংসদক জেৰা কৰিবলৈয়ো ভবেশ কলিতাই দাবী উত্থাপন কৰে। দুর্নীতিত লুতুৰী-পুতুৰী হোৱা কংগ্ৰেছে বিজেপিৰ বিৰুদ্ধে ইণ্ডি এলায়েন্স গঠন কৰি দুৰ্নীতিৰ বিৰুদ্ধে শ্ল’গান দিয়ে।

সংবাদ মেলত ৰাজ্যিক বিজেপিৰ সভাপতি ভবেশ কলিতাই পুনৰ কয় যে কংগ্ৰেছে সদায় নিজৰ পকেটৰ কথা চিন্তা কৰে। কংগ্ৰেছ যিহেতু মাষ্টাৰ ট্ৰেইনাৰ, সেয়ে বিধায়ক-সাংসদ আৰু জনতাক ক্ৰয় কৰিবলৈ এই অবৈধ ধন তেওঁলোকে লগত ৰাখিছিল। এনেকুৱা ভ্রষ্টাচাৰী আৰু দুর্নীতিগ্রস্ত দলক লোকসভা নির্বাচনত ৰাইজে যে এক শিক্ষা দিব সেয়া নিশ্চিত। নৰেন্দ্ৰ মোদী যে তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হ’ব সেয়াও এশ শতাংশই শুদ্ধ। বিজেপিৰ বিৰুদ্ধে যুঁজিবলৈ কংগ্রেছক বাহিৰৰ শক্তিয়েও ধনৰ যোগান ধৰে বুলি ৰাইজৰ মুখে মুখে চলি অহা বুলিও ভবেশ কলিতাই মন্তব্য কৰে।

আনহাতে ইণ্ডি এলায়েন্সক সমালোচনা কৰি ভবেশ কলিতাই কয়, তেওঁলোকক ক্ষমতা লাগে একমাত্ৰ ৰাইজক শোষণ কৰিবলৈহে। জনতাই শোষণ কৰিবলৈ কেতিয়াও ক্ষমতা প্ৰদান নকৰে। সেয়েহে নৰেন্দ্ৰ মোদীক ৰাইজে ক্ষমতাক বহুৱাই ৰাখিছে।
সংবাদ মেলত ভবেশ কলিতাই প্রদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক কটাক্ষ কৰি কয়, এনেকুৱা টকাৰ লাইব্ৰেৰী ভূপেন বৰাৰ ঘৰতো কেতিয়াবা দেখা পাব পাৰে। কাৰণ এই ধনৰ ভাগ তেওঁলোকেও পায়।

উল্লেখ্য যে ঝাৰখণ্ডৰ কংগ্রেছী সাংসদ ধীৰাজ চাহুৰ বাসগৃহত আয়কৰ বিভাগে এক অভিযান চলায়। অভিযানকালত কংগ্ৰেছী সাংসদ গৰাকীৰ বাসগৃহৰ পৰা বৰ্তমানলৈকে ২৯০ কোটিতকৈও অধিক টকা জব্দ কৰা হৈছে। সংবাদ মেলত সাংসদ তথা মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব পবিত্র মাৰ্ঘেৰিটা, ৰাজ্যিক বিজেপিৰ সংবাদ বিভাগৰ আহ্বায়ক দেৱান ধ্ৰুৱজ্যোতি মৰলো উপস্থিত আছিল।