অনলাইন ডেস্ক সংবাদ ৩৬৫, ১৪ আগষ্টঃ শ্ৰীলংকাৰ পালেকেল্লে টেষ্টত ভাৰতে এটা ইনিংছ ১৭১ ৰাণত জয়ী হৈ ৩-০ৰে শৃংখলা দখল কৰি ইতিহাস ৰচনা কৰে৷ ভাৰতীয় দলে ১৯৩২ত টেষ্ট শৃংখলাত খেলা আৰম্ভ কৰাৰ পিছৰে পৰা ৮৫ বছৰত প্ৰথমবাৰলৈ বিদেশৰ ভূমিত তিনিটা টেষ্ট খেলৰ শৃংখলাত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হয়৷ ইয়াৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে ২০০৪ত বাংলাদেশত  আৰু ২০০৫ত জিম্বাবোৱেত টেষ্ট শৃংখলা দখল কৰিছিল যদিও সেইদুখন দুটা টেষ্ট খেলৰ শৃংখলাহে আছিল৷ পালেকেল্লে টেষ্টত বিজয়ৰ লগতে ভাৰতীয় ক্ৰিকেট দলে তিনিখন বা ততোধিক টেষ্ট শৃংখলাত প্ৰথমবাৰলৈ বিজয় অৰ্জন কৰে৷ ইয়াৰ লগতে বিৰাট কোহলী ভাৰতীয় টেষ্ট ক্ৰিকেটৰ ৮৫ বছৰীয়া ইতিহাসত বিদেশত তিনিটা ইংনিছত বিজয় সাব্যস্ত কৰি এটা শৃংখলা দখল কৰা প্ৰথম ভাৰতীয় অধিনায়ক হিচাপে কৃতিত্ব অৰ্জন কৰে৷ উল্লেখ্য যে, শ্ৰীলংকাৰ পালেকেল্লে টেষ্টত ভাৰতে প্ৰথম ইনিংছ ৪৮৭ ৰাণ সংগ্ৰহ কৰে৷ শ্ৰীলংকাই প্ৰথম ইংনিছত ১৩৫ ৰাণ আৰু দ্বিতীয় ইংনিছত ১৮১ ৰাণ সংগ্ৰহ কৰিবলৈ সক্ষম হয় আৰু ভাৰতে ৩-০ৰে শৃংখলা দখল কৰে৷ ভাৰতীয় দলৰ শিখৰ ধৱনে ব্যক্তিগত সৰ্বোচ্চ ১১৯ আৰু হাৰ্দিক পাণ্ডিয়াই ব্যক্তিগত সৰ্বোচ্চ ১০৮ ৰাণ সংগ্ৰহ কৰে৷ হাৰ্দিক পাণ্ডিয়াক মেন অৱ দ্যা মেছ আৰু শিখৰ ধৱনক মেন অৱ দ্যা ছিৰিজ দিয়া হয়৷ শিখৰ ধৱনে ছিৰিজটোত ব্যক্তিগত সৰ্বোচ্চ ৩৫৮ ৰাণ সংগ্ৰহ কৰে৷