সাম্প্ৰতিক অসমত চলি থকা বিদেশী চিনাক্তকৰণ আৰু বিভাজনৰ ভিত্তি বৰ্ষ বিতৰ্ক সন্দৰ্ভত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে স্থিতি স্পষ্ট কৰিব বিচাৰিছোঁ৷

কিন্তু আমি ভালদৰে চাব লাগিব যে এই বিতৰ্কই যেন বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ নিচিনা মূল বিষয়টোক তল নেপেলায়৷ আমি সতৰ্ক হ’ব লাগিব৷ ৮৫৫ শ্বহীদৰ কেঁচা তেজৰ বিনিময়ত ৬ বছৰীয়া এটা সংগ্ৰামৰ অৱসান ঘটাই ত্ৰিপাক্ষিক অসম চুক্তি স্বাক্ষৰিত হৈছিল ১৯৮৫ চনতেই৷ এই সুদীৰ্ঘ তিনি দশকত লুইতৰ বুকুৱেদি বহুত পানী বাগৰি গ’ল৷ দেশখন সামাজিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক ক্ষেত্ৰত বাৰুকৈয়ে সলনি হ’ল৷ এতিয়া আমি বিদেশী চিনাক্তকৰণ আৰু বিতাৰণৰ ভিত্তি বৰ্ষৰ বিতৰ্ক মূল বিষয় হিচাপে নলৈ চুক্তিখনৰ প্ৰতিটো দফা আখৰে আখৰে ৰূপায়ন কৰাতো অতি প্ৰয়োজন৷

কিন্তু বিজেপি নেতৃত্বাধীন কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে হিন্দু বাংলাদেশী নাগৰিকৰ ভোটেৰে নিৰ্বাচনী বৈতৰণী পাৰ হোৱাৰ আশাত বিদেশী নাগৰিকৰ স্বাৰ্থক ৰক্ষনাবেক্ষন দিয়াতহে উঠিপৰি লাগিছে৷ নিৰ্বাচনৰ আগত কোটি কোটি বাংলাদেশী নাগৰিকৰ কথা কোৱা বিজেপি দল আৰু চৰকাৰে আজি উট পক্ষীৰ ভূমিকা লৈছে৷ অসমৰ অসমীয়াৰ মান-মৰ্যদাৰ কথা কোৱা কংগ্ৰেছে আজি অনুপ্ৰবেশকাৰীৰ স্বাৰ্থত৷ এতিয়া আৰু বুজিবলৈ বাকী নাই যে বাংলাদেশী অনুপ্ৰৱেশকাৰী অবিহনে বিজেপি আৰু কংগ্ৰেছৰ নিচিনা ৰাজনৈতিক দলৰ ভৱিষ্যত অন্ধকাৰ৷ ৰাজনৈতিক লাভালাভৰ স্বাৰ্থত বাংলাদেশী নাগৰিকক সুৰক্ষা দিয়াত ব্যস্ত এই দলৰ নেতাবোৰ৷ স্ব-জাতিৰ বাবে কাস্মিন মানো অনুকম্পা নাই, নহ’লেনো উচ্চতম ন্যায়ালয়ত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰে নিৰ্লজ্জভাৱে কেতবোৰ বিভ্ৰান্তিমূলক তথ্যৰে ন্যায়পালিকাক বিপথে পৰিচালিত কৰাৰ চেষ্টা কৰেনে? তিনিটা দশকৰ পূৰ্বে স্বাক্ষৰিত চুক্তি এখনৰ এটা মূল দফা সংশোধনীক লৈ হোৱা বিতৰ্ক অত্যন্ত দুৰ্ভাগ্যজনক৷

এতিয়া প্ৰয়োজন অসম চুক্তিক সঠিক বাবে ৰূপায়নৰ বাবে এক সবল আৰু সুষ্ঠ জনমতৰ৷ অযথা বিতৰ্কই অসমবাসীৰ মাজত অধিক বিভেদ অনাৰ সম্ভাৱনাই বেছি৷ চৰকাৰ বা প্ৰধান ৰাজনৈতিক দলৰ ষড়যন্ত্ৰক আমিয়েই ধূলিসাৎ কৰিবই লাগিব৷ অনুপ্ৰৱেশকাৰীৰ অনুকম্পাটো আমাক নালাগে৷ আমাক লাগে অসমত অসমীয়াত্বৰে জীয়াই থাকিবলৈ৷

বিৰাজ কুমাৰ তালুকদাৰ
সভাপতি
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ