নুৰউদ্দিন

বিলাসীপাৰা : সোমবাৰে বিলাসীপাৰা মহকুমাধিপতি সভাকক্ষত আগন্তুক ঈদ-উদ-জুহা উৎসৱ পালন উপলক্ষে এক সভাৰ আয়োজন কৰা হয়। উক্ত সভাত সভাপতিত্ব কৰে কাৰ্যবাহী দণ্ডাধীশ কৃতিকা বসুমতাৰীয়ে আৰু বিলাসীপাৰাৰ সহকাৰী আয়ুক্ত সকল, কাৰ্যালয়ৰ বিভিন্ন বিষয়াববীয়া সকল আৰু বিলাসীপাৰাৰ বিভিন্ন ঈদগাহ সমিতিৰ সভাপতি-সচিব, গণ্যমান্য ব্যক্তি সকল উপস্থিত থাকে।

সভাত কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে কয় যে ক’ভিডৰ নীতি নিৰ্দেশনা মানি ঈদ উৎসৱ সুকলামে পালন কৰা উচিত। তেখেতে মহকুমাৰ অগ্নি নিৰ্বাপক বাহিনীক সংকত অৱস্থাত কাৰ্যকৰী কৰাৰ উদ্দেশ্যে প্ৰস্তুত থাকিবৰ বাবে আৰু মহকুমা স্বাস্থ্য বিষয়াই নিজৰ স্বাস্থ্যৰ দল সাজু ৰাখিবলৈ আদেশ দিয়ে। ৰাইজক মছজিদ আৰু সদৃশ ধৰ্মীয় অনুষ্ঠানত জন সমাগম পৰিহাৰ কৰি প্ৰাৰ্থনা কৰিবলৈ অনুৰোধ জনায় কাৰ্যবাহী দণ্ডাধীশ গৰাকীয়ে।

ক’ভিডৰ নীতি নিৰ্দেশনা মানি আৰু শান্তি শৃংখলা বজাই ৰাখি উৎসৱ পালন কৰিবলৈও ৰাইজক অনুৰোধ জনোৱা হয়। উৎসৰ্গা সম্পৰ্কীয় ধাৰ্মিক আচাৰ উচিতভাৱে নিষ্পত্তি কৰণ কাৰ্যকৰী কৰাৰ পদক্ষেপ অৱলম্বন কৰিবলৈ।ৰাইজক সভাত অনুৰোধ জনোৱা হয়।