জৈৱ-প্ৰযুক্তিবিদ্যা বা বায়োটেকন’লজি পঢ়ি ছাত্র-ছাত্রীসকলে উন্নত কেৰিয়াৰ গঢ়িব পাৰে। ইয়াৰ বাবে ছাত্র-ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ বিজ্ঞান শাখাৰ চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ হোৱা পিছত জৈৱ-প্ৰযুক্তিবিদ্যাৰ স্নাতক পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে । জৈৱ-প্ৰযুক্তিবিদ্যাত স্নাতক, স্নাতকোত্তৰ, এমফিল আৰু পিএইচডি পাঠ্যক্রম কৰিব পাৰি । অৱশ্যে, অসমত স্নাতক পৰ্যায়ত জৈৱ-প্ৰযুক্তিবিদ্যা পাঠ্যক্রম থকা শিক্ষানুষ্ঠানৰ সংখ্যা কম। জৈৱ-প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্রমত নাম ভৰ্ত্তিৰ বাবে বেছিভাগ শিক্ষানুষ্ঠানত বাছনি পৰীক্ষা অনুষ্ঠিত হয়। এটা উল্লেখযোগ্য বাছনি পৰীক্ষা জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ে পৰিচালনা কৰে। এই পৰীক্ষাৰ সবিশেষ ৱেবছাইটত http://www.jnu.ac.in চাব পাৰে।

অসমত জৈৱ-প্ৰযুক্তিবিদ্যাত শিক্ষা গ্রহণ কৰিব পৰা শিক্ষানুষ্ঠান আছে। গুৱাহাটী বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যা বিষয়ক স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ১৮ খন। বিজ্ঞানৰ স্নাতক সকলে (ৰসায়ন বিজ্ঞান/প্রাণী বিজ্ঞান/উদ্ভিদ বিজ্ঞান/

মাইক্ৰ’বায়’লজী/বায়’কেমিষ্ট্ৰি ) এই পাঠ্যক্রমত নামভৰ্তি কৰিব পাৰে৷

জৈৱ-প্ৰযুক্তিবিদ্যাত মেজৰ হিচাপে লৈ ৫০% নম্বৰ সৈতে উত্তীৰ্ণ হ’ব লাগে৷ আনহাতে অনসূচিত জাতি, জনজাতি প্রাৰ্থীৰ বাবে উৰ্ত্তীণৰ নম্বৰ ৪৫% । গুৱাহাটী বিশ্ববিদ্যালয়তো এই পাঠ্যক্রমত নামভৰ্ত্তিৰ বাবে বাছনি পৰীক্ষা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যা বিষয়ত পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। তেজপুৰ বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ৩০ খন আৰু পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৫ খন আৰু ইয়াতো পিএইচডি পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে । অসম বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ বিষয়ৰ স্নাতকোত্তৰ পাঠ্যক্রমত আসনৰ সংখ্যা ২৪ খন । অসম বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যা বিষয়ত এমফিল, পিএইচডি আৰু ডিএচ পাঠ্যক্রম অধ্যয়ন কৰিব পৰা সুবিধা আছে। ভাৰতীয় প্রযুক্তিবিদ্যা প্রতিষ্ঠান চমুকৈ আইআইটি গুৱাহাটীত জৈৱ-প্ৰযুক্তিবিদ্যাৰ বিটেক, এমটেক আৰু পিএইচডি পাঠ্যক্রম অধ্যয়নৰ সুবিধা আছে ।

জৈৱ-প্ৰযুক্তিবিদ্যা বিষয়ত স্নাতক পাঠ্যক্রম অধ্যয়ন কৰিব পৰা অসমৰ কেইখনমান মহাবিদ্যালয় হৈছে- দৰং মহাবিদ্যালয়, পাণ্ডু মহাবিদ্যালয়, কটন মহাবিদ্যালয়, কলিয়াবৰ মহাবিদ্যালয় আদি।

জৈৱ-প্ৰযুক্তিবিদ্যা বিষয়ৰ বিভিন্ন পাঠ্যক্রমত নামভৰ্তি কৰিব পৰা অসমৰ বাহিৰৰ শিক্ষানুষ্ঠান সমূহ হৈছে– আন্নামালাই বিশ্ববিদ্যালয়, উত্তৰ-পূব পাৰ্বত্য বিশ্ববিদ্যালয়, উত্তৰ-বঙ্গ বিশ্ববিদ্যালয়, এমএচ ইউনিভাৰ্চিটি অৱ বৰ’ডা, এলাহাবাদ বিশ্ববিদ্যালয়, গোৱা বিশ্ববিদ্যালয়, জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়, দেৱী অহল্যা বিশ্ববিদ্যালয়, পণ্ডিচেৰী বিশ্ববিদ্যালয়, বিশ্বভাৰতী বিশ্ববিদ্যালয়, বেনাৰস হিন্দু বিশ্ববিদ্যালয়, মাদুৰাই কামৰাজ বিশ্ববিদ্যালয়, মহীশূৰ বিশ্ববিদ্যালয়, লক্ষ্নৌ বিশ্ববিদ্যালয়, হায়দৰাবাদ বিশ্ববিদ্যালয়, হিমাচল প্ৰদেশ বিশ্ববিদ্যালয় আদি৷

জৈৱ-প্ৰযুক্তিবিদ্যাৰ শিক্ষাগত অৰ্হতা ওপৰত ভিত্তি কৰি বিভিন্ন চৰকাৰী-বেচৰকাৰী খণ্ড, কোম্পানী, গৱেষণা প্রতিষ্ঠানত নিযুক্তি দিয়া হয়৷ মহাবিদ্যালয় আৰু  বিশ্ববিদ্যালয়ত জৈৱ-প্ৰযুক্তিবিদ্যাৰ অধ্যাপক হিচাপে কেৰিয়াৰ আৰম্ভ কৰাৰ সুবিধা আছে।