গুৱাহাটী, ২৪ নৱেম্বৰ, ২০২৪ : ৰাজ্যজুৰি আজি বিভিন্ন কাৰ্যসূচীৰে লাচিত বৰফুকনৰ ৪০২ সংখ্যক জন্মজয়ন্তী উদযাপন কৰা হয়। গুৱাহাটী (Guwahati) মহানগৰীৰো বিভিন্ন স্থানত লাচিত দিৱস উদযাপন কৰা হয়। বীৰ লাচিত সেনাৰ কামৰূপ জিলা সমিতিৰ উদ্যোগত ৪০২ সংখ্যক লাচিত দিৱস গুৱাহাটীৰ গণেশ উদ্যানৰ প্ৰাংগনত উদযাপন কৰা হয়।

এই কাৰ্যসূচীৰ শুভ উদ্বোধন কৰে ৰাজ্যৰ যুক্তিবাদী চিন্তাবিদ, ৰাষ্ট্ৰীয় পৰ্যায়ৰ বিশিষ্ট মানৱাধিকাৰ তথা সমাজকৰ্মী ড০ দিব্যজ্যোতি শইকীয়াই। উদ্বোধনী ভাষণত ড০ দিব্যজ্যোতি শইকীয়াই উপস্থিত ৰাইজ তথা বীৰ লাচিত সেনাৰ সদস্য সকলক উদ্দেশ্যি লাচিত বৰফুকনৰ বিষয়ে উল্লেখ কৰে। দিব্যজ্যোতি শইকীয়াই কয় যে গভীৰ অধ্যয়ন, আত্মকেন্দ্ৰিক ত্যাগ আদিৰ অবিহনে সামাজিক কৰ্মত অগ্ৰসৰ হোৱা কঠিন। বীৰ লাচিত সেনাৰ সদস্য সকলে সকলো দিশতে উগ্ৰ জাতীয়তাবাদ ত্যাগ কৰি সুস্থ জাতীয়তাবাদী চৰিত্ৰ গঠন কৰিব লাগিব বুলিও বিশিষ্ট সমাজকৰ্মী দিব্যজ্যোতি শইকীয়াই উল্লেখ কৰে।

অনুষ্ঠানত সাংবাদিক শোণিত ভূঞাই ভাষণ প্ৰসংগত লাচিত সেনাৰ সদস্য সকলে অসমীয়া জাতিৰ প্ৰতি সদায় সজাগ হৈ থাকিব লাগিব বুলি কয়। অনুষ্ঠানত উপস্থিত থাকি পৰিৱেশবিদ চাও হেমজিত দেওধাই ফুকনে জাতি ৰক্ষাৰ বাবে প্ৰকৃতি সংৰক্ষণৰ ওপৰত বক্তব্য আগবঢ়ায়। উল্লেখ্য যে আজি বীৰ লাচিত সেনাই ড০ দিব্যজ্যোতি শইকীয়াকে প্ৰমুক্ষ কৰি ৰাজ্যৰ কেইবাগৰকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা জনায়।