গুৱাহাটী, ২৪ ছেপ্টেম্বৰ, ২০২৫ : উলুবাৰীস্থিত প্ৰাগ নিউজৰ কাৰ্যালয়ৰ (Prag News Office) সন্মুখত বীৰ লাচিত সেনাৰ উত্তাল প্ৰতিবাদ। বীৰ লাচিত সেনাৰ শতাধিক কৰ্মীয়ে পথ অবৰোধ কৰি প্ৰতিবাদ সাব্যস্ত কৰে। জয় জুবিন দা, সংবাদমেল বন্ধ কৰক, সঞ্জীৱ নাৰায়ণক হায় হায়, সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰ কৰক, জুবিন দাকলৈ ৰাজনীতি নচলিব, জুবিন দাক হত্যা কৰিছে আদি শ্ল’গান দি পৰিৱেশ উত্তাল কৰি তোলে।

এফালে সংবাদমেল পাতি সঞ্জীৱ নাৰায়ণৰ স্পষ্টীকৰণ, আনফালে বীৰ লাচিত সেনাই ঘেৰাও কৰিলে প্ৰাগ নিউজ। সঞ্জীৱ নাৰায়ণৰ সংবাদমেল বন্ধ কৰাৰ দাবীৰে বীৰ লাচিত সেনাই প্ৰাগ নিউজৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰি পৰিৱেশ উত্তাল কৰি তোলে। বীৰ লাচিত সেনাৰ নেতা কৰ্মী সকলে সঞ্জীৱ নাৰায়ণক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়। সঞ্জীৱ নাৰায়ণৰ সংবাদমেল চলি থকাৰ মাজতে সংগঠনটোৰ শতাধিক নেতা-কৰ্মীয়ে ৰাজপথ অবৰোধ কৰে।

আৰক্ষীয়ে প্ৰতিবাদকাৰী সকলক বাধা দিয়াত সংগঠনটোৰ নেতা-কৰ্মীয়ে আৰক্ষীক প্ৰশ্ন কৰে যে সঞ্জীৱ নাৰায়ণ কাৰ সাহসত সংবাদমেল অনুষ্ঠিত কৰিছে। সঞ্জীৱ নাৰায়ণক গ্ৰেপ্তাৰ কৰিবই লাগিব। শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণ সিদ্ধাৰ্থ শৰ্মা, শিখৰ গোস্বামীক গ্ৰেপ্তাৰ নকৰা পৰ্যন্ত সংগঠনটোৱে প্ৰতিবাদ কৰি যাব বুলিও কয়। বীৰ লাচিত সেনাই আজি দিশপুৰ থানাত শ্যামকানু মহন্ত, সঞ্জীৱ নাৰায়ণৰ লগতে কেইবাজনো ব্যক্তিৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে। প্ৰাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰায়ণ আজি গুৱাহাটী প্ৰেছ ক্লাবত সংবাদমেল অনুষ্ঠিত কৰাৰ কথা আছিল যদিও পৰৱৰ্তী সময়ত প্ৰেছ ক্লাবত সংবাদমেল বাতিল কৰি সঞ্জীৱ নাৰায়ণে প্রাগ নিউজত সংবাদমেল অনুষ্ঠিত কৰে।

উল্লেখ্য যে ছিংগাপুৰত অসমৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত প্ৰাগ নিউজৰ চি এম ডি সঞ্জীৱ নাৰায়ণ ছিংগাপুৰত উপস্থিত আছিল। আজি সঞ্জীৱ নাৰায়ণে সংবাদমেল অনুষ্ঠিত কৰি স্পষ্টীকৰণ দি কয় যে ছিংগাপুৰত ১৮ ছেপ্তেম্বৰৰ পাৰ্টিত তেওঁ উপস্থিত নাছিল। জুবিন গাৰ্গৰ সৈতে য়াট পার্টিলৈ সজীৱ নাৰায়ণে যোৱা নাছিল বুলি কয়। জুবিন গাৰ্গৰ মৃত্যু হোৱা খবৰ তেওঁ গুৱাহাটীলৈ প্রথম দিছিল বুলিও সঞ্জীৱ নাৰায়ণে সংবাদমেল কয়।

উল্লেখ্য যে জুবিন গাৰ্গৰ আকস্মিক মৃত্যুৰ লগত কেইবাজনো লোক জড়িত থকাৰ অভিযোগ উৎসাপন হৈছে। অসমৰ বিভিন্ন ঠাইত এই ব্যক্তি সকলৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধেও বঙাইগাঁৱৰ লগতে অন্য ঠাইত এজাহাৰ দাখিল কৰা হৈছে। আজি বীৰ লাচিত সেনাও শ্যামকানু মহন্ত আৰু সঞ্জীৱ নাৰায়ণৰ বিৰুদ্ধে দিশপুৰ থানাত এজাহাৰ দাখিল কৰে। আনহাতে আজি শ্যামকানু মহন্তক নিষিদ্ধ কৰিছে অসম চৰকাৰে। শ্যামকানু মহন্তৰ লগত জড়িত সকলো সংস্থাক অসমৰ ভিতৰত কোনো ধৰণৰ অনুষ্ঠান বা উৎসৱ অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰাৰ কথা সামাজিক মাধ্যমযোগে ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে।