আজিজুল হক

বৰপেটা : বৰপেটাত সংঘটিত হৈছে এক অমানৱীয় ঘটনা। বৰপেটাৰ শিলাত নিধন কৰা হৈছে কেইবাশ চৰাই। খেতিত বিষাক্ত দ্ৰব্য মিহলাই নিধন কৰা হৈছে কেইবাশ চৰাই। ঘৰচিৰিকা, কপৌকে ধৰি বহু চৰাইৰ মৃত্যু। পোহনীয়া বহু হাঁহ, কুকুৰা, পাৰও মৃত্যুৰ মুখত পৰিছে বিষাক্ত দ্ৰব্য খাই।

শিলাত সংঘটিত হোৱা এই জঘন্য আৰু অমানৱীয় কাণ্ডকলৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে প্ৰকৃতি প্ৰেমী ৰাইজে। চৰাই নিধনকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী উত্থাপন কৰিছে প্ৰকৃতি প্ৰেমী সকলৰ লগতে স্থানীয় ৰাইজে। কোনে আৰু কিয় এই চৰাইৰ নিধনযজ্ঞ চলাইছে সেইয়া পোহৰলৈ অহা নাই যদিও স্থানীয় ৰাইজে কৃষিভূমিত খেতি কৰা খেতিয়কজনক সন্দেহ কৰিছে।

খেতিৰ শস্য চৰাই, হাঁহ- কুকুৰাই খোৱা বন্ধ কৰিবলৈ এই নিষ্ঠুৰ কাণ্ড সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে। সোমবাৰে পুৱাৰ ভাগত স্থানীয় একাংশ ৰাইজে খেতি পথাৰত কেইবাশ চৰাইৰ মৃত্যুৰ মুখত পৰা এই মৰ্মান্তিক দৃশ্য প্ৰত্যক্ষ কৰে। উল্লেখযোগ্য যে, যিখিনি কৃষিভূমিত চৰাইৰ নিধনযজ্ঞ চলিছে সেইভূমিৰ চাৰিওফালে বহু কৃষিভূমি আছে। কিন্তু সেই কৃষিভূমিত সমুহত চৰাইৰ মৃত্যু ঘটা পৰিলক্ষিত হোৱা নাই।

বাউসী আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি অংশুমান শৰ্মাই এই ঘটনাক তীব্ৰ গৰিহণা দি জিলা প্ৰশাসনক উচিত তদন্ত কৰি ঘটনাৰ লগত জড়িত ব্যক্তিক কৰায়ত্ব কৰাৰ দাবী তুলিছে।
পৃথিৱীৰ পৰা ক্ৰমাৎ বিলুপ্তিৰ পথত অগ্ৰসৰ হোৱা ঘৰচিৰিকা আৰু কপৌ চৰাইৰ নিধনযজ্ঞই প্ৰকৃতিৰ লগতে মানৱ জাতিৰ প্ৰতি ক্ষতিকাৰক। উল্লেখ্য যে কিছুদিন পূৰ্বে ওদালগুৰি জিলাৰ টাংলত বগলীয়ে আশ্ৰয় লোক বাঁহ গছ কাটি কেইবাশ বগলীৰ নিধনযজ্ঞ চলোৱা হৈছিল।