গুৱাহাটী, ১৩ অক্টোবৰঃ পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত অসমৰ নাম উজলাবলৈ সক্ষম হৈছে অসম সন্তান নিয়ৰ শইকীয়াই৷ কানাডাৰ মণিট্ৰয়েলত অনুষ্ঠিত বিশ্ব চলচিত্ৰ মহোৎসৱত শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে গুৱাহাটীৰ  কন্যা নিয়ৰ শইকীয়াই৷ নিয়ৰে মুখ্য চৰিত্ৰত অভিনয় কৰা ছ’ল্ড নামৰ ছবিখনে মহোৎসৱত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰে৷ মহোৎসৱৰ কৰ্তৃপক্ষৰ হৈ ডেলিগেট জেনেৰেল ছোব্ৰিছনে ছ’ল্ড ছবিখনৰ প্ৰযোজক পৰিচালকৰ লগতে নিয়ৰ শইকীয়ালৈ এই সুখবৰৰ লগতে মানপত্ৰ প্ৰেৰণ কৰে৷ উল্লেখ্য যে, ছ’ল্ড ছবিখনৰ মুখ্য চৰিত্ৰত অভিনয়ৰ কাৰণে বিশ্বৰ বিভিন্ন প্ৰান্তৰ সাতশৰো অধিক অভিনেত্ৰীৰ মাজত ফাইনেল অডিচন অনুষ্ঠিত হৈছিল৷ অৱশেষত ছ’ল্ডৰ প্ৰযোজক পৰিচালকে নিয়ৰক কেন্দ্ৰীয় চৰিত্ৰ কাৰণে নিৰ্বাচিত কৰে৷