গুৱাহাটী, ২১ জানুৱাৰী, ২০২৫ : মাহজোৰা কাৰ্যসূচীৰে অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলৰ ঝাৰখণ্ডত (Jharkhand) প্ৰশিক্ষণ শিবিৰ। অসমৰ দৃষ্টিহীন মহিলাৰ ক্ৰিকেট দলটোৱে কেৰালাত ৰাষ্ট্ৰীয় টুৰ্ণামেণ্টত অংশগ্ৰহণ কৰিব। অসম দৃষ্টিহীন মহিলা ক্ৰিকেট দলটোৱে যোৱা ২৬ ডিচেম্বৰৰ পৰা মাহজোৰা কাৰ্যসূচীৰে প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰাৰ লগতে কেৰালাৰ কোচিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক ক্ৰিকেট প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে।
বেচৰকাৰী সংস্থা কেয়াৰ ইউ ৩৬৫ ৰ উদ্যোগত দলটোৱে প্ৰথমে গুৱাহাটীৰ মাছখোৱাত থকা ঈদগাহ ফিল্ডত সুৰজমল জোহৰমল চাংগানেৰীয়া ধৰমশালা ট্ৰাষ্টৰ সহযোগত ক্ৰিকেট প্ৰশিক্ষণ শিবিৰত অংশগ্ৰহণ কৰে। গুৱাহাটীত প্ৰশিক্ষণ সম্পূৰ্ণ কৰি তেওঁলোক প্ৰশিক্ষক হোমেন বুঢ়াগোহাঁই আৰু টিম মেনেজাৰ প্ৰাঞ্জল কটকীৰ সৈতে উচ্চ প্ৰশিক্ষণৰ বাবে ৩ জানুৱাৰীত ঝাৰখণ্ডৰ টাটানগৰলৈ ৰাওনা হয়। তাৰ পৰা ১০ জানুৱাৰীত তেওঁলোকে ৰাষ্ট্ৰীয় দৃষ্টিহীন মহিলা ক্ৰিকেট টুৰ্ণামেণ্টৰ পঞ্চম সংস্কৰণত ভাগ লোৱাৰ বাবে কেৰালাৰ কোচি অভিমুখে ৰাওনা হয়।
এই সমগ্ৰ যাত্ৰাত দলটোক কেইবাটাও বেচৰকাৰী সংস্থাই সহায়ৰ হাত আগবঢ়ায়। কুদৰত আৰু হাৰ্ট মেজিক গ্ৰুপে দলটোক বিশেষভাৱে সহায় কৰে। বি-ৱান শাখাৰ পিংকী কৰ্মকাৰক অধিনায়ক আৰু বি-থ্ৰী শাখাৰ উপমা মাহাতোক উপ-অধিনায়ক হিচাপে লৈ গঠিত অসম দলটোত বি-ৱান শাখাত আছে সুভামাৰী তিৰ্কি, উম্মী চালমা, ৰুবিনা দেৱী, ৰেজিনা বেগম আৰু কিৰণবালা দেৱী। বি-টু শাখাত আছে চেলিনা চাদাপ, প্ৰেৰণা বৰুৱা, ৰছিদা খাতুন আৰু স্বপ্নালী গগৈ। বি-থ্ৰী শাখাত আছে কল্পনা নায়ক, অঞ্জু কুজুৰ আৰু পূৰ্ণিমা মাহাতো।
প্ৰতিযোগিতাৰ প্ৰথম দিনা অৰ্থাৎ ১৩ জানুৱাৰীত কোচিৰ ত্ৰিপুনিথুৰা পেলেচ অভেলত অনুষ্ঠিত খেলত অসম পশ্চিম বংগৰ মুখামুখি হয়। ১৪ জানুৱাৰীত ছেইণ্ট পল কলেজত অনুষ্ঠিত খেলত মধ্য প্ৰদেশ আৰু ১৫ জানুৱাৰীত ত্ৰিপুনিথুৰা পেলেচ অভেলত অনুষ্ঠিত খেলত অসম উৰিষ্যাৰ বিৰুদ্ধে অৱতীৰ্ণ হয়। কেয়াৰ ইউ ৩৬৫ ৰ প্ৰকল্প প্ৰবন্ধক সুশীল পৌৰেলৰ তত্বাৱধানত কোচিত অসম দলটোৱে অতি সুচাৰুৰূপে খেলসমূহত অংশগ্ৰহণ কৰে।
খেলৰ শেষত দলটোক ফৰ্ট কোচি সাগৰ তীৰলৈয়ো লৈ যোৱা হয়। সাগৰ প্ৰথমবাৰৰ বাবে অনুভৱ কৰি দৃষ্টিহীন খেলুৱৈসকল আনন্দত আত্মহাৰা হৈ পৰে। অসম দলৰ এই মাহজোৰা প্ৰশিক্ষণ আৰু ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণে স্বাভাৱিকতেই দলটোৰ খেলুৱৈসকলক এখন মঞ্চ প্ৰদান কৰাৰ লগতে আত্মবিশ্বাস আৰু দক্ষতা বৃদ্ধি কৰিব বুলি আশা কৰিব পাৰি। উল্লেখ্য যে কেয়াৰ ইউ ৩৬৫ এ দীৰ্ঘদিন ধৰি অসমত দৃষ্টিহীন ক্ৰিকেটৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে কাম কৰি আহিছে।