নিউজ ডেস্ক, সংবাদ ৩৬৫, ১৪ জুন : আজি “বিশ্ব ৰক্তদাতা দিৱস”। কোৱা হয় যে ৰক্ত দান মহান দান । এই কথাষাৰৰ লগত সকলোৱেই পৰিচিত।

তেজৰ এ বি অ গ্ৰুপৰ আৱিষ্কাৰক ন’বেল বঁটা বিজয়ী বিজ্ঞানী কাৰ্ল লেণ্ডস্টেইনাৰৰ জন্ম দিনৰ সৈতে সংগতি ৰাখি এই দিনটোতে বিশ্ব স্বাস্থ্য সংস্থাই বিশ্ব ৰক্তদাতা দিৱস হিচাপে ঘোষণা কৰে।

স্বেচ্ছামূলক ৰক্তদানক উৎসাহিত কৰা আৰু ৰক্তদাতা সকলৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰাই হৈছে এই দিৱসৰ প্ৰধান উদ্দেশ্য। ১৮ৰ পৰা ৬৫বছৰৰ ৪৫কিঃগ্ৰাঃ ওজনৰ ওপৰৰ সকলো সুস্থ ব্যক্তিয়ে ৰক্তদান কৰিব পাৰে। ৰক্তদানেৰে আন এজনক জীৱনদান দিয়াৰ লগতে নিজকো সুস্থ, সবল আৰু মানসিক সুখৰ অধিকাৰী কৰি তোলে।