গুৱাহাটী, ৩০ ছেপ্টেম্বৰ, ২০২৪ : অসমৰ ছয় গৰাকী বক্সাৰে গুৱাহাটীত অনুষ্ঠিত আৰ ই চি ৰাষ্ট্ৰীয় মুকলি প্ৰতিভা সন্ধানী বক্সিং প্ৰতিযোগিতাৰ জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত সোণ লাভ কৰিবলৈ সক্ষম হৈছে৷ বক্সিং ফেডাৰেছন অব ইণ্ডিয়াৰ (BFI) সহযোগিতাত অসম এমেচাৰ বক্সিং সন্থাই আয়োজন কৰা প্ৰতিযোগিতাখনৰ সোমবাৰে সফল সামৰণি পৰে৷ গুৱাহাটীৰ পল্টন বজাৰস্থিত ছাই কেন্দ্ৰৰ ইনড’ৰ ষ্টেডিয়ামত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ ফাইনেল মেচসমুহ আজি অনুষ্ঠিত হয়৷

জুনিয়ৰ ল’ৰাৰ ৭০ কিলোগ্ৰাম শাখাৰ ফাইনেলত অসমৰ সুন্দিপ বসুমতাৰীয়ে ৰাজ্যৰে অৰ্ণৱ বৰুৱাক পৰাস্ত কৰি সোণ লাভ কৰে৷ ইফালে, জুনিয়ৰ ছোৱালী শাখাত অসমৰ হেমা নাৰ্জাৰী ৬০ কিলোগ্ৰাম আৰু লনিলিজা মিলি ৭০ কিলোগ্ৰামৰ ফাইনেল খেলিছিল যদিও পৰাস্ত হৈ ৰূপ অৰ্জন কৰে৷ কিন্তু ছাব-জুনিয়ৰ শাখাত অসমৰ ছোৱালীয়ে চাৰিটা সোণ লাভ কৰিবলৈ সক্ষম হয়৷ ৩৩ কিলোগ্ৰামৰ ফাইনেলত ৰিডিকা ভান্দ্ৰীয়ে ৰাজ্যৰে প্ৰনামিকা দাসক পৰাস্ত কৰাৰ বিপৰীতে স্পদ্ধা দিক্ষিতা পৰাশৰে ৩৫ কিলোগ্ৰাম শাখাৰ সোণ লাভ কৰে৷

আনহাতে, কংকনাই ৫২ কিলোগ্ৰাম আৰু নেহাই ৫৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত জয়লাভ কৰি সোণ লাভ কৰিবলৈ সক্ষম হয়৷ শ্বিনি হাজৰিকাই ৪৩ কিলোগ্ৰাম, তৃষা পেগুই ৫৫ কিলোগ্ৰাম আৰু সংগিতা সোণোৱালে ৫৮ কিলোগ্ৰাম শাখাৰ ফাইনেলত খেলিছিল যদিও পৰাস্ত হৈ ৰূপ লাভ কৰে৷ ইফালে, ছাব-জুনিয়ৰৰ ল’ৰাৰ শাখাত ৩৩ কিলোগ্ৰামত অংশ লোৱা অভিজ্ঞান বৰাই স্বৰ্ণ পদক অৰ্জন কৰাৰ বিপৰীতে অভিয়ান বড়োই ৩৩ কিলোগ্ৰামৰ ফাইনেলত পৰাস্ত হৈ ৰূপ লাভ কৰে৷

আনহাতে, জুনিয়ৰৰ ল’ৰা-ছোৱালী উভয় শাখাৰ ছেমিফাইনেলত পৰাস্ত হৈ ব্ৰঞ্জ লাভ কৰা অসমৰ বক্সাৰসকল হৈছে ক্ৰমে দ্বিপাংকৰ দাস, ৰাংদ্ধা পাটগিৰি, সুনেনা আখতাৰ, সুমন দেৱী, কুম কুম বৰা, কস্তুৰি পাটৰ, কুকি আৰু প্ৰতিষ্ঠা৷ উল্লেখ্য যে প্ৰতিযোগিতাখনত জুনিয়ৰ আৰু ছাব-জুনিয়ৰ শাখাত অসমে মুঠ ৩৮ টা পদক লাভ কৰিবলৈ সক্ষম হৈছে৷ ইয়াৰে ছটা সোণ, আঠটা ৰূপ আৰু ২৪ টা ব্ৰঞ্জ৷

ইয়াৰপূৰ্বে হোৱা এলিট আৰু যুৱ শাখাত অসমে মুঠ ১৬ টা পদক লাভ কৰিছিল৷ ইয়াৰে দুটা সোণ, ছটা ৰূপ আৰু আঠটা ব্ৰঞ্জৰ পদক৷ আজি বঁটা প্ৰদান অনুষ্ঠানত উপস্থিত থাকে বি এফ আইৰ সচিব প্ৰধান তথা অসম এমেচাৰ বক্সিং সন্থাৰ সম্পাদক হেমন্ত কুমাৰ কলিতা, অসম অলিম্পিক সন্থাৰ উপসভাপতি সুবোধ মল্ল বৰুৱা, জেষ্ঠ ক্ৰীড়া সংগঠক বিষ্ণুৰাম নুনিছা, কল্যান গগৈ আদি৷