গুৱাহাটী, ১৪ ডিচেম্বৰ, ২০২৩ : গুৱাহাটীৰ জ্যোতি চিত্ৰবনত (Jyoti Chitraban) ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ অতি প্ৰত্যাশিত ৮ ম সংস্কৰণৰ শুভাৰম্ভ হয়। মহোৎসৱৰ উদ্বোধনী অনুষ্ঠানত চলচ্চিত্ৰ জগতৰ বহুকেইগৰাকী সন্মানীয় ব্যক্তি, চলচ্চিত্ৰপ্ৰেমী আৰু অনুৰাগীসকল উপস্থিত থাকে। অহা ১৭ ডিচেম্বৰলৈকে চলিবলগীয়া এই তিনিদিনীয়া মহোৎসৱটোৱে বিভিন্ন ধৰণৰ ফিচাৰ ফিল্ম, তথ্যচিত্ৰ আৰু চুটি চলচ্চিত্ৰৰ দ্বাৰা সমূহ দৰ্শকক আকৰ্ষিত কৰিব বুলি মহোৎসৱৰ প্ৰতিষ্ঠাপিকা আৰু পৰিচালিকা তনুশ্ৰী হাজৰিকাই কয়। 

লীনা যাদৱ, ৰনি লাহিড়ী, অমৃত প্ৰীতম, বোধিসত্ত্ব শৰ্মা, আইমী বৰুৱা আৰু ৰিতিশা খাউণ্ডকে ধৰি চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট ব্যক্তিসকলে উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকি এক আনন্দদায়ক চলচ্চিত্ৰময় পৰিৱেশ সৃষ্টি কৰে। উদ্বোধনী অনুষ্ঠানৰ পিছত পৰিচালক প্ৰণৱ ডেকাৰ উদ্বোধনী চলচ্চিত্ৰ ‘কুকি’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ অনুষ্ঠিত হয়। হিন্দী ভাষাৰ এই ফিচাৰ ফিল্মখন এক অপ্ৰত্যাশিত বিষাদ-যন্ত্ৰনাৰ মাজেৰে যাত্ৰা কৰিবলগীয়া হোৱা এগৰাকী ১৬ বছৰীয়া কিশোৰীৰ ওপৰত ভিত্তি কৰি নিৰ্মাণ কৰা হৈছে। চলচ্চিত্ৰখনত ৰিতিশা খাউণ্ড, ৰাজেশ টেইলাং, দীপান্বিতা শৰ্মা, অটৱাল, ৰিতু শিৱপুৰী, দেৱলীনা ভট্টাচাৰ্য্য, বোধিসত্ত্ব শৰ্মা, কমল লোচন, বিভূতি ভূষণ হাজৰিকা, প্ৰীতি কংগনা, ৰঞ্জীৱ লাল বৰাৰ দৰে তাৰকা অভিনেতাসকলে অভিনয় কৰিছে।

মহোৎসৱৰ তিনিটা দিনত মুঠ ১৩ খন ফিচাৰ ফিল্ম, ৩ খন তথ্যচিত্ৰ আৰু ১২ খন চুটি ছবি প্ৰদৰ্শন কৰা হ’ব। লগতে সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চল আৰু আন ঠাইৰ পৰা অহা চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবে কেইবালানিও আলোচনাচক্ৰৰ আয়োজন কৰা হ’ব। “এই বছৰৰ বিভিএফএফ কেৱল বৃহত্তৰেই নহয়, ইয়াত লাডাখৰ পৰা গোৱা আৰু কৰ্ণাটকলৈকে বিস্তৃত বিভিন্ন কাহিনী আৰু কণ্ঠ সামৰি লোৱা হৈছে। ভৌগোলিক পৰিধিৰেখা পাৰ কৰি ইয়াত সন্নিৱিষ্ট হৈ পৰিছে নাৰী, থলুৱা সম্প্ৰদায় আৰু উত্তৰ-পূব ভাৰতৰ অশ্ৰুতপূৰ্ব অলেখ কাহিনীৰ মেটমৰা ভাণ্ডাৰ। বিভিএফএফ কেৱল চলচ্চিত্ৰ মহোৎসৱ নহয়; এয়া হৈছে কৰ্মশালা, মাষ্টাৰক্লাছ আৰু আলোচনাৰ জৰিয়তে এক জীৱন্ত সম্প্ৰদায় সৃষ্টি কৰা, পৰৱৰ্তী প্ৰজন্মৰ চলচ্চিত্ৰ প্ৰতিভাক উৎসাহিত কৰাৰ এক গভীৰ অন্বেষণ,” প্ৰতিষ্ঠাপিকা আৰু মহোৎসৱৰ সঞ্চালিকা তনুশ্ৰী হাজৰিকাই কয়।

“মহোৎসৱবোৰ হৈছে সময়ৰ সৈতে সম্পৰ্কিত কণ্ঠস্বৰৰ প্ৰৱেশদ্বাৰ আৰু আৱিষ্কাৰক। ব্ৰহ্মপুত্ৰ উপত্যকা চলচ্চিত্ৰ মহোৎসৱৰ দৰে চলচ্চিত্ৰ মহোৎসৱৰ বাবেই নতুন আৰু প্ৰাসংগিক কাহিনী তথা চলচ্চিত্ৰ নিৰ্মাতাসকল উত্থিত হয়, নিয়ম ভংগ কৰি চিনেমাৰ শক্তিক পুনৰ সংজ্ঞায়িত কৰে। আমি বাস কৰা সময়ছোৱাত বিভিএফএফৰ দৰে চলচ্চিত্ৰ মহোৎসৱ পূৰ্বতকৈয়ো অধিক গুৰুত্বপূৰ্ণ আৰু প্ৰাসংগিক,” চলচ্চিত্ৰ নিৰ্মাতা, প্ৰযোজক লীনা যাদৱে কয়। মহোৎসৱৰ এই পৃথিৱীখন হৈছে তেওঁলোকৰ বাবে যিয়ে নিজস্ব সীমা অতিক্ৰম কৰি বিষয়বস্তু বাছনি কৰে আৰু কাহিনী ক’বলৈ আগবাঢ়ি আহে; লগতে তেওঁলোকক আলিঙ্গন কৰা দৰ্শক আৰু স্বতন্ত্ৰ চলচ্চিত্ৰৰ জুই জ্বলাবলৈ কুষ্ঠাবোধ নকৰা সত্ত্বাসমূহৰ বাবেই জন্ম হৈছে বিভিএফএফৰ দৰে মহোৎসৱৰ। বিভিএফএফ হৈছে বিভিন্ন সংস্কৃতিৰ এক ৰঙীন সংমিশ্ৰণ আৰু বিভিন্ন ভাষাৰ সমবেত সংগীত। ই সদায় উত্তৰ-পূৰ্বাঞ্চলৰ চলচ্চিত্ৰ নিৰ্মাতাসকলৰ অভিব্যক্তি বিচাৰি উলিওৱাৰ পথ আলোকিত কৰি আহিছে যাতে এক দীঘলীয়া সময়ৰ বাবে গল্পকাৰ আৰু সমূহ স্বপ্নদ্ৰষ্টাই একেলগে এই পথত খোজ কাঢ়িব পাৰে,” চলচ্চিত্ৰ প্ৰযোজক ৰনি লাহিড়ীয়ে কয়।

দ্বিতীয় দিনটোত কেনি বসুমতাৰীৰ অসমীয়া ফিচাৰ ফিল্ম ‘জিয়া’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ আৰু পৰিচালক নিয়াগো ইটেৰ ন্যিছি ফিচাৰ ফিল্ম ‘চাংগি-গাই’ৰ ৱৰ্ল্ড প্ৰিমিয়াৰ আয়োজন কৰা হৈছে। লগতে, পৰিচালক অৰবিন্দ প্ৰতাপৰ ‘মৰিয়ম’ আৰু পৰিচালক মিৰানশা নায়েকৰ মাৰাঠী ফিচাৰ ছবি ‘বাত’ ফিচাৰ ফিল্ম শাখাৰ মুখ্য আকৰ্ষণ হ’ব। মহোৎসৱৰ দ্বিতীয় দিনা চলচ্চিত্ৰ প্ৰযোজক ৰনি লাহিড়ীৰ সৈতে আলোচনাচক্ৰৰ আয়োজন কৰা হ’ব। চুটি চলচ্চিত্ৰপ্ৰেমীসকলৰ বাবেও এয়া এক উৎসাহপূৰ্ণ দিন হ’ব, কিয়নো মহোৎসৱটোৱে দৰ্শকৰ বাবে একাধিক চুটিছবি প্ৰদৰ্শন কৰিব। বিনামূলীয়া প্ৰৱেশৰ সুবিধা প্ৰদান কৰি মহোৎসৱটিয়ে চলচ্চিত্ৰৰ এই আনন্দ উদযাপনত অংশগ্ৰহণ কৰিবলৈ উত্তৰ-পূৰ্বাঞ্চল আৰু আন ঠাইৰ সমূহ চলচ্চিত্ৰপ্ৰেমীক স্বাগতম জনাইছে।