গুৱাহাটী, সংবাদ ৩৬৫, ২৭ ফেব্ৰুৱাৰী : অসমীয়া বোলছবি“কাঞ্চনজংঘা”ৰ মুক্তিৰ পাছত দৰ্শকৰ ব্যাপক সঁহাৰি লাভ কৰাৰ পাছতে শেহতীয়াকৈ মুক্তি লাভ কৰা ৰীমা দাসৰ বুলবুল কেন সিঙেও দৰ্শকৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে।

আন্তৰ্জাতিক খ্যাতি সম্পন্ন পৰিচালক ৰীমা দাসৰ তৃতীয়খন চলচ্চিত্ৰ বুলবুল কেন সিং প্ৰথম অৱস্থাত অসমৰ ২৯ টা চিত্রগৃহত মুক্তি দিয়া হৈছিল যদিও পাছত ৩২ টা চিত্ৰগৃহত মুক্তি দিয়া হয়।

উল্লেখযোগ্য যে ২০১৮ চনৰ টৰেণ্ট’ আন্তৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত এই বুল বুল কেন ছিঙে মুক্তি লাভ কৰিছিল। ছবিখনে কেইবাখনো ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত প্ৰদৰ্শিত হওঁতে কেইবাটাও বঁটা লাভ কৰিবলৈ সক্ষম হৈছে।

শুকুৰবাৰ অৰ্থাৎ আজি বুলবুল কেন সিঙে মুক্তি লাভ কৰিবলগীয়া দেশৰ বিভিন্ন ছবিগৃহসমূহ হৈছে পিভিআৰ ফিনিক্স মাৰ্কেটচিটী মল-বেংগালুৰু, পিভিআৰ ভেগা মল-বেংগালুৰু, পিভিআৰ চিলেক্ট চিটী-দিল্লী, পিভিআৰ আইকন হাইটেক মাধপুৰ-হায়দৰাবাদ, পিভিআৰ লজিক নইডা-দিল্লী, পিভিআৰ মাৰ্কেট চিটী কূৰ্লা-মুম্বাই, পিভিআৰ আইকন মল-পুনে, পিভিআৰ গ্ৰেণ্ড মল-ভেলাচেৰী চেন্নাই।